Logo
image

হিট ষ্ট্ৰ’কত অসুস্থ শ্বাহৰুখ খান, চিকিৎসাধীন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ মে’ঃ উৎকট গৰমত জলশুষ্কতাৰ [ডিহাইড্ৰেশ্বন] বাবে হঠাৎ অসুস্থ হৈ পৰিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান৷ বুধবাৰে দিনৰ ১১ বজাত শ্বাহৰুখ খান হঠাৎ অসুস্থ হৈ পৰাত তেওঁক দুপৰীয়া আহমেদাবাদৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়৷ উল্লেখ্য, মঙলবাৰে আহমেদাবাদত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত আই পি এলৰ প্ৰথম কোৱালিফায়াৰ আছিল৷ এই খেলত শ্বাহৰুখ খানৰ মালিকাধীন কলকাতা নাইট ৰাইডাৰ্ছে জয় লাভ কৰি ফাইনেলত উপনীত হৈছিল৷ উক্ত খেলত নিজৰ দলক উৎসাহিত কৰিবৰ বাবেই শ্বাহৰুখ খানে আহমেদাবাদত বাহৰ পাতি আছিল৷ কিন্তু আহমেদাবাদৰ ৪৫ ডিগ্ৰী তাপমাত্ৰা সহিব নোৱাৰি হিট ষ্ট˜’কত শ্বাহৰুখ খান হঠাৎ অসুস্থ হৈ পৰে৷ শ্বাহৰুখৰ সৈতে পত্নী গৌৰী খানো হাস্পতালতে আছে৷ অভিনেত্ৰী জুহি চাওলায়ো হাস্পতাললৈ হৈ শ্বাহৰুখ খানৰ স্বাস্থ্যৰ বুজ লয়৷ উল্লেখ্য, কালি শ্বাহৰুখ খানক ষ্টেডিয়ামতে উদ্দাম নৃত্য কৰা দেখা গৈছিল৷