Logo
image

পেৰিছৰ পৰা উভতিয়েই বক্সিং প্ৰশিক্ষকে পালে উচ্ছেদৰ জাননী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ আগষ্টঃ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদকবিজয়ী মনু ভাকেৰ আৰু সৰবজ্যেৎ সিঙৰ এয়াৰ পিষ্টল ইভেণ্টৰ প্ৰশিক্ষক সমৰেশ জঙৰ দিল্লীৰ খাইবাৰ পাছ কল’নিৰ ঘৰ দুদিনৰ ভিতৰত ভাঙি পেলাব কেন্দ্ৰীয় চৰকাৰে৷ শুকুৰবাৰে পেৰিছৰ পৰা আহি নতুন দিল্লীত উপস্থিত হোৱাৰ লগে লগে দুদিনৰ ভিতৰত বাসস্থান ত্যাগৰ জাননী পাই হতভম্ভ দেশক অলিম্পিকৰ পদক উপহাৰ দিয়া প্ৰশিক্ষক৷ কেন্দ্ৰীয় চৰকাৰৰ এই কাণ্ডত দেশৰ ক্ৰীড়াপ্ৰেমীও ক্ষোভিত৷ সমৰেশ জঙৰ দাবী, এই ঘৰ অবৈধ নহয়, ৭৫ বছৰ ধৰি পৰিয়ালৰ তিনিটা প্ৰজন্মই বাস কৰিছে এইটো বাসস্থানত৷ অৱশ্যে চৰকাৰৰ দাবী মানি তেওঁ ঘৰ ত্যাগ কৰিবলৈ সাজু৷ কিন্তু তাৰ বাবে লাগে সময়৷ ১৯৫০ চনতে নিৰ্মাণ কৰা এই ঘৰ এতিয়া ভাঙিবলৈ সাজু দিল্লী গৃহ আৰু নগৰ উন্নয়ন ব’ৰ্ডৰ কতৃৰ্পক্ষও৷ এই নিৰ্দেশ আহিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা৷ সংযোগবশতঃ সমৰেশ জং প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ কেন্দ্ৰীয় ঔদে্যাগিক সুৰক্ষা বাহিনীৰে (চিএছআইএফ) বিষয়া৷ সমৰেশ জঙৰ অৱশ্যে আন এক বিশিষ্ট আৰু দেশপ্ৰেমৰ পৰিচয়ো আছে৷ তেওঁ ভাৰতৰ প্ৰাক্তন শ্বুটিং খেলুৱৈ৷ সমৰেশ জং ২০০৬ৰ কমনৱেলথ গেমছৰ ৫টা সোণ, এটা ৰূপ আৰু ৰটা ৰূপৰ পদকৰ অধিকাৰী৷ পিছে সমৰেশ জঙৰ এই পৰিচয় আৰু অলিম্পিকৰ পদক বিজয়ী প্ৰশিক্ষকৰ কৃতিত্বক লৈ মুঠেই কৃতজ্ঞ নহয় মোদী চৰকাৰ৷ সেয়ে পেৰিছৰ পৰা আহি ঘৰত ভৰি থৈয়েই পাইছে মোদী চৰকাৰৰ ঘৰ উচ্ছেদৰ জাননী৷ 



দুদিনৰ ভিতৰত কিদৰে ঘৰ খালী কৰিব সেই লৈ বিবুধিত পৰিছে এসময়ৰ দক্ষ শ্বুটাৰ আৰু পেৰিছ অলিম্পিকৰ পদকবিজয়ী প্ৰশিক্ষক৷ তদুপৰি ১৯৫০ চনতে নিৰ্মাণ কৰা পৈত্ৰিক ঘৰখনক লৈয়ো আবেগো জড়িত হৈ আছে৷ জাননীত জনোৱা হৈছে খাইবাৰ পাছ কল’নিৰ সকলো ভূমিয়েই প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সম্পত্তি৷ সেই সম্পূৰ্ণ এলেকা ভাঙি পোলোৱা হ’ব আৰু সকলো বাসিন্দাক উচ্ছেদ কৰা হ’ব৷ তাৰে কিছুমান ঘৰ ভঙা হ’ব দুদিন পাছত, য’ত সমাৰেশ জঙৰ পৈত্ৰিক ঘৰো অন্তৰ্ভুক্ত হৈ আছে৷ তাৰ বাবে সমৰেশ জঙৰ হাতত বাকী আছে এটা দিন৷