Logo
image

গৰমত সকাহ পালেও ডাবৰ পানী খাওতে সাৱধান হ’ব

ক্ৰমাৎ তাপমাত্ৰা বাঢ়িছে৷ ফলত ৰ’দত ছশমা, ছাতি ব্যৱহাৰ কৰিও সকাহ নোপোৱাৰ অৱস্থা৷ অথচ কামৰ বাবে ঘৰৰ বাহিৰলৈ ওলাবই লাগিব৷ এনে অৱস্থাত গৰমৰ পৰা সকাহ পাবলৈ বহুতেই ডাবৰ পানী খায়৷ ডাবৰ পানী স্বাস্থ্যৰ বাবে উপকাৰী৷ অত্যধিক গৰমত ডাবৰ পানীয়ে শৰীৰটোক ভিতৰৰ পৰা শীতল কৰি তোলে৷ দেহৰ ক্লান্তিভাৱ মুহূৰ্ততে আঁতৰ কৰে ডাবৰ পানীয়ে৷ ডাবৰ পানীত থকা খনিজ উপাদানসমূহ শৰীৰৰ বাবে  অতি দৰকাৰী৷ উপকাৰী হ’লেও ডাবৰ পানী নিয়মীয়াকৈ বা অত্যধিক খোৱাৰ অভ্যাসে হিতে বিপৰীত কৰিব পাৰে৷ কিছুমান লোকৰ বাবে ডাবৰ পানীয়ে শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ উল্লেখ কৰা হ’ল কিয় ডাবৰ পানী অত্যধিক খোৱা অনুচিত –

(১) যিসকলে ওজন কমাবলৈ বিচাৰে তেওঁলোকে ডাবৰ পানী নাখাব৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কেল’ৰি থাকে৷ ফলত নিয়মীয়াকৈ ডাবৰ পানী খালে ওজন বাঢ়ে৷ অৱশ্যে, বিশেষজ্ঞসকলৰ মতে ওজন কমোৱাৰ বাবে ডায়েটিং কৰি থকা সময়ছোৱাত ক্লান্তিভাৱ আঁতৰাবলৈ কম পৰিমাণে ডাবৰ পানী খাব পাৰে৷ 

(২) ডাবৰ পানীত প্ৰচুৰ পৰিমাণে থাকে ছডিয়াম৷ ফলত এই পানী বেছিকৈ খালে ৰক্তচাপ বাঢ়ে৷ যিসকলৰ উচ্ছ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে ডাবৰ পানী নোখোৱাই ভাল৷ 

(৩) মধুমেহত আক্ৰান্তসকলে ডাবৰ পানী খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷ কিয়নো ডাবৰ পানীয়ে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ 

(৪) কিডনীৰ সমস্যা থকাসকলে ডাবৰ পানী খাবই নালাগে৷ ইয়াত  পটাছিয়াম থাকে৷ তেজত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি হ’লে হূদযন্ত্ৰ আৰু কিডনী দুয়োটাই ক্ষতিগ্ৰস্ত হয়৷ 

(৫) যিসকলৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকৰ বাবেও ডাবৰ পানী ক্ষতিকাৰক৷ ইয়াত থকা উপাদানসমূহে এলাৰ্জি বঢ়ায়৷ 

(৬) অতিপাত ঠাণ্ডা অনুভৱ কৰা সকলেও ডাবৰ পানী নোখোৱাই ভাল৷ 

(৭) গৰমত অত্যধিক ঘাম ওলায়৷ বিশেষকৈ শাৰীৰিক পৰিশ্ৰম কৰিলে ঘাম ওলোৱাটো বেছি হয়৷ এনে অৱস্থাত বহুতে গৰমৰ পৰা সকাহ পাবলৈ ততাতৈয়াকৈ গা ধুই ডাবৰ পানী খায়৷ এই অভ্যাস বেয়া৷ ডাবৰ পানীত থকা ছ’ডিয়ামে শৰীৰৰ আদ্ৰতা কমায়৷ ফলত ডিহাইড্ৰেছনৰ আশংকা বৃদ্ধি পায়৷ এনেকুৱা হ’লে ডায়েৰিয়া হয়৷