Logo
image

নেতাৰ টোপ, জনতাৰ বিলৈ

মনত আছেনে যে দুবছৰমান আগতে অসমত মিঞা মিউজিয়ামৰ এক প্ৰসংগই ৰাজ্যখনৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত তোলপাৰ লগাই আছিল৷ ই এক ৰাজনৈতিক চক্ৰান্তৰ ফচল৷ মিঞা মিউজিয়ামে এণ্টি-মিঞা ৰাজনৈতিক বাকধাৰাটোক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব৷ ই নিৰ্বাচনত প্ৰভাৱ পেলাব৷ হয়তো অনাদি অনন্ত কাললৈ অসমে অন্য এক ৰাজনৈতিক খোৰাক পাবলৈ সক্ষম হ’ব৷ অকল মিয়া মিউজিয়ামেই নহয়, সময়ে সময়ে অসমৰ সমাজ-ৰাজনৈতিক জীৱনলৈ এনে কিছুমান ইছ্যু আহে যাক লৈ জাতিটো আৱেগিক হৈ পৰে, কিন্তু কিয়? কোনে কৰে এনে কাম? 

আমাৰ বহুতৰ বাবে এজন নেতা জীৱনৰ পথ প্ৰদৰ্শক,  আস্থা আৰু বিশ্বাসৰ প্ৰতীক৷ নেতাই যি কয় তাক জনসাধাৰণে বিশ্বাস কৰে আৰু নেতাই যি কৰে তাক অনুসৰণ কৰে৷ বহু অনুৰাগীয়ে বহু নেতাক ভগৱানসদৃশো জ্ঞান কৰে৷ ইয়াত আচৰিত হ’ব লগা একো নাই৷ কাৰণ অনুৰাগীসকল যে সাধাৰণ মানুহ৷ নেতাৰ বহু কাম, বিশেষকৈ বহু কথাই অনুৰাগীক আকৃষ্ট কৰে৷ মানুহে যি দেখিছে তাক মানি লয় আৰু যি দেখা নাই তাক হাজাৰবাৰ ক’লেও বিশ্বাস নকৰে৷ ৰাজহুৱা সভাত নেতাৰ ভাষণ শুনিছে বা টিভিৰ টক শ্ব’ত বিৰোধীৰ লগত ৰাইজৰ প্ৰিয় নেতাজনে ৰণচণ্ডী মূৰ্তিৰে কৰা যুক্তি বা অযুক্তিৰ যুদ্ধখনো দেখিছে৷ কেমেৰাৰ সন্মুখত জনতাৰ প্ৰিয় নেতাজনে বিৰোধীক কৰা কটাক্ষ দেখি জনতায়ো সীমাৰ কাষৰ পৰিয়ালটোৰ ল’ৰাটোৰ লগতে মাতবোলো বন্ধ কৰি দিলে৷ কিয়নো সি তেওঁৰ বিৰোধী ৰাজনৈতিক বা অৰাজনৈতিক মতাদৰ্শত বিশ্বাসী৷ সেয়ে  এনে দুয়ো লোকৰ ব্যৱহাৰৰো বিশেষ পাৰ্থক্য নাই৷ কাৰণ তেওঁতো নাজানো যে তেওঁৰ বাবে প্ৰিয় আৰু আদৰ্শৱান নেতাজনে কেমেৰাৰ সন্মুখত কয় এটা আৰু ভিতৰি কৰে এটা৷ তেওঁতো নাজানো যে তেওঁৰ বাবে আদৰ্শৱান বুদ্ধিজীৱী বা দল-সংগঠনৰ নেতাজনে দিনত যাৰ বিৰুদ্ধে আন্দোলন কৰে, ৰাতি তেওঁৰ ঘৰতেই ভাত-চাহৰ মহলা মেলে৷ তেওঁতো নাজানে যে তেওঁৰ আদৰ্শৱান ব্যক্তিজনৰ কথা লাইভ টক শ্ব’ত বেলেগ আৰু ব্ৰেকৰ সময়ত বেলেগ৷ বহু লোকৰ বাবে  তেওঁলোকৰ নেতা তেওঁলোকৰ ভগৱান৷ বহু লোকেতেওঁলোকৰ প্ৰিয় নেতাৰ কথাত অফুৰন্ত বিশ্বাস কৰে আৰু আশা দেখিবলৈ পায়৷ কিন্তু দুখৰ কথা, এই বিশ্বাস আৰু আশাৰ আলম লৈ ৰাইজৰ প্ৰিয় নেতাই যে ৰাইজক নচুৱাই আছে, সেয়া হয়তো ৰাইজৰ খবৰেই নাই৷ 

নেতাৰ আহ৩ানত এটা প্ৰজন্মই এটা শিক্ষা বৰ্ষ নষ্ট কৰিছিল, পুলিচ-মিলিটেৰীৰ কোব খাইছিল৷ তাতোতকৈ ডাঙৰ কথা, নিজৰ ৮৫৫জন ককাই-ভাইক মৃত্যুমুখলৈ ঠেলি দিছিল৷ কিয় কৰিছিল ইমান? কাৰণ নেতাই কৈছিল৷ যাক আদৰ্শ হিচাপে ৰাইজে মানে, যাক বিশ্বাস কৰে তেওঁলোকে কৈছিল৷ তেওঁলোকে কৈছিল যে আস্থা ৰাখা৷ এই প্ৰতিৰোধ আৰু প্ৰত্যাক্ৰমণ অভিযানত যদি ৰাইজ সফল হ’ব পাৰে, তেন্তে সকলোৰে বাবে সোণৰ অসম গঢ়িব পাৰিব৷ সোণৰ অসম গঢ়াৰ স্বাৰ্থত এটা শিক্ষাবৰ্ষ, পুলিচৰ লাঠীৰ কোব, দলনিৰ পুহৰ জাৰ বা ৮৫৫জনৰ জীৱন একো নহয়৷ ৰাইজেও বিশ্বাস কৰিছিল৷ পৰৱৰ্তী সময়ত নেতাক গাদীত বহুৱালে৷ সোণৰ অসমৰ অৱস্থাৰ কথা হয়তো নক’লেও হ’ব৷

দিন বাগৰিল৷ নেতাৰ মিথ্যাচাৰত বিৰক্ত হৈ এচাম আমাৰেই ককাই-ভাই, বাই-ভনী অসমীয়াই হাতত অস্ত্ৰ তুলি ল’লে৷ তেতিয়া আকৌ আন এচাম পৰামৰ্শ আৰু উচটনি দিয়া বুদ্ধিজীৱী আৰু নেতাৰ জন্ম হ’ল৷ ফলত হাজাৰ হাজাৰ অসমীয়া ডেকাৰ তেজেৰে অসমী আই ৰাঙলী হ’ল৷ সোণৰ অসম পিছে এইবাৰো নহ’ল৷ পৰিৱৰ্তে, উন্নয়ন আৰু প্ৰগতিৰ দিশত অসম ভাৰতৰ অন্য ৰাজ্যতকৈ বহু যোজন পিছুৱাই গ’ল৷ কিন্তু নেতাৰ নেতাগিৰি অবিৰত আৰু লজ্জাহীনভাৱে চলিয়েই থাকিল৷ নিজৰেই ভাই-ককাইক মাৰি সোণৰ অসম গঢ়াৰ সপোন দেখুৱাই গাদী দখল কৰা নেতাই  ৰাষ্ট্ৰীয় দলৰ ভুল-ত্ৰুটি দেখুৱাই ভোট খোজাৰ প্ৰক্ৰিয়াটো আজি কিছুদিন আগলৈকে চলিয়েই থাকিল৷ 

আনহাতে, নিজকে অসমৰ অভিভাৱক বুলি ভবা এচামৰ কিছুসংখ্যকে নিজৰ ব্যক্তিগত ৰাজনৈতিক অভিপ্সাক বাস্তৱায়িত কৰাৰ স্বাৰ্থতেই হওক নতুবা দৰদামৰ জৰিয়তে নিজৰ আৰ্থিক ভঁৰাল টনকিয়াল কৰাৰ স্বাৰ্থতেই হওক নেতাগিৰি আৰু আন্দোলনৰ নামত উঠি অহা প্ৰজন্মটোক নচুৱায়েই থাকিল৷ এই প্ৰক্ৰিয়া কম-বেছি পৰিমাণে আজিও চলি আছে৷ লগতে এতিয়া সংযুক্ত হৈছে হিতাধিকাৰীৰ টোপ৷ মুঠতে  টোপ দি গাদী দখল কৰাই এই নেতাসকলৰ উদ্দেশ্য৷ আৰু এই উদ্দেশ্যত কালজুৰি সহযোগ কৰি আহিছে ৰাইজে৷