Logo
image

বীয়েৰ পানে শৰীৰত কি প্ৰভাৱ পেলায়

প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এলক’হলৰ প্ৰতি আসক্তি থকাসকলে বীয়েৰ পান কৰে৷ এনে লোকসকলৰ ধাৰণা যে বীয়েৰে গৰমত শৰীৰটোক ভিতৰৰ পৰা শীতল কৰি তোলে৷ কিন্তু বীয়েৰে মানৱ দেহত কি প্ৰভাৱ পেলায় সেই বিষয়ে জনা দৰকাৰ৷ চিকিৎসকৰ মতে বীয়েৰত এলক’হলৰ মাত্ৰা অন্যান্য সুৰাতকৈ তুলনামূলকভাৱে কম পৰিমাণে থাকে৷ সেয়ে বহুতে গৰমৰ উপৰিও সৰু-সুৰা অনুষ্ঠানত বীয়েৰ পান কৰে৷ কিন্তু বীয়েৰ স্বাস্থ্যসন্মত হয়নে?

জানি থোৱা ভাল যে এলক’হল স্বাস্থ্যৰ বাবে কেতিয়াও উপকাৰী হ’ব নোৱাৰে৷ অৱশ্যে সাধাৰণ বা সামান্য পৰিমাণে বীয়েৰ পান কৰিলে স্বাস্থ্যৰ কিছু লাভ নোহোৱাও নহয়৷ পৰ্তুগালৰ এদল গৱেষকৰ মতে বীয়েৰ অন্ত্ৰৰ বাবে উপকাৰী৷ ক্ৰনিক ৰোগ প্ৰতিৰোধ, মাইক্ৰ’বায়’টা গঠন, তথা অন্ত্ৰত জমা হোৱা বেয়া বেক্টেৰীয়াৰ পৰা বীয়েৰে সকাহ দিয়ে৷



আন একাংশৰ মতে আকৌ গৰমত অত্যধিক বীয়েৰ পান কৰিলে শৰীৰটো ভিতৰৰ পৰা শীতল হ’লেও তলপেটত মেদ জমা হ’বলৈ আৰম্ভ কৰে৷ এই ক্ষেত্ৰত ক্লিভলেণ্ড ক্লিনিকৰ চিকিৎসক ডাঃ ডেনিয়েল এলনে জনায় পেটত মেদ বা চৰ্বি জমা হোৱাটো স্বাস্থ্যৰ বাবে বিপজ্জনক৷ অৱশ্যে বীয়েৰ পান কৰিলে যে পেটৰ মেদ বৃদ্ধি হয় সেয়া কোনো গৱেষণাত প্ৰমাণিত হোৱা নাই৷ অৱশ্যে সীমিত পৰিমাণে বীয়েৰ পান কৰিলে পাকস্থলীৰ চৰ্বি বাঢ়ে আৰু ওজন বৃদ্ধি হয়৷

বীয়েৰ পান কৰিলে শৰীৰটো ভিতৰৰ পৰাই শীতল হয়৷ এটা কেন বীয়েৰে দেহত ১৫০ কেল’ৰি বৃদ্ধি কৰে৷ আনহাতে বীয়েৰ বা এলক’হল পান কৰিলে ভোক বাঢ়ে৷ সেই বাবেই এলক’হল বা বীয়েৰ পান কৰাৰ পাছতে খোৱাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়৷

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বীয়েৰ বা এলক’হল পান কৰিলে দেহৰ অতিৰিক্ত চৰ্বি ৰোধ কৰা ক্ষমতা বাধাগ্ৰস্ত হয়৷ যকৃৎ বা লিভাৰে প্ৰ’টিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বি বিপাক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কিন্তু যেতিয়া এলক’হল বা বীয়েৰ পান কৰা হয়, তেতিয়া যকৃতে এই ভূমিকা নিয়মীয়াকৈ পালন কৰিব নোৱাৰে৷ ফলত পেটত মেদ বা চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে৷ গতিকে দেখা যায় যে অত্যধিক বীয়েৰ বা সুৰা পান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷