Logo
image

গাঁৱেই আশা কৃষি ভৰষা

লকডাউনত কাম-কাজ হেৰুৱাই ঘৰলৈ উভতি যোৱা অধিকাংশই বিকল্প বিচাৰি নাপাই খেতিত ধৰাত আৰু এই বাৰিষাত  মৌচুমী জলবায়ুয়ে প্ৰয়োজনীয় পানী যোগান ধৰাত দেশৰ খেতি-বাতি ভাল হৈছে৷ 


লকডাউনত সমগ্ৰ দেশৰ অৰ্থনৈতিক কাম-কাজ, চাকৰি, ব্যৱসায় বন্ধ হৈ পৰাৰ সময়ত এতিয়া ভাৰতৰ অৰ্থনীতি ওপৰলৈ উঠাৰ বাবে গাঁৱেই আশা, কৃষিয়েই ভৰষা৷ লকডাউনত কাম-কাজ হেৰুৱাই ঘৰলৈ উভতি যোৱা অধিকাংশ লোকে বিকল্প বিচাৰি নাপাই খেতিত ধৰাত আৰু এই বাৰিষাত  মৌচুমী জলবায়ুয়ে প্ৰয়োজনীয় পানী যোগান ধৰাত দেশৰ খেতি-বাতি ভাল হৈছে৷ এই মুহূৰ্তত দেশৰ অৰ্থনীতিৰ ভেটি হয়তো কেৱল কৃষিয়েহে ভাগি নোযোৱাকৈ ধৰি ৰাখিব পাৰিব৷

শেহতীয়াকৈ কৰ্মসংস্থাপনহীন হৈ পৰাৰ ফলত  দেশত বেকাৰত্বৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল৷ কিন্তু গাঁৱলৈ উভতি যোৱা সকলোৱে গাঁৱতে কামত ধৰাত বেকাৰত্বৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে৷ ‘চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকনমি’য়ে প্ৰকাশ কৰা অনুসৰি এতিয়া দেশত বেকাৰত্বৰ হাৰ লকডাউনৰ পূৰ্বৰ অৱস্থালৈ অৰ্থাৎ ৮.৫ শতাংশলৈ উভতি গৈছে৷ লকডাউনৰ সময়ত এপ্ৰিল-মে’ মাহত দেশত বেকাৰত্বৰ হাৰ ২৩ শতাংশলৈ বৃদ্ধি পাইছিল৷ মে’ৰ অন্তিম সপ্তাহত সেই সংখ্যা হৈছিলগৈ ২৭.৯ শতাংশ৷ চি এম আই ই- এ প্ৰকাশ কৰা মতে জুনৰ পৰা কৰ্মসংস্থাপনহীনতা হ্ৰাস পাবলৈ ধৰে আৰু প্ৰথম সপ্তাহত ১৭ শতাংশ, দ্বিতীয় সপ্তাহত ১১.৬ শতাংশ হৈ জুনৰ শেষত এই হাৰ ৮ শতাংশলৈ নামি আহিছে৷

সকলোতকৈ ভাল ফলাফল দেখা গৈছে ভাৰতৰ গাঁৱত৷ গাঁও অঞ্চলত দেশৰ কৰ্মসংস্থাপনহীনতাৰ হাৰ এতিয়া ৭.৩৯ শতাংশ৷ চি এম ই আই ই-ৰ সঞ্চালক প্ৰধান মহেশ ব্যাসে জনোৱা মতে লকডাউন প্ৰত্যাহাৰৰ পাছত পুনৰ চহৰলৈ বহু লোক উভতি যোৱাৰ বাবে আৰু গাঁৱত এম জি এনৰেগ আঁচনি কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰাৰ ফলত বেকাৰত্বৰ হাৰ হাৰ পাবলৈ ধৰিছে৷ এম জি এনৰেগৰ কৰ্মসূচীৰ অধীনত বিগত ছমাহত ৩.৩৩ কোটি পৰিয়াল উপকৃত হৈছে৷ এয়া যোৱা সম্পূৰ্ণ বছৰটোৰ তুলনাত ৫৫ শতাংশ বেছি৷