Logo
image

টেনিছত অযথা কোটি টকা খৰচ, লাভলীনাৰ বাবে মাথোঁ ৪ লাখ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ আগষ্ট : শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ৷ লাভলীনা বৰগোহাঁইৰ দৰে প্ৰবল সম্ভাৱনা থকা খেলুৱৈৰ নামত সামান্য ব্যয় কৰি বয়সে ভাটি দিয়া ৰোহন বোপান্না, শৰৎ কমলৰ দৰে খেলুৱৈৰ বাবে বিদেশত প্ৰশিক্ষণ দিয়াৰ নামত কোটি কোটি টকাৰ শৰাধ কৰাৰ মোদী চৰকাৰৰ ক্ৰীড়া-নীতিৰ ক্ষেত্ৰত সামান্য ক্ৰীড়া জ্ঞান থকা লোকে এনে মন্তব্যই কৰিবলৈ বাধ্য হৈছে৷ মোদী চৰকাৰৰ কাণ্ডই দেশবাসীৰ চকু কঁপালত তুলিছে৷ আজি শনিবাৰে অলিম্পিকৰ প্ৰতিযোগিতাৰ শেষ দিনটোলৈ ১৩০ কোটি মানৱ সম্পদ থকা ভাৰতৰ পদকৰ নামত এটা ৰূপ আৰু ৫ টা ব্ৰঞ্জ৷ প্ৰসংগতঃ, ইয়াৰ বিপৰীতে সমান জনসংখ্যা থকা চীনৰ পেৰিছ অলিম্পিকত কেৱল সোণৰ পদকৰ সংখ্যাই আজি পৰ্যন্ত ৩৬ টা৷ ভাৰতৰ পেৰিছ অলিম্পিকত এই লজ্জাজনক প্ৰদৰ্শনৰ সময়ত প্ৰশ্ন উঠিছে কেন্দ্ৰীয় চৰকাৰে দেশৰ অলিম্পিক খেলুৱৈৰ বাবে ধন খৰচ নকৰে নেকি? প্ৰশ্নটোৰ উত্তৰ–কৰে৷ কিন্তু যথাস্থানত নহয় আৰু উপযুক্ত খেলুৱৈৰ ক্ষেত্ৰত নহয়৷ 




পেৰিছ অলিম্পিকৰ বাবে প্ৰতিযোগিতাৰ পূৰ্বে মোদী চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে বিদেশলৈ প্ৰশিক্ষণৰ বাবে খেলুৱৈ প্ৰেৰণ কৰিছিল৷ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ইউৰোপ, আফ্ৰিকা, দক্ষিণ কোৰিয়া, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়ালৈ মুঠতে ৪৩ জন খেলুৱৈক পঠিওৱা হৈছিল পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে৷ এই প্ৰস্তুতিৰ ক্ষেত্ৰত কেইজনমান প্ৰৌঢ় খেলুৱৈৰ বাবে মোদী চৰকাৰে যি বিশাল পৰিমাণত ধন ব্যয় কৰিলে, সেয়া জানিলে কেন্দ্ৰীয় চৰকাৰখনৰ ক্ৰীড়া নীতি প্ৰকৃততে আছেনে নাই বুলি খেলৰ অ-আ-ক-খ নজনা ব্যক্তিয়েও প্ৰশ্ন কৰিব৷ কিয়নো কোনো সম্ভাৱনা নথকা, ৪০ বছৰৰ উধবৰ্ৰ কেইজনমান খেলুৱৈৰ বাবে বিদেশৰ প্ৰশিক্ষণত মোদী চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে, কিন্তু প্ৰচুৰ সম্ভাৱনা থকা খেলুৱৈৰ ক্ষেত্ৰত কৰা ব্যয় নূ্যনতম৷ টেনিছ খেলুৱৈ ৰোহন বোপান্নাৰ বয়স ৪৪ বছৰ৷ ৰাফাল নাদাল, ন’ভাক জক’ভিচ, কাৰ্লোছ আলকাৰেজৰ দৰে বিশ্বৰ শীৰ্ষস্থানীয় টেনিছ তাৰকাৰ সন্মুখত বোপান্নাৰ পোন হৈ থিয় দি থকাৰো ক্ষমতাও নাই৷

অন্যাৰ্থত তেওঁলোকৰ বিৰুদ্ধে বিজয়ী হৈ ৪৪ বছৰীয়া বোপান্নাই ভাৰতক অলিম্পিকৰ টেনিছৰ পদক দিয়াটো কল্পনাৰো অগোচৰ৷ সেই ৰোহন বোপান্নাৰ বিদেশত প্ৰশিক্ষণৰ নামত মোদী চৰকাৰে খৰচ কৰিলে কৰিলে ৰ কোটি ৩ লাখ টকা৷ মুঠতে ১৮১ দিনত তেওঁ আমেৰিকা, মনাকো, স্পেইন, ইটালি, ফ্ৰান্স, ব্ৰিটেইনত প্ৰশিক্ষণ ল’লে৷ অলিম্পিকত প্ৰৌঢ় বোপান্না দ্বিতীয় ৰাউণ্ডতে হাৰিল৷ ৪২ বছৰীয়া টেবুল টেনিছ খেলুৱৈ শৰৎ কমলক প্ৰশিক্ষণৰ বাবে ৪৪ দিন জাৰ্মানীত ৰাখিলে৷ খৰচ কৰিলে ৬.২০ লাখ টকা৷  অলিম্পিকত শৰতৰ দৌৰৰ সমাপ্তি ঘটিল প্ৰি-কোৱাৰ্টাৰ ফাইনেলত৷ এথলেটিকছত অবিনাশ ছেবল, পাৰুল চৌধুৰী, হৰমিলন বেইনছৰ নামত মোদী চৰকাৰে ব্যয় কৰিলে ৰ কোটি ৭৯ লাখ টকা৷ প্ৰশিক্ষণ ল’লে আমেৰিকাৰ কল’ৰাডো স্প্ৰিঙত৷ ৩০০০ মিটাৰ ষ্টেপলচেজত প্ৰতিদ্বন্দ্বিতা কৰা ছেবল একাদশ আৰু পাৰুলে অষ্টম স্থান লৈ ঘৰলৈ উভতিল৷ কাৰ পৰামৰ্শত মোদী চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে দেশৰ নাগৰিকৰ কৰৰ ধন এনেদৰে পানীত পেলালে তাৰ উত্তৰ নাই৷ ইয়াৰ বিপৰীতে বিগত অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ লাভলীনা বৰগোহাঁইৰ বিদেশত প্ৰশিক্ষণত চৰকাৰে ব্যয় কৰিলে মাথোঁ ৪.৪১ লাখ টকা৷ লাভলীনাক কেৱল ৬ দিনৰ বাবে চেক গণৰাজ্যলৈ পঠিওৱা হৈছিল৷ একেদৰে এইবাৰ অলিম্পিকত ইটোৰ পাছত সিটো অপ্ৰত্যাশিত ফলাফলেৰে অভাৱনীয় প্ৰদৰ্শন কৰা শ্বাটলাৰ লক্ষ্য সেনৰ প্ৰশিক্ষণত চৰকাৰে খৰচ কৰিলে মুঠেই ৯.৩৩ লাখ টকা৷ তেওঁ ফ্ৰান্সৰ মাৰ্ছাইত ১৪ দিনৰ বাবে প্ৰশিক্ষণৰ সুযোগ পাইছিল৷ লাভলীনা আৰু লক্ষ্য সেনৰ বয়স কম, দুয়ো প্ৰবল সম্ভাৱনাপূৰ্ণ খেলুৱৈ৷ কিন্তু বয়সে ভাটি দিয়া ৰোহন বোপান্নাক ১৮১ দিন, শৰৎ কমলক ৪২ দিন বিদেশত ৰাখি কোটি কোটি টকা ব্যয় কৰাৰ কাৰণ কি সেয়া একমাত্ৰ মোদী চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডব্যইহে জানে বুলি ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিয়ে মন্তব্য কৰিছে৷

একেদৰে নীৰজ চোপ্ৰাৰ বাহিৰে ফলাফল শূন্য এথলেটিকছৰ বিদেশী প্ৰশিক্ষণত চৰকাৰে ব্যয় কৰিলে ৬.২৫ কোটি টকা৷ টেনিছত ব্যয় ১.৫৭ কোটি টকা৷ অথচ পদক দিয়া আৰু সম্ভাৱনা থকা মল্লযুদ্ধত ব্যয় মাথোঁ ৫৫ লাখ টকা৷ যোৱাবাৰ পদক দিয়া ভাৰোত্তোলনত ৪২ লাখ, বক্সিঙত ৩৬ লাখ টকাহে ব্যয় কৰিলে চৰকাৰে৷ অৱশ্যে খৰচী খেল শ্বুটিঙৰ বিদেশী প্ৰশিক্ষণত ব্যয় হোৱা ৩.৮৩ কোটি পানীত নপৰিল৷ কিয়নো এইবাৰ ভাৰতৰ তিনিটা পদকেই শ্বুটিঙৰ৷ কিন্তু কোনো ফলাফল নোহোৱা এথলেটিকছৰ ৬.২৫ কোটিৰ ব্যয়ে দেশত আশ্চয় সৃষ্টি কৰিছে৷ এই ক্ষেত্ৰত অৱশ্যে নীৰজ চোপ্ৰা ব্যতিক্ৰম৷ ভাৰতে এইবাৰ বিদেশত প্ৰশিক্ষণৰ নামত ব্যয় কৰিলে ১৭.৯ কোটি টকা৷ মুঠ ব্যয়ৰ ভিতৰত নীৰজ চোপ্ৰাৰ ১৭৬ দিন ৫ খন দেশত লোৱা প্ৰশিক্ষণত ৪৮.৭৬ লাখ, শ্বাটলাৰ পি ভি সিন্ধুৰ এখন দেশৰ প্ৰশিক্ষণত ৩৬ দিনত ২৬.৬০ লাখ, মীৰাবাঈ চানুৰ আমেৰিকাত ৬৫ দিনৰ প্ৰশিক্ষণত ৪২.৫৪ লাখ, ভিনেশ ফগাটৰ ৫ খন দেশত ৯৭ দিনৰ প্ৰশিক্ষণত ৩৩.০৭ লাখ টকা ব্যয় হয়৷