Logo
image

উক্তি-বক্ৰোক্তি

ঔৰংগজেব ফেন ক্লাবৰ অংশীদাৰ কোন? কাছভক বিৰিয়ানী খুওৱা, য়াকুব মেমনক ক্ষমা কৰা আৰু জাকিৰ নাইকক বঁটা দিয়াসকল ঔৰংগজেব ফেন ক্লাবৰ সদস্য৷ উদ্ধৱ ঠাকৰে এই ফেন ক্লাবৰ লীডাৰ৷
– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যমন্ত্ৰী আছিল৷ তেওঁৰ দিনত আৰু এতিয়াও ৰাজ্যবাসীয়ে চৰকাৰী চিকিৎসালয়ৰ পৰা গুণগত স্বাস্থ্য সেৱা লাভ কৰা নাই৷ অথচ মুখ্যমন্ত্ৰী হৈ তেওঁ চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰিছে৷ 
– বিধায়ক অখিল গগৈ

গো-মাংস খোৱা আৰু কোৰবাণী দিয়াৰ বাবেই কেৰালাত ভূমিস্খলন হ’ল৷ যেতিয়ালৈকে কেৰালাত গো-মাংস খোৱা অব্যাহত থাকিব, তেতিয়ালৈকে ৰাজ্যখনত এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ অব্যাহত থাকিব৷ 
– বিজেপি নেতা, প্ৰাক্তন বিধায়ক জ্ঞানদেৱ আহুজা

বিজেপি দলৰ শ্লোগান আছিল জাতি-মাটি-ভেটি ৰক্ষা কৰা৷ কিন্তু তেওঁলোকে কাগজ কল বিক্ৰী কৰিলে৷ বিমান বন্দৰ আদানিক গতালে৷ এতিয়া ঔষধ, বিদ্যুৎ, স্বাস্থ্যৰ মাচুল বৃদ্ধি কৰি তেওঁলোকে এই বেয়া কাম তল পেলোৱাৰ চেষ্টা কৰিছে৷ 
– প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা

মহাৰাষ্ট্ৰ, হাৰিয়ানাকে ধৰি চাৰি ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে পৰিস্থিতি কংগ্ৰেছৰ অনুকূলে আছে৷ পিছে এই সময়ত দলটোৰ নেতাসকল অধিক আত্মবিশ্বাসী হ’লে নহ’ব৷ 
– কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী

চতুৰ্থ স্থানটো মুঠেই ভাল স্থান নহয়৷ মই অন্তিমটো শ্বটত নাৰ্ভাছ হৈছিলোঁ৷ নিজকে সমাহিত ৰাখিবলৈ চেষ্টা কৰিও মই সফল নহ’লোঁ৷ সেয়ে মই দেশবাসীক তৃতীয়টো অলিম্পিক পদক দিব নোৱাৰিলোঁ৷ সকলোৱে যাতে মোক ক্ষমা কৰে৷ দেশবাসীৰ সমৰ্থন কৃতজ্ঞতাৰে সুঁৱৰিছোঁ৷ 
– অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকেৰ

চোল ৰাজবংশৰ ইতিহাস আছে৷ তেওঁলোকে কৰি যোৱা বহু কামৰ চিহ্নও আছে৷ ৰামৰ কিন্তু অস্তিত্ব নাছিল৷ ইতিহাসত ৰামৰ কোনো চিহ্ন নাই৷ তেওঁলোকে কয়, ৰাম অৱতাৰ৷ অৱতাৰৰ জন্ম কেনেকৈ হ’ব? এয়া আনক প্ৰভাৱিত কৰাৰ বাবে সৃষ্টি কৰা কল্পনা মাথোঁ৷ 
– তামিলনাডুৰ পৰিবহণ মন্ত্ৰী এছ এছ শিৱশংকৰ