Logo
image

গামোচা পিন্ধাই সৰ্বানন্দই আদৰিলে মনুসহ পদকজয়ীক

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১৬ আগষ্ট : পেৰিছ অলিম্পিক- ২০২৪১ শ্বুটিঙত দুটাকৈ ব্ৰঞ্জ পদক বিজয়ী মনু ভাকাৰক আজি নাবিকসকল তথা জাহাজ পৰিবহণ খণ্ডত কৰ্মৰত লোকসকলৰ হৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ সম্বৰ্ধনা জনায়৷ মাৰ্চেণ্ট নেভীৰ অভিজ্ঞ মুখ্য অভিযন্তাৰ জীয়ৰী মনু ভাকেৰক ভাৰতীয় বন্দৰ সংস্থাৰ তৰফৰ পৰা ফুলাম গামোচা, জাহাজৰ আৰ্হি আৰু ১০ লাখ টকাৰ চেকেৰে সম্বৰ্ধনা জনোৱা হয়৷


উল্লেখ্য যে মনু ভাকাৰ হৈছে স্বাধীনোত্তৰ কালৰ ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ যিয়ে এখন অলিম্পিকতে দুটাকৈ পদক জয় কৰিবলৈ সক্ষম হৈছে৷ মনু ভাকাৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ উপস্থিতিত যুৱ নাবিকসকলৰ সৈতে বাৰ্তালাপ কৰে৷ শ্বুটাৰগৰাকীয়ে উল্লেখ কৰে যে কেনেদৰে তেওঁ মাৰ্চেণ্ট নেভীৰ অভিযন্তাৰ পৰিয়ালত ডাঙৰ-দীঘল হৈ অনুশাসন, নিষ্ঠা আৰু মনোযোগেৰে জীৱন বাটত অগ্ৰসৰ হৈছিল৷ সোণোৱালে ভাকাৰৰ মাতৃ সুমেধা ভাকাৰ  আৰু তেওঁৰ দেউতাক ৰাম কিষাণ ভাকাৰকো সম্বৰ্ধনা জনায়৷ ৰাম কিষাণ ভাকাৰ ব্যৱসায়িক নৌবাহিনীৰ জাহাজত মুখ্য অভিযন্তা হিচাপে কৰ্মৰত৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়– পেৰিছ অলিম্পিকত মনু ভাকাৰৰ অভূতপূৰ্ব সাফল্যই তেওঁৰ একাগ্ৰতা, অধ্যৱসায় আৰু উৎকৃষ্টতাৰ দিশত নিৰন্তৰ প্ৰচেষ্টাক সূচাইছে৷ তেওঁ ভাৰতৰ যুৱ আকাংক্ষাৰ অদম্য মনোভাৱক প্ৰতিনিধিত্ব কৰে, মনুৱে অজস্ৰ যুৱক-যুৱতীক দেশৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ উদ্বুদ্ধ কৰিছে৷ মনু ভাকাৰ আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা৷