Logo
image

ধ্যানত মগ্ন হৈ থকাৰ মাজতে অসমৰ দুৰ্যোগক লৈ মোদীৰ টুইট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জুন’: তপস্বীৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কন্যাকুমাৰীৰ বিবেকানন্দ ৰকত ৩০ মে’ৰ পৰা অবিৰতভাৱে ধ্যানত মগ্ন হৈ আছে৷ পিছে ৪৮ ঘণ্টাজোৰা অখণ্ড ধ্যানৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ বান আৰু সামগ্ৰিকভাৱে উত্তৰ-পূব তথা পশ্চিমবংগত হোৱা প্ৰাকৃতিক দুৰ্যোগত উদ্বেগ প্ৰকাশ কৰি টুইট কৰিলে৷ মোদীয়ে অৱিৰতভাৱে ধ্যানত ৪৮ ঘণ্টা নিমগ্ন হৈ থকাৰ মাজতে কিদৰে টুইট কৰিলে সেই লৈ ব্যাপক কৌতুহলৰ সৃষ্টি হৈছে৷ কিয়নো মোদীৰ ধ্যান শনিবাৰে বিয়লিহে ভংগ হোৱাৰ কথা৷ সেয়ে মোদীৰ টুইটৰ পাছত প্ৰশ্ন উঠিছে, তেওঁ তপস্বীৰ দৰে একেৰাহে ৪৮ ঘণ্টা ধ্যানমগ্ন হৈ থাকিব বুলি বিজেপিয়ে প্ৰচাৰ কৰিলেও প্ৰকৃততে মোদীয়ে অখণ্ড ধ্যান কৰি থকা নাই ক্ক নিজৰ ‘এক্স’ হেণ্ডলত মোদীয়ে চৰম উদ্বিগ্নতা প্ৰকাশ কৰি কয়–‘ৰিমালৰ প্ৰভাৱত দুৰ্ভাগ্যজনকভাৱে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগ অভাৱনীয় প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে৷ দুৰ্যোগৰ কবলত পৰা সকলোৰে প্ৰতি মই সমমৰ্মিতা প্ৰকাশ কৰিছো৷ পৰিস্থিতিৰ প্ৰতি মই নিৰন্তৰ লক্ষ্য ৰাখি আছো৷ কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে সম্ভাব্য সকলো সহায় কৰিবলৈ প্ৰস্তুত হৈ আছে৷’

তপস্বীৰ দৰে কৰা ধ্যানৰ মাজত মোদীয়ে কৰা টুইটে দুৰ্যোগত পৰাসকলক সহায় কৰক বা নকৰক, তেওঁৰ বক্তব্যই কৌতুহল উদ্ৰেক কৰিছে৷ কিয়নো স্বামী বিবেকানন্দই যি শিলাখণ্ডত বহি ১৮৯২ চনত ৩ দিন ৩ ৰাতি ধ্যান কৰি দিব্যজ্ঞান লাভ কৰিছিল, তাতে প্ৰধানমন্ত্ৰী মোদীও বৃহস্পতিবাৰৰ বিয়লিৰ পৰা ৪৮ ঘণ্টীয়া ধ্যানত বহিছে৷ মোদীৰ এই ধ্যান নিৰ্বাচনী প্ৰচাৰৰ অংশ বুলি আপত্তি কৰি তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দলে টেলিভিছনত তাৰ প্ৰচাৰত আপত্তি কৰাত প্ৰথমে সংবাদ মাধ্যম ধ্যানৰ প্ৰচাৰৰ পৰা বিৰত আছিল৷ শুকুৰবাৰে পুৱাৰ ভাগত মোদীৰ ধ্যানৰ কেইখনমান ফটো প্ৰকাশ হৈছিল৷ কিন্তু সময় আগবঢ়াৰ লগে লগে মোদীৰ ধ্যানৰ ভিডিঅ’ প্ৰকাশ হৈছে৷ সেই ভিডিঅ’ই শনিবাৰে হ’বলগীয়া শেষ পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰভাৱ পেলাব বুলি বিৰোধী দলে তীব্ৰ আপত্তি কৰিছে৷ মোদীৰ এই ধ্যানৰ প্ৰচাৰক লৈ প্ৰথমৰ পৰা তীব্ৰ আপত্তি কৰিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ কিয়নো, ৩০ মে’ত নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিক সামৰণি পৰিলেও তেতিয়াৰ পৰা ৰ জুনলৈ, অৰ্থাৎ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটদানলৈ প্ৰচাৰৰ আলোক থাকিব ধ্যানমগ্ন মোদীৰ ওপৰত৷ দেশৰ সমস্ত সংবাদ মাধ্যমে মোদীৰ ধ্যান লাইভ কৰিব আৰু সিয়েই ভোটত প্ৰভাৱ পেলাব৷ তাতেই আপত্তি আছিল মমতা বেনাৰ্জীৰ৷ মমতাই কৈছিল– ‘ধ্যান কৰে কৰি থাকক৷ তাত আপত্তি নাই৷ কিন্তু মোদীৰ ধ্যান দেশৰ টেলিভিছনত প্ৰচাৰ হ’লেই মই নিৰ্বাচন আয়োগৰ ওচৰত প্ৰবল আপত্তি কৰিম৷ তেওঁ ধ্যান কৰিবই পাৰে, কিন্তু তাত কেমেৰা কিয়? সংবাদ মাধ্যমে সেয়া প্ৰচাৰ কৰিব নোৱাৰে৷ সেই প্ৰচাৰে নিৰ্বাচনী আচৰণবিধি ভংগ কৰিব৷ সেই প্ৰচাৰ ভোটৰ পূৰ্বে আৰু ভোটদানৰ সময়ত চলি থাকিলে আমি তাৰ চৰম বিৰোধিতা কৰিম৷’ মমতা বেনাৰ্জী আৰু কংগ্ৰেছৰ তীব্ৰ আপত্তিৰ ফলত মোদীৰ ধ্যানৰ প্ৰথম দিনটোৰ ফটো আৰু ভিডিঅ’ তেনেকৈ দেশৰ সংবাদ মাধ্যমত প্ৰচাৰ নহ’ল৷ একাংশ বিজেপি পন্থী টেলিভিচন চেনেলে অৱশ্যে ধ্যানৰ ফটো নোহোৱাকৈ বৃহস্পতিবাৰৰ পৰাই মোদীৰ ধ্যান সন্দৰ্ভত নিৰন্তন প্ৰচাৰ চলাই আছিল৷ কিন্তু শুকুৰবাৰে দেশৰ সংবাদ মাধ্যমত মোদীৰ ধ্যানৰ ফটো আৰু ভিডিঅ’ উপচি পৰে৷ 

স্মৰ্তব্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰচাৰৰ সামৰণি পৰাৰ পাছতো প্ৰধানমন্ত্ৰী মোদীয়ে পৰোক্ষভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছিল৷ বিগতবাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আছিল ১৯ মে’ত৷ সেইদিনা পুৱাই মোদী ৰাওনা হৈছিল কেদাৰনাথলৈ৷ হাতত এদাল লাখুটি লৈ, উত্তৰাখণ্ডৰ জনজাতীয় এটা শীতৰ পোছাক পিন্ধি তেওঁ উপস্থিত হৈছিলগৈ গৰুড় ছট্টীত থকা ৰুদ্ৰ গুহাত৷ কেদাৰনাথৰ সেই গুহাতে মোদীয়ে ১৫ ঘণ্টা ধৰি ধ্যানত বহিছিল৷ তাৰ পূৰ্বে তেওঁ দেশবাসীক ব্যাপক হাৰত ভোটদান কৰিবলৈ আহ৩ান জনাইছিল৷ পিছে মোদী কেদাৰনাথৰ ৰুদ্ৰ গুহাত উপস্থিত হোৱাৰ পূৰ্বেই তাত উপস্থিত হৈছিল দেশৰ সমস্ত সংবাদ মাধ্যম৷ মোদীয়ে হেলিকপ্টাৰৰ পৰা নামি হাতত লাখুঁটি লৈ কেইখোজমান যোৱাৰ পৰা ১৫ ঘণ্টাৰ ধ্যান লাইভ কৰিছিল দেশৰ মিডিয়াই৷ দেশৰ মংগলৰ বাবে সেই ধ্যান কৰা বুলি কৈছিল মোদীয়ে৷ মোদীৰ ভক্তি দেখি উঠলি উঠিছিল ধাৰ্মিক দেশবাসীৰ মন৷ মোদীভক্তই দিনটো মোদীৰ ধ্যান চাই চাই ব্যাপক হাৰত প্ৰদান কৰিছিল শেষ পৰ্যায়ৰ ভোট৷ পৰিসংখ্যাই কয়, অন্তিম অৰ্ধশতাধিক সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ ষ্ট্ৰাইক ৰেট ৮০ শতাংশৰ অধিক আছিল৷ সেইদিনা বহু পৰলৈকে বিৰোধী দলে বুজিবই পৰা নাছিল মোদীৰ কৌশল৷ তপস্বীৰ ৰূপত মোদীয়ে যে নিৰ্বাচনৰ দিনটোটো সমগ্ৰ দেশৰ প্ৰচাৰৰ আলোক নিজৰ দিশে টানি নি ভোটদানত প্ৰভাৱ বিস্তাৰ কৰিছিল, সেয়া বিৰোধীয়ে বুজি পোৱালৈ বহু সময় পাৰ হৈ গৈছিল৷ তেতিয়ালৈ কাৰ্যসিদ্ধি হৈছিল বিজেপিৰ৷ বিৰোধীয়ে আপত্তি দৰ্শায়ো একো পাৰ পোৱা নাছিল৷ এইবাৰো শেষ পৰ্যায়ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে অনুৰূপ কৌশল গ্ৰহণ কৰে৷ এইবাৰ পাহাৰ নহয়, মোদী নামিল সাগৰত৷ হয়, ভাৰতৰ একেবাৰে দক্ষিণ প্ৰান্তত অৱস্থিত বিবেকানন্দ মেম’ৰিয়েল ৰকত মোদীয়ে বৃহস্পতিবাৰে আৰম্ভ কৰিলে ৪৮ ঘণ্টীয়া ধ্যান৷ এই শিলাখণ্ড কন্যাকুমাৰীত অৱস্থিত৷ ভাৰতৰ মূল ভূখণ্ডৰ পৰা ৫০০ মিটাৰ দূৰত ভাৰত মহাসাগৰত অৱস্থিত এই বিখ্যাত বিবেকানন্দ ৰক৷ এই শিলাখণ্ডত একেৰাহে তিনিদিন তিনিৰাতি ধ্যান কৰিয়েই স্বামী বিবেকানন্দই দিব্যজ্ঞান লাভ কৰিছিল৷ তেওঁ সাতুঁৰি অতিক্ৰম কৰিছিল সেই সমুদ্ৰপথ৷ মোদীয়ে সেই বিখ্যাত বিবেকানন্দ ৰকতে এইবাৰ দুদিন ধৰি ধ্যান কৰি আছে৷