Logo
image

আমেথিতো ৰাহুল? কাইলৈ ৱেইনাড়ৰ ভোটৰ পাছতেই সিদ্ধান্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ এপ্ৰিল : ৱেইনাড়ত অহা শুকুৰবাৰে ভোটগ্ৰহণ হৈ যোৱাৰ পাছতে ইমানদিনে ৰহস্যৰ মাজত ৰখা কংগ্ৰেছ দলৰ আমেথিৰ প্ৰাৰ্থিত্ব ঘোষণা হ’ব পাৰে৷ খুউব সম্ভৱতঃ ৰাহুল গান্ধীয়ে এইবাৰো আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ ৰাহুল গান্ধীৰ আমেথিত থকা ঘৰ মেৰামতি কৰিবলৈ আৰম্ভ কৰা দেখি এই জল্পনা-কল্পনা তুংগত উঠিছে৷ ধাৰণা কৰা হৈছে, ৱেইনাড়ত শুকুৰবাৰে ভোটগ্ৰহণ হৈ যোৱাৰ পাছতে ৰাহুল গান্ধীয়ে আমেথিতো প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ে ঘোষণা কৰা হ’ব৷ ৰাজনৈতিক কৌশলৰ বাবেই কংগ্ৰেছে এতিয়াও ৰাহুল গান্ধী বা কংগ্ৰেছৰ আন প্ৰাৰ্থীৰ নাম আমেথি সমষ্টিৰ বাবে ঘোষণা কৰা নাই৷ কংগ্ৰেছৰ এক সূত্ৰ অনুসৰি আগতীয়াকৈ আমেথিতো ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ে ঘোষণা কৰিলে ৱেইনাড়ৰ ভোটাৰৰ মনত ৰাহুলৰ প্ৰতি বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ সেয়ে শুকুৰবাৰে কেৰালাৰ ৱেইনাড় সমষ্টিৰ ভোটগ্ৰহণ সমাপ্ত হ’লে ৰাহুল গান্ধীৰ নাম আমেথিৰ প্ৰাৰ্থী হিচাপেও ঘোষণা কৰা হ’ব পাৰে৷ ২০১৯ত ৰাহুল গান্ধীয়ে এই দুয়োটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু আমেথিত স্মৃতি ইৰাণীৰ বিৰুদ্ধে পৰাজিত হোৱাৰ বিপৰীতে ৱেইনাড়ত বিজয়ী হৈছিল৷ এইবাৰ আমেথিত ভোটগ্ৰহণ হ’ব অহা ২০ মে’ত৷ সেয়ে এতিয়াও উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ এসময়ৰ দূৰ্গ আমেথিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিবলৈ হাতত সময় আছে৷ আমেথিৰ পৰা ১৫ বছৰে সাংসদ হোৱা ৰাহুল গান্ধীক পুনৰ সেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ স্মৃতি ইৰাণী, অমিত শ্বাহ ইত্যাদিয়ে প্ৰৰোচিত কৰি থকাৰ লগতে কংগ্ৰেছৰ জোঁট সংগী সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদবে ৰাহুল গান্ধীক আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বাৰম্বাৰ আহ্বান জনাই আছে৷