পানীৰ সলনি গো-মূত্ৰৰে স্নান কৰে ডিংকা জনগোষ্ঠীয়ে
আমাৰ অসম, ১৬ মাৰ্চঃ ভাৰতৰ বিভিন্ন প্ৰান্তত যিদৰে বিভিন্ন জাতি-উপজাতি সিঁচৰতি হৈ আছে তেনেদৰে বিশ্বতো আছে বহু জাতি-উপজাতি বা জনগোষ্ঠী, যিসকলৰ সভ্যতা-সংস্কৃতি সম্পূৰ্ণ পৃথক৷ কাইৰোত আছে এনে এক জনগোষ্ঠী যিটো জনগোষ্ঠীৰ লোকসকলে পানীৰ সলনি নিতৌ গো-মূত্ৰৰে গা ধোৱে৷ ‘ডিংকা’ জনগোষ্ঠীৰ এই লোকসকলৰ বসতি নীলনদীৰ পাৰত৷ ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ দৰে এই জনগোষ্ঠীটোৱেও গো-ধনক মাতৃৰূপে পূজা কৰে৷ আচৰিত যে জনগোষ্ঠীটোৰ বৃদ্ধৰ পৰা শিশুলৈকে সকলোৱে গাইৰ পৰা গাখীৰ সংগ্ৰহ নকৰি পোনে পোনে গাখীৰ পান কৰে৷ তদুপৰি জনগোষ্ঠীটোৰ লোকসকলে আপদমস্তক স্নান কৰে গো-মূত্ৰৰে৷ এই কাৰ্যক তেওঁলোকে অতি পৱিত্ৰ বুলি ভাৱে৷ উল্লেখ্য যে জনগোষ্ঠীটোৰ লোকসকলে প্ৰতিবছৰে পোহনীয়া গো-ধনৰ বাবে খাদ্যৰ সন্ধানত ঘৰৰ পৰা ওলাই যায় আৰু পৰ্যাপ্ত খাদ্য সংগ্ৰহৰ পাছত তেওঁলোক বাৰিষাৰ সময়ত নিজৰ ঘৰলৈ উভতি আহে৷ এই বৈশিষ্ট্যৰ বাবে এই জনগোষ্ঠীটোৰ লোকসকলক একপ্ৰকাৰ যাযাবৰ বুলি কোৱা হয়৷






