Logo
image

আজি ভাৰত-ইংলেণ্ডৰ নিৰ্ণায়ক টি-২০

'আমাৰ অসম' ১৯ মাৰ্চঃ  ইংলেণ্ডৰ বিৰুদ্ধে অনায়াসে টেষ্ট শৃংখলা জয়ৰ পাছত পাঁচখন খেলৰ টুৱেণ্টী২০ শৃংখলাত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে বিৰাট কোহলিৰ টীম ইণ্ডিয়াই৷ তথাপি দুবাৰকৈ পিছ পৰি ৰোৱাৰ পাছতো সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে ঘৰুৱা দলটোৱে৷ দুয়োটা দল এতিয়া পৰস্পৰৰ সন্মুখীন হ’ব আজিৰ নিৰ্ণায়ক খেলখনত৷ ভাৰতীয় দলটোৰ লক্ষ্য হ’ব আজিৰ জয়েৰে শৃংখলা জয় কৰাৰ লগতে অক্টোবৰত স্বদেশত হ’বলগীয়া টুৱেণ্টী২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল নিৰ্বাচনৰ প্ৰৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ কৰা৷ টুৱেণ্টী২০ শৃংখলাটোৰ আৰম্ভণিত ভাৰতীয় দলৰ চিন্তাৰ কাৰণ  আছিল বেটিং৷ প্ৰাৰম্ভিক যুটিৰ লগতে শীৰ্ষৰ বেটছমেনৰ ফৰ্মে বাৰুকৈয়ে চিন্তাত পেলাইছিল টীম মেনেজমেণ্টক৷ কিন্তু ঈশান কিষাণ আৰু সূৰ্যকুমাৰ যাদৱে শেহতীয়াকৈ দলৰ এই চিন্তা বহুখিনি দূৰ কৰিছে৷ বৃহস্পতিবাৰৰ চতুৰ্থখন টি-২০ত আক্ৰমণাত্মক বেটিঙেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল সূৰ্যকুমাৰে৷ হাৰিয়ানাৰ অলৰাউণ্ডাৰ ৰাহুল টেৱাটিয়াও আছে সুযোগৰ অপেক্ষাত৷ আজি তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ সুযোগ দিয়া হ’ব পাৰে৷ ভাৰতৰ বাবে উৎসাহৰ বিয়টো হৈছে হাৰ্দিক পাণ্ডিয়াই বলিঙত অৰিহণা যোগোৱাটো৷ বৃহস্পতিবাৰে তেওঁ  চাৰি অভাৰত ১৬ ৰান খৰচ কৰি লাভ কৰিছিল দুটা উইকেট৷ তাৰ বিপৰীতে লোকেশ ৰাহুল এই পৰ্যন্ত আশানুৰূপ প্ৰদৰ্শন দেখুওৱাত ব্যৰ্থ হৈছে৷ তেনেদৰে অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ প্ৰদৰ্শন সন্তোষজনক নহয়৷ ইংলেণ্ডৰ অধিনায়ক এঅ’ইন মৰ্গান, জেছন ৰয়, জোছ বাটলাৰ, জনী বেয়াৰষ্টো, বেন ষ্টকছ, ডাৱিড মালানৰ দৰে বেটছমেনৰ উপস্থিতিত বেটিং লাইন-আপ যথেষ্ট শক্তিশালী৷ সেয়েহে শৃংখলা জয় কৰিবলৈ হ’লে আজি ভাৰতীয় বলাৰৰ প্ৰদৰ্শন উন্নত হ’ব লাগিব৷ ইপিনে, ইংলেণ্ডৰ পেচ বলাৰদ্বয় মাৰ্ক উড আৰু জফ্ৰা আৰ্চাৰে শৃংখলাটোত ভাৰতীয় বেটছমেনক যথেষ্ট সমস্যাত পেলাইছে৷ এই দুই বলাৰৰ বিৰুদ্ধেও সতৰ্ক হ’ব লাগিব কোহলি বাহিনী৷