Logo
image

বানৰ সংহাৰৰ মাজতে বাঘক লৈ সন্ত্ৰাস

'আমাৰ অসম’ৰ মাজুলীৰ প্ৰতিবেদকঃ ৰাজ্যত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতিৰ বাবে হাহাকাৰ লাগিছে বন্যপ্ৰাণীৰ৷ বানৰ বাবে ওখ ঠাই বিচাৰি বনাঞ্চলৰ পৰা ওলাই আহিছে বন্যপ্ৰাণী৷ দোকোল-টঁকা বানৰ মাজতে মঙলবাৰে পুৱাৰ ভাগত এটা ঢেকীয়াপটীয়া বাঘে মাজুলী টটায়া গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ পুৱাৰ ভাগতে এঘৰৰ বাৰীৰ পৰা মাজুলী ৰোড পাৰ হৈ যাওঁতেই বাঘটো ৰাইজৰ দৃষ্টিত পৰাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ ইয়াৰ পাছতেই তৎকালেই আন এঘৰৰ বাৰীৰ হাবিত বাঘটোৱে আশ্ৰয় লয় ৷ 


চাৰিওফালে পানীয়ে বেৰি থকা অৱস্থাত ব্ৰহ্মপুত্ৰ পাৰ হৈ কেনেকৈ বাঘটো মাজুলী পালেহি তাক লৈ চৰ্চা হৈছে ৷ বাঘ ওলোৱা খবৰ বিয়পি পৰাৰ লগে লগে মাজুলী প্ৰশাসন, বন বিভাগৰ লোক উপস্থিত হৈ অঞ্চলটোত চোকা দৃষ্টি ৰাখিছে ৷ বাতৰি লিখা পৰলৈকে বনকৰ্মীয়ে বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷