স্বদেশত উপস্থিত হৈ আবেগিক ফোগাট
নতুন দিল্লী, ১৭ আগষ্টঃ পেৰিছ অলিম্পিকত স্বৰ্ণ পদকৰ যুঁজত উপনীত হোৱাৰ পাছতো ‘অভাৰৱেইট’ৰ বাবে যোগ্যতা বাতিল হোৱাত এক অসহণীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল ৱিনেশ ফোগাট৷ তেওঁ হৃদয় দগ্ধ হৈছিল যন্ত্ৰণাত৷ জীৱনৰ এক কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছত শনিবাৰে পেৰিছৰ পৰা আহি স্বদেশত উপস্থিত হয়হি মল্লযুঁজাৰু গৰাকী৷ নতুন দিল্লীৰ ইন্দিৰা গন্ধী বিমান বন্দৰত অপেক্ষাৰত অনুৰাগী সকলে উষ্ণ আদৰণি জনায় ফোগাটক৷ বিমান বন্দৰত উপস্থিত থকা সকলৰ মাজত আছিল দেশৰ আগশাৰীৰ মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিকৰ লগতে পঞ্চায়ত প্ৰধান৷ তেওঁক ফুলৰ মালাৰে আদৰণি জনোৱা হয়৷
এখন মুকলি জীপত উঠি উপস্থিত থকা সকলোৰে প্ৰতি ৱিনেশ ফোগটে কৃতজ্ঞতা প্ৰকাশ কৰে৷ অনুৰাগীয়ে আদৰণি জনোৱাৰ সময়ত দুচকুসেমেকি উঠে ফোগাটৰ৷ আবেগিক হৈ পৰে খেলুৱৈ গৰাকী৷ ৰাজধানীত উপস্থিত হৈয়েই দেশবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা ফোগাট ৰাওনা হয় তেওঁৰ হাৰিয়ানাত থকা ওপজা গাঁও বালালিলৈ৷ এই যাত্ৰা পথত বিভিন্ন স্থানত তেওঁ সমৰ্থক সকলৰ সান্নিধ্য লাভ কৰে৷ ৱিনেশ ফোগাটৰ জীপৰ পাছে পাছে গৈছিল ৫০জনীয়া অনুৰাগীৰ এটা গ্ৰুপ৷ বালালিলৈ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকে দিল্লীৰ দ্বাৰকাত থকা এটা মন্দিৰত পূজা দিয়ে৷ অলিম্পিকত মহিলাৰ ৫০ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফোগাটে তেওঁৰ যোগ্যতা নাকচ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক’ৰ্ট অব আৰ্বিট্ৰেশ্বন ফ’ৰ স্প’ৰ্টছত [চিএছএ] আবেদন জনাইছিল৷ তেওঁ যুটীয়াভাৱে ৰূপৰ পদকৰ দাবী জনাইছিল৷ সেয়ে অলিম্পিক অন্ত পৰাৰ পাছতো খেলুৱৈ গৰাকী পেৰিছতে ৰৈ গৈছিল৷ কিন্তু বুধবাৰে তেওঁৰ আবেদন অস্বীকাৰ কৰা হয়৷ পেৰিছ অলিম্পিকত পদক জয়ত ব্যৰ্থ হোৱাৰ পাছতে অৱসৰো ঘোষণা কৰিছে দেশৰ আগশাৰীৰ মল্লযুঁজাৰু গৰাকীয়ে৷ পেৰিছত ভাৰতীয় দলৰ চেফ ডে মিশ্বন হিচাপে উপস্থিত থকা প্ৰাক্তন শ্বুটাৰ গগণ নাৰাঙো শনিবাৰে ফোগাটৰ সৈতে পেৰিছৰ পৰা আহি নতুন দিল্লীত উপস্থিত হয়৷ পেৰিছ বিমান বন্দৰত ফোগাটৰ সৈতে ফটো উঠি পোষ্ট কৰা নাৰাঙে কয়–‘গেমছ ভিলেজলৈ ৱিনেশ চেম্পিয়ন হিচাপে আহিছিল৷ তেওঁ সদায়েই আমাৰ চেম্পিয়ন হৈয়ে থাকিব৷ সহস্ৰজনৰ স্বপ্নক উৎসাহিত কৰাৰ বাবে কিছুমান লোকক অলিম্পিক পদকৰ প্ৰয়োজন নহয়৷’