Logo
image

আহাৰ খোৱাৰ পাছত খোজ কঢ়াটো কিমান জৰুৰী

খোৱাৰ পাছত খোজ কাঢ়িলে সহজে খাদ্য হজম হয়৷ সেয়ে বহুতে ৰাতিৰ খাদ্য খোৱাৰ পাছত কিছু সময় খোজ কাঢ়ে৷ কিন্তু সকলোৰে বাবে এই অভ্যাস উপকাৰী নে? বিশেষকৈ যিসকলৰ হৃদৰোগৰ সমস্যা আছে, তেওঁলোকে খোৱাৰ পাছত খোজ কঢ়াটো উচিত নে? বিশিষ্ট চিকিৎসক বিশাখা শিৱদাসানিৰ মতে হৃদৰোগৰ সমস্যা থকাসকলক সাধাৰণতে খোৱাৰ পাছত খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়া নহয়৷ বৰঞ্চ তেনে লোকক খোৱাৰ পূৰ্বেহে কিছু সময় খোজ কাঢ়িবলৈ কোৱা হয়৷
খাদ্য খোৱাৰ পাছত খোজ কাঢ়িলে বিভিন্ন উপকাৰ পোৱা যায়৷ বিশেষকৈ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ হয়৷ তদুপৰি উদ্বেগ আৰু অনিদ্ৰাজনিত সমস্যা থাকিলে খোৱাৰ পাছত খোজ কাঢ়িলে এই সমস্যা নিয়ন্ত্ৰণ হয়৷ কিন্তু সকলোৰে শাৰীৰিক পৰিস্থিতি যিহেতু একে নহয়, সেয়ে কোনে কিমান সময় খোজ কাঢ়িব বা কিমান বেগত খোজ কাঢ়িলে উপকাৰ পাব সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ বিশেষকৈ যিসকলৰ হৃদৰোগৰ সমস্যা আছে, তেওঁলোকে খোৱাৰ পাছত খোজ কঢ়াৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷

খোৱাৰ পাছত খোজ কাঢ়িলে কি উপকাৰ হয় –
(১) পছন্দৰ খাদ্য বেছিকৈ খালে কিছু সময় খোজ কাঢ়ক৷ ইয়াৰ ফলত গেছ বা পেট ফুলাৰ সমস্যা দূৰ হয়৷ কিন্তু খাই উঠিয়েই খোজ কাঢ়িবলৈ যোৱাটো ভুল৷ খোৱাৰ পিছত অলপ সময় বহক৷ ইয়াৰ কিছু সময় পাছতহে লাহে লাহে খোজ কাঢ়ক৷
(২) খোৱাৰ পাছত বহুতৰে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়৷ এনে সমস্যা থকা সকলে খাই উঠি কিছু সময় খোজ কাঢ়িলে উপকাৰ পাব৷
(৩) যিসকলৰ হৃদস্পন্দন অনিয়মীয়া, তেওঁলোকে খাই উঠি খোজ কাঢ়িবলৈ গ’লে হিতে বিপৰীত হোৱাৰ আশংকা থাকে৷ এনে সমস্যা থকাসকলে খোৱাৰ পাছত খোজ কঢ়াতকৈ কিছু সময় বিশ্ৰাম ল’ব লাগে৷