Logo
image

ৰাহুল ৰায়বেৰেলীত আমেথিত কিশোৰীলাল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ মে : আমেথি আৰু ৰায়বেৰেলীৰ উৎকণ্ঠা শেষ মুহূৰ্তলৈকে অব্যাহত ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নাটকীয়ভাৱে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত মনোনয়ন দাখিল কৰিছে৷ বিগত পাঁচবাৰ একেৰাহে ৰায়বেৰেলীৰ পৰা নিৰ্বাচিত হোৱা ছোনিয়া গান্ধীয়ে এইবাৰ নিৰ্বাচনী ৰাজনীতি ত্যাগ কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাত কংগ্ৰেছে দলটোৰ দূৰ্গ ৰাহুল গান্ধীৰ দ্বাৰা সুৰক্ষিত ৰখাৰ সিদ্ধান্ত লয়৷ ২০১৯ চনত আমেথিত পৰাজিত হোৱা ৰাহুল গান্ধীয়ে বিপক্ষৰ বহু প্ৰৰোচনা স্বত্বেও এইবাৰ আমেথিত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকে৷ আমেথিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰে ৰাজীৱ গান্ধীৰ অনুগামী কিশোৰীলাল শৰ্মাক৷ তেওঁ বিগত ৪ টা  দশক ধৰি গান্ধী পৰিয়ালৰ হৈ আমেথি আৰু ৰায়বেৰেলী সমষ্টিৰ কাম-কাজ চোৱা-চিতা কৰি আছিল৷ উল্লেখ্য, ৰাহুল গান্ধীয়ে এইবাৰ বিগতবাৰৰ দৰে কেৰালাৰ ৱেইনাড়ৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ২০১৯ত ৰাহুল গান্ধী আমেথিত বিজেপিৰ স্মৃতি ইৰাণী বিৰুদ্ধে পৰাজিত হ’লেও ৱেইনাড়ত বিজয়ী হৈছিল৷ এইবাৰো আমেধিত ৰাহুল গান্ধীৰ বিজয় নিশ্চিত নাছিল৷ কিন্তু কংগ্ৰেছৰ দূৰ্গস্বৰূপ ৰায়বেৰেলী হাতত ৰখাৰ লক্ষ্যৰে শেষ মুহূৰ্তত শুকুৰবাৰে ৰাহুল গান্ধীয়ে সেই সমষ্টিত মনোনয়ন দাখিল কৰে৷ ৰায়বেৰেলী আৰু আমেথিত অহা ২০ মে’ত ভোটগ্ৰহণ হ’ব আৰু আজি আছিল মনোনয়ন দাখিলৰ অন্তিম দিন৷ কংগ্ৰেছে আজি পৰ্যন্ত কৌশলগত কাৰণতে এই দুই সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰা নাছিল৷ আজি একেকোবে অন্তিম দিনটোত মাতৃ ছোনিয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকা গান্ধী তথা দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে ৰায়বেৰেলীত ৰাহুল গান্ধীয়ে মনোনয়ন দাখিল কৰিবলৈ যোৱাতহে দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ নাটকীয় অৱসান ঘটে৷ অৱশ্যে তাৰ পূৰ্বে পুৱা ৰায়বেৰেলীৰ প্ৰাৰ্থী হিচাপে দলে ৰাহুল গান্ধীৰ নাম ঘোষণা কৰিলেও তেওঁ মনোনয়ন দাখিল কৰাতহে ৰায়বেৰেলী, আমেথিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ব্যাপকভাৱে পোহৰলৈ আহে৷ কিছুদিন আগলৈকে ৰায়বেৰেলীত প্ৰিয়ংকা গান্ধী আৰু আমেথিত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰবল চৰ্চা হৈছিল৷ কংগ্ৰেছৰ সহযোগী দল সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও তাকেই বিচাৰিছিল, যাতে দুয়ো দলৰ সমৰ্থক ৰাহুল-প্ৰিয়ংকাৰ বাবে উজ্জীৱিত হয় আৰু উত্তৰ প্ৰদেশত কংগ্ৰেছ-সমাজবাদী পাৰ্টীৰ জোঁটে বিজেপিৰ বিৰুদ্ধে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে৷ পিছে শেহতীয়াকৈ কংগ্ৰেছ দলে সমীকৰণ সলনি কৰে আৰু প্ৰিয়ংকা গান্ধীৰ অনীহাৰ বাবে ৰাহুল গান্ধীক ৰায়বেৰেলীৰ যুঁজত নমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কংগ্ৰেছ সূত্ৰৰ মতে, গান্ধী পৰিয়ালৰ তিজিনকৈ সদস্য সংসদত থাকিলে বিজেপিয়ে পৰিয়ালতন্ত্ৰক লৈ কংগ্ৰেছক আক্ৰমণৰ অধিক সুযোগ লাভ কৰিব বুলিয়েই প্ৰিয়ংকা গান্ধীয়ে ৰায়বেৰেলীত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকে৷ 

অৱশ্যে বিজেপিয়ে কংগ্ৰেছৰ এই পদক্ষেপতো আক্ৰমণৰ পথ উলিয়াই লৈছে৷ ৰাহুল গান্ধীয়ে ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ খবৰ প্ৰকাশ হোৱাৰ লগে লগে পশ্চিমবংগৰ দুুৰ্গাপুৰৰ নিৰ্বাচনী সভাৰ পৰাই আক্ৰমণ হানে নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ কয়, শ্বাহজাদাই ভয়তে আমেথিৰ পৰা পলাই পত্ৰং দিছে৷ তেওঁ পুনৰ কয়– ‘মই কওঁ, ইমান ভয় নকৰিবা৷ পলাই নাযাবা৷’ মোদীৰ দাবী, এইবাৰ ৰাহুল গান্ধী কেৰালাৰ ৱেইনাড়তো পৰাস্ত হ’ব৷ সেয়ে এতিয়া নিৰাপদ আসন বিচাৰি ৰায়বেৰেলীলৈ গৈছে৷ উল্লেখ্য, ৰায়বেৰেলীত বিজেপিৰ প্ৰাৰ্থী হৈছে উত্তৰ প্ৰদেশৰ মন্ত্ৰী দীনেশ প্ৰতাপ সিং৷ প্ৰসংগতঃ ১৯৬২ আৰু ১৯৯৯ চন বাদ দি ৰায়বেৰেলীৰ পৰা প্ৰত্যোকবাৰেই নেহৰু-গান্ধী পৰিয়ালৰ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ ৰায়বেৰেলীৰ পৰা ইন্দিৰা গান্ধী ৩ বাৰ, ছোনিয়া গান্ধী ৫ বাৰ বিজয়ী হৈছে৷ ১৯৫২ চনৰ পাছত এই সমষ্টিৰ পৰা বিজেপি বিজয়ী হৈছে দুবাৰ৷