Logo
image

বিদায় বেলাত আবেগিক প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়

নতুন দিল্লী, ১ জুলাই : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে শনিবাৰে অন্তিম মেচত অংশ ল’লে ৰাহুল দ্ৰাৱিড়ে৷ তেওঁৰ অন্তিম মেচত ভাৰতীয় দলে লাভ কৰিলে টি-টুৱেণ্টী বিশ্বকাপৰ খিতাপ৷  প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ৰ বাবে এয়া চৰমপ্ৰাপ্তি৷ ১৯৯৬ চনত আন্তঃৰাষ্ট˜ীয় ক্ৰিকেটত অভিষেক ঘটিছিল দ্ৰাৱিড়ৰ৷ কিন্তু এটা বিশ্বকাপৰ ট্ৰফীৰ বাবে তেওঁ অপেক্ষা কৰিব লগা হ’ল দীৰ্ঘ ২৮ বছৰ৷ বিদায় বেলাত ভাৰতীয় দলে তেওঁক উপহাৰ দিলে বিশ্বকাপ৷ ইমান দনে বিশ্বকাপ জয় কৰিব নোৱৰাৰ যন্ত্ৰণা তেওঁ বুকুত চেপি ৰাখিছিল৷ কিন্তু শনিবাৰে এটা বিশ্ব খিতাপৰ সৈতে জড়িত হৈ পৰিল দ্ৰাৱিড়ৰ নাম৷ শনিবাৰে সংবাদ মেলত দ্ৰাৱিড়ে কয়–‘টি-টুৱেণ্টী বিশ্বকাপ জয়েৰে এটা যাত্ৰাৰ শেষ হ’ল৷ এটা  সন্তুলিত দল গঠনৰ প্ৰয়াস কৰিছিলো৷ ২০২১ চনত দায়িত্ব লোৱাৰে পৰাই কিদৰে বিশ্বকাপ জয় কৰিব পাৰো সেই বিষয়ে আলোচনা হৈছিল৷ যোৱা দুবছৰৰ পৰিশ্ৰমৰ ফল এই খিতাপ৷’ খেলুৱৈ হিচাপে বিশ্বকাপ জয় কৰিব নোৱৰাৰ আক্ষেপ সদায়েই  বুকুত কঢ়িয়াইলৈ ফুৰে দ্ৰাৱিড়ে৷ কিন্তু খেলুৱৈ হিচাপে নহ’লেও প্ৰশিক্ষক হিচাপে তেওঁ দেশক দিবলৈ সক্ষম হ’ল বিশ্ব খিতাপ৷ টি-টুৱেণ্টী বিশ্বকাপ জয়ৰ অন্তত দ্ৰাৱিড়ে কয়–‘নিজৰ শ্ৰেষ্ঠখিনি দিলেও খেলুৱৈ হিচাপে বিশ্বকাপ জয়ৰ সৌভাগ্য মোৰ হোৱা নাছিল৷ মই ভাগ্যৱান যে এই দলৰ প্ৰশিক্ষক হোৱাৰ সুযোগ লাভ কৰিলো৷ এটা দুৰ্দান্ত  দলে মোৰ বিশ্বকাপ জয়ৰ স্বাৰ্থ সাৰ্থক কৰিলে৷ এয়া অতুলনীয় অনুভৱ৷ মই কেতিয়াও যন্ত্ৰণাৰ মুক্তি পোৱাৰ বাবে কাম কৰা নাই৷ মাত্ৰ নিজৰ কামখিনি কৰি যোৱাৰ চেষ্টা কৰিছিলো৷ এক দুৰন্ত যাত্ৰাৰ যৱনিকা পৰিল৷’