Logo
image

বজালীত ফণীভূষণৰ হৈ দোকানে দোকানে ভোট ভিক্ষা মন্ত্ৰী ৰঞ্জিত দাসৰ

'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদক, ৪ মে': তৃতীয় পর্যায়ৰ লোকসভা নির্বাচনলৈ মাজত দুদিন বাকী। ভোটাৰৰ মন জয়ী কৰিবৰ কাৰণে জোৰদাৰ হৈছে ৰাজনৈতিক দলৰ প্ৰচাৰ। ভোটাৰ ৰাইজক আকর্ষিত কৰিবলৈ ঘৰে ঘৰে গৈ প্রচাৰ চলাইছে নেতা-মন্ত্রীয়ে। ব্যৱসায়িক প্রতিষ্ঠানলৈও ভোট বিচাৰি গৈছে ৰাজনৈতিক নেতাসকল৷ 

বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰীত নির্বাচনী প্রচাৰত ব্যস্ত হৈ পৰা দেখা গ'ল এজন মন্ত্রীক। কেন্দুগুৰী বজাৰৰ প্রতিখন দোকানত ভোট বিচাৰি গৈছে মন্ত্রীজনে। মন্ত্রীজন হৈছে অসম চৰকাৰৰ জেষ্ঠ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাস। মন্ত্রী দাসে বজাৰখনত দোকানে দোকানে গৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ ভোট ভিক্ষা কৰে। ফণীভূষণৰ পক্ষত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়৷ 

মন্ত্রী দাসে বজাৰত ব্যৱসায়ীসকলৰ সৈতে বিভিন্ন সমস্যা সন্দর্ভত আলোচনা কৰাৰ উপৰি অন্যান্য বিষয়ত মত বিনিময় কৰে। বৰপেটা লোকসভা সমষ্টিত বিজেপি প্রার্থী নাই বাবে হাতীৰ ছবিত ভোট দি বিজেপি দলক শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়। মন্ত্রীজনে ব্যৱসায়ীসকলক ফুল মানে হাতী আৰু হাতী মানে ফুল বুলি কয়। পিছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী দাসে কয় যে যোৱাবাৰ বিধানসভা নিৰ্বাচনতো তেওঁ এনেদৰে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ প্ৰচাৰ চলাইছিল৷ তেওঁ আৰু কয় যে সাধাৰণতে ব্যৱসায়ীসকল ব্যস্ত মানুহ৷ তেওঁলোকে প্ৰতিষ্ঠান এৰি আহিব নোৱাৰে বাবেই আমি তেওঁলোকৰ ওচৰলৈ গৈ মাত লগাইছোঁ৷ বৰপেটা লোকসভা সমষ্টিত বিজেপি কর্মীসকলে দিনে-নিশাই অগপৰ প্রার্থীৰ হৈ কাম কৰি আছে। লগতে ফণীভূষণ চৌধুৰীয়ে তিনি লাখ ভোটত জয়ী হ'ব বুলি মন্ত্ৰী ৰঞ্জিত দাসে দাবী কৰে৷