Logo
image

দুখন মেচত জিকিলেই পুনৰ মেডেল নিশ্চিতঃ ৩১ জুলাইত ৰিঙত নামিব লাভলীনা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ জুলাইঃ হাই ইনটেনছিটি, ল’ ভলিউম৷ গভীৰ কিন্তু সীমিত সময়ৰ৷ পেৰিছৰ অলিম্পিক গেমছ ভিলেজৰ ‘প্ৰেকটিচ এৰিনা’ত এতিয়া এনেদৰেই আৰম্ভ হৈছে অসম কন্যা লাভলীনা বৰগোহাঁইৰ অনুশীলন৷ এই ভাষ্য বক্সিং টীমৰ এগৰাকী প্ৰশিক্ষকৰ৷ জাৰ্মানীৰ ছাৰব্ৰুকেনৰ অলিম্পিক চেণ্টাৰত ২২ দিনীয়া কঠোৰ প্ৰশিক্ষণ সামৰি সোমবাৰে পেৰিছত উপস্থিত হোৱা লাভলীনা আৰু বক্সিং দলটোৰ এতিয়া খেলৰ প্ৰাকমুহূৰ্তত সিমান দীঘলীয়া সময় জুৰি কৰা প্ৰশিক্ষণৰ প্ৰয়োজন নাই বুলি ক’লে নাম প্ৰকাশত অনিচ্ছুক প্ৰশিক্ষকগৰাকীয়ে৷   



বৰং এই প্ৰশিক্ষণ হ’ব লাগে ‘ইনটেন্স’, অৰ্থাৎ গভীৰ৷ এতিয়া ঠিক তেনে প্ৰশিক্ষণতে আজিৰ পৰা ব্যস্ত হৈ পৰিছে লাভলীনাসহ বক্সিং দলটো৷ উৎসাহী প্ৰশিক্ষকগৰাকীৰ দাবী, ‘লাভলীনা এতিয়া দুৰ্দান্ত ফৰ্মত আছে৷ ছাৰব্ৰুকেনৰ প্ৰশিক্ষণৰ পৰা অব্যাহত থকা এই ফৰ্ম, ফিটনেছ আৰু পাৱাৰ যদি লাভলীনাই অহা এটা পষেক অটুত ৰাখিব পাৰে, তেন্তে অসমে আৰু এটা অলিম্পিক পদক লাভ কৰাটো খাটাং৷ আৰু স্পষ্টকৈ কওঁ, লাভলীনা আৰু নিখাত জেিৰনে দুটা মেডেল আনিবই৷ নিশ্চিন্ত থাকক৷’ 

লাভলীনাসহ ভাৰতীয় বক্সিং দলটোৱে যোৱা ২৭ জুনৰ পৰা পেৰিছ অলিম্পিকৰ চূড়ান্ত প্ৰস্তুতিৰ বাবে ইণ্টাৰনেচনেল ট্ৰেইনিং কেম্পত অনুশীলন কৰিছিল৷ জাৰ্মানীৰ ছাৰব্ৰুকেনৰ অলিম্পিক চেণ্টাৰত অনুষ্ঠিত এই দীঘলীয়া প্ৰশিক্ষণ শিৱিৰত লাভলীনাসহ ভাৰতীয় বক্সিং দলটোৱে অনুশীলন কৰিছিল আয়াৰলেণ্ড, আমেৰিকা, মংগোলিয়া, জাৰ্মানী আৰু ডেনমাৰ্কৰ বক্সাৰৰ সৈতে৷ গভীৰ অনুশীলনৰ উপৰি পেৰিছৰ ঠাণ্ডাৰ সৈতে অভ্যস্ত হোৱাও আছিল দলটোৰ উদ্দেশ্য৷ পেৰিছৰ পৰা ৩৯৮ কিলোমিটাৰ দূৰত্বৰ ছাৰব্ৰুকেনৰ পৰিৱেশৰ অলিম্পিক অনুষ্ঠিত হোৱা চহৰখনৰ সৈতে সাদৃশ্য আছে৷ ‘এক্লেমেটাইজ’ অৰ্থাৎ একে পৰিৱেশৰ সৈতে অভ্যস্ত হোৱাৰ বাবেই ভাৰতীয় দলটোৰ বাবে প্ৰশিক্ষণৰ সুবিধা থকা আৰু পেৰিছ-সদৃশ পৰিৱেশ নিৰ্বাচন কৰি ছাৰব্ৰুকেনত প্ৰায় ২৫ দিন অতিবাহিত কৰিলে লাভলীনা, নিখাত জেৰিন, প্ৰীতি পাৱাৰ, জেছমিন লম্বোড়িয়া, নিশান্ত দেৱ, অমিত পাংগালে৷ ৭৫ কেজি ওজন শাখাত খেলিবলগীয়া লাভলীনাৰ প্ৰথম মেচ আছে ৩১ জুলাইত৷ ‘ৰাউণ্ড অৱ-১৬’ ৰ পৰা খেলিবলগীয়া লাভলীনাৰ মেচৰ ‘ড্ৰ’ এতিয়াও হোৱা নাই৷ কিন্তু পোনে পোনে প্ৰি-কোৱাৰ্টাৰত ৰিঙত নমাৰ সুবিধা পোৱা লাভলীনাই দুখন মেচত জয়লাভ কৰিলেই আন এটা অলিম্পিক পদক নিশ্চিত কৰিব৷