Logo
image

মোদীৰ তৃতীয় কাৰ্যকালত ‘এক দেশ এক নিৰ্বাচন’ নিশ্চিত

আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ মে’ : তৃতীয় কাৰ্যকালত মোদী চৰকাৰে দেশত অভিন্ন দেৱানী বিধি বলবৎ কৰা আৰু এক দেশ, এক নিৰ্বাচন ব্যৱস্থা আৰম্ভ কৰাৰ গেৰাণ্টী দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৷ কোনো নিৰ্বাচনী সভাত নহয়, লোকসভা নিৰ্বাচনৰ মাজতে সংবাদ সংস্থা পিটি আইক দিয়া এটা সাক্ষাৎকাৰত অমিত শ্বাহে এই দাবী কৰিছে৷ তেওঁ আৰু কয় যে, ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত মোদী চৰকাৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব৷ তাৰ পাছতে পুনৰ জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব৷ ইতিমধ্যে কেন্দ্ৰীয়শাসিত প্ৰদেশখনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম সম্পন্ন হৈছে৷ সম্প্ৰতি অনগ্ৰসৰ শ্ৰেণীৰ সমীক্ষা চলি আছে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি সকলো কাম সময়মতে আগবাঢ়ি আছে আৰু সৰ্বোচ্ছ আদালতৰ নিৰ্দেশ অনুসৰি ৩০ ছেপ্টেম্বৰৰ পূৰ্বে বিধানসভাৰ নিৰ্বাচন হ’ব৷ সম্প্ৰতি লোকসভাৰ নিৰ্বাচনত ব্যাপক হাৰত ভোটদানে জম্মু-কাশ্মীৰত মোদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ শুদ্ধ প্ৰমাণ কৰা বুলিও অমিত শ্বাহে দাবী কৰে৷

পিটিআইক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, মোদী চৰকাৰে কেন্দ্ৰত ক্ষমতা অক্ষুন্ন ৰাখিলে তৃতীয় কাৰ্যকালত দেশৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব৷ পাঁচ বছৰ এই কামৰ বাবে যথেষ্ট সময় বুলি তেওঁ কয়৷ এই সময়ছোৱাত মোদী চৰকাৰে ৰাজ্য সমূহৰ বিধানসভাৰ নিৰ্বাচন অগা-পিছা কৰি লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব৷ ইয়াৰ ফলত দেশৰ কোটি কোটি টকা ৰাহি হ’ব, সময়ৰ অপব্যয় নোহোৱা হ’ব আৰু নিৰ্বাচনক লৈ বাৰম্বাৰ কৰি থকা পৰিশ্ৰম লাঘব হ’ব৷ ইখনৰ পাছত সিখন ৰাজ্যত নিৰ্বাচন হৈ থকাৰ ফলত সমগ্ৰ দেশতে সময়ৰ অপব্যয় হয়, অযথা পৰিশ্ৰম কৰিবলগীয়া হয়৷ তদুপৰি ৰাজকোষৰ ধনৰো অপব্যয় হয়৷ একেলগে সমগ্ৰ দেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে সকলো দিশৰ পৰাই দেশ লাভবান হ’ব বুলি অমিত শ্বাহে দাবী কৰে৷ আনহাতে, দেশৰ দেৱানী বিধি একেখন কৰা বিজেপিৰ দীৰ্ঘদিনৰ লক্ষ্য বুলি তেওঁ কয়৷ মোদী চৰকাৰে ক্ষমতা অৰ্জন কৰিলে দেশত অভিন্ন দেৱানী বিধি বলবৎ কৰিব বুলি দাবী কৰে৷ অমিত শ্বাহৰ মতে এখন দেশত এখন সংবিধানৰ অধীনত পৃথক পৃথক দেৱানী আইন, বিবাহ আইন থকা অযুক্তিকৰ৷ সেয়ে বিজেপি চৰকাৰে সকলো ধৰ্মাৱলম্বীৰ বাবে অভিন্ন দেৱানী বিধি বলবৎ কৰিব৷