Logo
image

কেঁচা বুট কিমান পৰিমাণৰ খোৱা উচিত

স্বাস্থ্য সচেতনসকলৰ প্ৰায়ভাগেই পুৱা শুই উঠি কেঁচা বুট খায়৷ কেঁচা বুটত প্ৰ’টিন, কাৰ্বোহাইড্ৰেট, ফেট্‌ছ, ফাইবাৰ, কেলছিয়াম আইৰন আৰু ভিটামিন থাকে৷ কেঁচা বুটৰ দৰে কেঁচা বাদামো স্বাস্থ্যৰ বাবে উপকাৰী৷ পিছে বাদামত যিমান পৰিমাণৰ ফেট্‌ছ থাকে কেঁচা বুটত সেয়া নাথাকে৷ সেয়ে স্বাস্থ্য সচেতন বেছিভাগ লোকৰেই কেঁচা বুট প্ৰিয়৷ সেই বুলি মুঠিয়ে মুঠিয়ে কেঁচা বুট খোৱাটো ক্ষতিকাৰক৷ পুষ্টিবিদসকলৰ মতে দিনত এমুঠি কেঁচা বুটেই যথেষ্ট৷ উল্লেখ কৰা হ’ল দৈনিক কেঁচা বুট খালে পাব পৰা উপকাৰিতাসমূহ–



(১) কেঁচা বুটত কেলছিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থাকে৷ এই দুবিধ উপাদানে হাড়ৰ ঘনত্ব বৃদ্ধি কৰাত সহায় কৰে৷ বয়স হ’লে হাড়ৰ নমনীয়তা অক্ষুণ্ণ ৰখাত এই উপাদানসমূহৰ গুৰুত্ব অধিক৷ আৰ্থ্ৰাইটিছ আৰু অষ্টিয়’পৰোছিছৰ সমস্যা প্ৰতিৰোধ কৰিবলৈ নিয়মিতভাৱে কেঁচা বুট খোৱা কৰক৷
(২) এই সময়ত চৰ্দি-জ্বৰ আৰু সংক্ৰমণজনিত সমস্যাত আক্ৰান্ত হোৱাটো স্বাভাৱিক৷ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’লে সঘনাই বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা বাঢ়ে৷ এনে ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কেঁচা বুট খাব পাৰে৷
(৩) যিসকলে শৰীৰ চৰ্চা কৰি অতিৰিক্ত ওজন কমাবলৈ বিচাৰে, তেওঁলোকে কেঁচা বুট খাব পাৰে৷ কেঁচা বুটত থকা ফাইবাৰে মেদ কমোৱাত সহায় কৰে৷
(৪) মহিলাসকলৰ বহুতে ৰক্তস্বল্পতাৰ সমস্যাত ভোগে৷ কেঁচা বুটত থকা আইৰনে এই সমস্যা ৰোধ কৰাত সহায় কৰে৷ নিতৌ কেঁচা বুট খালে তেজত হিম’গ্লবিনৰ মাত্ৰা বাঢ়ে৷
(৫) ডায়েবেটিছত ভোগাসকলৰ বাবে কেঁচা বুট উপকাৰী৷ কেঁচা বুটৰ গ্লাইচেমিক ইণ্ডেক্স কম৷ সেয়ে কেঁচা বুট খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ আশংকা নাথাকে৷ তদুপৰি বুটত থকা প্ৰ’টিন আৰু ফাইবাৰে সামগ্ৰিকভাৱে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷