Logo
image

খুব ঘামিছে? উপেক্ষা নকৰিব, ৰোগৰ লক্ষণো হ’ব পাৰে

চৌদিশে এতিয়া উৎকট গৰম৷ বৰষুণ হ’লেও গৰমৰ মাত্ৰা কমা নাই৷ গৰমৰ বাবে আমি সঘনে ঘামিবলগীয়া হয়৷ অতিৰিক্ত ঘাম  ওলোৱাটো অতি অস্বস্তিকৰ৷ ঘামৰ বাবে কাপোৰ-কানি তিতি একাকাৰ হয়৷ আপাতঃদৃষ্টিত এই সমস্যাতো বিৰক্তিকৰ যদিও  ঘামৰ জৰিয়তে শৰীৰৰ ভিতৰৰ গৰমখিনি বাহিৰ হৈ যোৱাৰ বাবে এই প্ৰক্ৰিয়াটোৱে শৰীৰটোক ভয়ংকৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে৷ প্ৰকৃততে আমাৰ শৰীৰত থকা নোমবিলাকৰ গুৰিত কিছুমান ঘৰ্মগ্ৰন্থি থাকে৷ যি শৰীৰৰ তাপমাত্ৰাৰ ভাৰসাম্য ৰক্ষা কৰা প্ৰক্ৰিয়াটো গোপনে কৰি থাকে৷ তদুপৰি শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, জ্বৰ, বিষ বা দুঃচিন্তাই শৰীৰৰ  চিম্পেথিক স্নায়ুতন্ত্ৰ  উজ্জীৱিত হোৱাৰ মাধ্যমে প্ৰচুৰ ঘাম সৃষ্টি কৰে৷ এইবিলাক স্বাভাৱিক শৰীৰ সম্পৰ্কীয় ঘটনা৷ কিন্তু হঠাৎ অতিৰিক্তভাৱে ঘাম নিৰ্গত হোৱাটো কোনো সমস্যা বা ৰোগৰ উপসৰ্গ হ’ব পাৰে৷ 

# মহিলাই গৰ্ভধাৰণ কৰা অৱস্থাত বেছিকৈ ঘামে৷ মহিলাৰ ঋতুচক্ৰ বন্ধ হোৱাৰ পাছত হঠাৎ গৰম উঠে, ঘাম নিগৰে, অস্থিৰ হয় আৰু বুকুৰ ধপধপনি বাঢ়ে৷ থাইৰয়েড গ্ৰোথ হৰমনজনিত  জটিলতাৰ বাবেই অনেকৰে ঘাম নিৰ্গত হয়৷ যক্ষ্মা ৰোগীসকলৰ ৰাতি ঘাম ওলায়৷ আকৌ ঔষধৰ পাশ্বৰ্ক্ৰিয়াৰ বাবেও ঘাম ওলাব পাৰে৷ 

# ডায়েবেটিছ ৰোগী যি ঔষধ খাইছে বা ইনছুলিন লৈছে তেওঁলোকৰ তেজত হঠাৎ শৰ্কৰা কমি গ’লে ঘাম নিৰ্গত হ’ব পাৰে৷ লগতে বুকু ধপ ধপ কৰা, অস্থিৰ লগা, মূৰ ঘুৰোৱা, চকুৱে অন্ধকাৰ দেখা এইবিলাক বিপদৰ সংকেত৷ লগে লগে চেনিৰ চৰ্বত খালে বিপদৰ পৰা ৰক্ষা পোৱা যায়৷ 

# শিশুসকলৰ কাহ-চৰ্দি হৈ থকা সময়ত মূৰ ঘামিলে আৰু শ্বাস-প্ৰশ্বাসৰ মাত্ৰা বাঢ়ি গ’লে হাৰ্ট ফেইলাৰ হোৱাৰ অশনি সংকেত বহন কৰিব পাৰে৷ 

# ঘামৰ সৈতে বুকুৰ বিষ হোৱাটো হাৰ্টএটেকৰ লক্ষণ হ’ব পাৰে৷ প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতো মূৰ ঘমাৰ লগতে বুকুৰ বিষ হোৱাটো ভাল লক্ষণ নহয়৷ এইক্ষেত্ৰত হূদৰোগ বিষেজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷