Logo
image

ভোটৰ বতৰত গামোচা কিনিলে মোদীয়ে

আমাৰ অসম, ৯ মাৰ্চঃ অসমত এতিয়া চাৰিওফালে বলিছে নিৰ্বাচনী বতাহ৷ নিৰ্বাচনৰ বতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ক্ৰয় কৰিলে এখন ভমকাফুলীয়া অসমীয়া গামোচা৷ অৱশ্যে অসমলৈ যেতিয়াই আহে বা অসমৰ কোনো নেতাই যেতিয়া সাক্ষাৎ কৰে, সকলো সময়তে প্ৰধানমন্ত্ৰী মোদীক অসমীয়াৰ আৱেগৰ প্ৰতীক হিচাপে গামোচাৰে আদৰণি জনোৱা দেখা যায়৷ তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি প্ৰায় দুহাজাৰ টকাৰ মূল্যৰ এখন গামোচা ক্ৰয় কৰে মোদীয়ে৷ গামোচাখন ক্ৰয় কৰাৰ কথা টুইটাৰযোগে নিজেই দেশবাসীৰ লগতে অসমবাসীকো জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ টুইটাৰত মোদীয়ে উল্লেখ কৰি কয়– ‘আজিকালি আপোনালোকে মোক প্ৰায়েই গামোচা পৰিধান কৰা দেখা পায়৷ গামোচা অতি আৰামদায়ক৷ আজি মই কাকতিপুং উন্নয়ন খণ্ডৰ বিভিন্ন আত্মসহায়ক গোটে প্ৰস্তুত কৰা গামোচা ক্ৰয় কৰিলোঁ৷’ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰীয়ে টুইটটো নাৰীশক্তিক উদ্দেশ্যি কৰাৰ লগতে অসমৰ আত্মসহায়ক গোটৰ ‘অসমী’ ব্ৰেণ্ডৰ অনলাইন ক্ৰয়ৰ লিংকটো টুইটটোত সংযোগ কৰি দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰয় কৰা গামোচাখনৰ প্ৰকৃত মূল্য ২,০০০ টকা৷ ৫০ টকা ৰেহাইত ১,৯৫০ টকাত গামোচাখন ক্ৰয় কৰে মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে এখন গামোচা ক্ৰয় কৰি দেশবাসীক অসমীয়াৰ গামোচা আৰামদায়ক বুলি অভিহিত কৰাত একাংশই আনন্দ লাভ কৰিছে যদিও আন একাংশই আকৌ নিৰ্বাচনৰ পূৰ্বে এয়া প্ৰচাৰৰ কৌশল বুলিহে ছ’চিয়েল মিডিয়াত সমালোচনা কৰা দেখা গৈছে৷ মোদীৰ নিৰ্বাচনী এজেণ্ডা হিচাপে গামোচা ক্ৰয় কৰাৰ কথা প্ৰচাৰ কৰি আৱেগিক অসমীয়াৰ পৰা ভোট লাভ কৰাৰ নাটক বুলিও অভিহিত কৰিছে৷ উল্লেখ্য, দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড ভেক্‌চিন গ্ৰহণৰ সময়তো ডিঙিত লৈছিল অসমীয়া গামোচা৷ উক্ত দিনা প্ৰধান মন্ত্ৰীয়ে ৰবি ঠাকুৰৰ দৰে শুভ্ৰ দাঢ়িৰে বাঙালী সাজ পৰিধান কৰিছিল৷ তদুপৰি কেৰালাৰ নাৰ্ছ ৰুছাম্মা আলীয়ে ভেক্‌চিন দিয়াৰ বিপৰীতে পুডুচেৰীৰ আন এগৰাকী নাৰ্ছ পি নিবেদাই মোদীক ভেক্‌চিন লোৱাত সহায় কৰিছিল৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে মোদীৰ ভেক্‌চিনৰ সৈতে সম্পৰ্কিত আটাইকেইখন ৰাজ্যতে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ ইপিনে পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে আকস্মিকভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে অবিকল দীঘল শুভ্ৰ দাঢ়ি ৰখাত বিজেপিৰ একাংশ সমৰ্থকে মোদীক ৰবীন্দ্ৰনাথৰ সৈতে তুলনা কৰিবলৈ স্পৰ্ধা কৰা নাই৷ যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শুভ্ৰ দাঢ়িক লৈ পশ্চিমবংগত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও এইসন্দৰ্ভত নৰেন্দ্ৰ মোদীয়ে কোনো বক্তব্য ৰাজহুৱা কৰা নাই৷