Logo
image

আপোনাৰ আইফোনত কাণ পাতিছে কোনে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ এপ্ৰিলঃ ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেশৰ বিৰোধী দলৰ নেতা, চৰকাৰ বিৰোধী সাংবাদিক, চৰকাৰৰ কাম-কাজৰ সমালোচনা কৰা সমাজকৰ্মী ইত্যাদিৰ ম’বাইল ফোনত পেগাছাছ নামৰ ইজৰাইলী চোৰাংচোৱা ব্যৱস্থা বা স্পাইৱেৰ ব্যৱহাৰ কৰি ফোন ৰেকৰ্ডিং আৰু ফোনৰ বাৰ্তালাপ কোনোবাই কাণপাতি শুনিছিল৷ প্ৰায় দুবছৰৰ পাছত ২০২১ চনত সেই ভয়ংকৰ চোৰাংচোৱাগিৰিৰ ঘটনা উন্মোচিত হৈছিল৷ এতিয়া ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ভৰপক সময়ত ভাৰতত আইফোন গ্ৰাহকৰ ফোনৰ বাৰ্তালাপ পুনৰ ৰেকৰ্ডিং কৰা হৈছে এবিধ ভাৰাতীয়া স্পাইৱেৰৰ দ্বাৰা৷ আইফোনৰ প্ৰস্তুতকৰ্তা এপ’লে তেওঁলোকৰ ভাৰতীয় গ্ৰাহকক পেগাছাছৰ দৰে স্পাইৱেৰৰ দ্বাৰা ৰাষ্ট্ৰ সমৰ্থিত সংস্থাই চোৰাংচোৱাগিৰি কৰাৰ খবৰ দিছে৷ দেশৰ বহু সংখ্যক হাই প্ৰফাইল আইফোনৰ গ্ৰাহকক এপ’লে সতৰ্কবাৰ্তাৰ জৰিয়তে তেওঁলোকৰ ফোনত স্পাইৱেৰৰ দ্বাৰা চোৰাংচোৱাগিৰি কৰা হ’ব পাৰে বা হৈছে বুলি জনাই দিছে৷ ইজৰাইলী সংস্থা এন এছওৰ দ্বাৰা তৈয়াৰী পেগাছাছৰ দৰে ভাৰাতীয় স্পাইৱেৰৰ জৰিয়তে এইবাৰ আইফোনৰ ব্যৱহাৰকাৰীৰ ওপৰত নজৰদাৰি ৰখা হৈছে৷ উল্লেখ্য, যোৱা অক্টোবৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰ, তৃণমূল সাংসদ মহুৱা মৈত্ৰ, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদবসহ বিৰোধী দলৰ বহু নেতা-নেত্ৰী আৰু কেইজনমান বিখ্যাত সাংবাদিকক এপ’লে তেওঁলোকৰ আইফোনলৈ সতৰ্কবাণী প্ৰেৰণ কৰি জনাইছিল–‘আপোনাৰ ফোনটো ৰাষ্ট্ৰৰ নিয়ন্ত্ৰিত হেকিঙৰ লক্ষ্য হৈছে৷’ লগে লগে এই বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

ইয়াৰ পূৰ্বে ২০২১ চনত এক সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনত ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ সহায়ত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগে-পিছে ৰাহুল গান্ধী, অভিষেক বেনাৰ্জী, দেশৰ বহু বিৰোধী নেতা, কেইজনমান আগশাৰীৰ সাংবাদিক, কেইজনমান ন্যায়াধীশৰ ম’বাইল ফোনত চোৰাংচোৱাগিৰি কৰা বুলি বাতৰি প্ৰকাশ হোৱাত দেশত আতংকৰ সৃষ্টি হৈছিল৷ সেই কাম মোদী চৰকাৰে কৰোৱা বুলি অভিযোগ উঠিলেও চৰকাৰে হয় বা নহয় কোনো উত্তৰ দিয়া নাছিল৷ সেই সময়তে পেগাছাছৰ প্ৰস্তুতকৰ্তা এন এছ ওৱে পেগাছাছ নামৰ স্পাইৱেৰ তেওঁলোকে কোনো ৰাষ্ট্ৰৰ চৰকাৰৰ বাহিৰে আন কোনো বেচৰকাৰী সংগঠন বা সংস্থাক বিক্ৰী নকৰে বুলি জনোৱাত মোদী চৰকাৰৰ প্ৰতি সন্দেহ গাঢ়তৰ হৈছিল৷ উচ্ছতম ন্যায়ালয়ে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ কমিটী গঠন কৰিলেও সেই কমিটীয়ে সৰ্বোচ্ছ আদালতত স্পষ্ট ভাষাৰে জনাইছিল যে, মোদী চৰকাৰে তদন্তত কোনো প্ৰকাৰে সহযোগিতা নকৰিলে৷
ইয়াৰ বিপৰীতে মোদী চৰকাৰে যোৱা অক্টোবৰত এপ’লৰ সতৰ্কবাণীৰ পাছত ভাৰতত থকা এপ’লৰ মুৰব্বীক তলব কৰি তেওঁক সতৰ্কবাৰ্তাৰ বাবে জবাবদিহি কৰে৷ তদুপৰি সতৰ্কবাণীত থকা ৰাষ্ট্ৰৰ সমৰ্থনপুষ্ট বা পৃষ্ঠপোষকতা শব্দটো প্ৰত্যাহাৰৰ বাবে বলপ্ৰয়োগ কৰে৷ তেওঁ কয় যে সতৰ্কবাৰ্তা প্ৰেৰণ কৰাটো আইফোনৰ নিৰাপত্তা ব্যৱস্থাৰ অংগ৷ গ্ৰাহকক এই সেৱা প্ৰদান কৰা আমেৰিকাৰ ছিলিকন ভেলীৰ কোম্পানীটোৱে ব্যৱসায়িক নীতি আঞ্চলিক স্তৰৰ বিষয়ববীয়াৰ বাবে সলনি কৰা সম্ভৱ নহয় বুলি তেওঁ ব্যাখ্যা দিয়ে৷ ইয়াৰ পাছত মোদী চৰকাৰে এপ’লৰ মুখ্য কাৰ্যালয়ৰ এজন শীৰ্ষ বিষয়াক ভাৰতলৈ তলব কৰি আনে৷ পৰৱৰ্তী সময়ত এই বিষয়াজনে এখন মাৰ্কিন সংবাদপত্ৰক জনায় যে, তেওঁক চৰকাৰী বিষয়াই উচ্ছকণ্ঠে না না ভয় ভীতি প্ৰদৰ্শন কৰে আৰু এনে ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সতৰ্কবাণী দিয়া নচলিব বুলি নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছতো পুনৰ এপ’লে এইবাৰ গ্ৰাহকক সতৰ্কবাণী দিয়াত মোদী চৰকাৰে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব৷ এইবাৰ এপ’লে জনোৱা মতে এই স্পাইৱেৰ ভাৰাত লৈ ব্যৱহাৰ কৰা হৈছে আৰু আইফোনৰ গ্ৰাহকক লক্ষ্য কৰি লোৱা হৈছে৷ উল্লেখ্য, দেশৰ ৰাজনীতিবিদ, আগশাৰীৰ সাংবাদিক অৰ্থাৎ অসংখ্য হাই প্ৰফাইল ব্যক্তি আইফোনৰ গ্ৰাহক৷ সেয়ে নিৰ্বাচনৰ সময়ত তেনে লোকৰ আইফোনত মোদী চৰকাৰে কাণ পতাৰ সম্ভাৱনা কোনেও নুই কৰিব পৰা নাই৷ এপ’লে তেওঁলোকৰ পেজত আইফোনৰ গ্ৰাহকে কি কৰিব, কি নকৰিব সেই সন্দৰ্ভত নিৰ্দেশাৱলী দিছে আৰু ভাৰাতীয়া স্পাইৱেৰ অতি শক্তিশালী বুলিও সতৰ্ক কৰি দিছে৷