Logo
image

লাভলীনাক সম্বৰ্ধনা সৰ্বানন্দ সোণোৱালৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১৭ আগষ্ট : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে  তেখেতৰ নতুন দিল্লীৰ বাসভৱনত বক্সাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহিত কৰে৷ সোণোৱালে লাভলীনাক উদ্দেশ্যি কয়– ‘অদম্য মনোবল আৰু একাগ্ৰতাৰে কঠোৰ পৰিশ্ৰম কৰি যোৱা... মোৰ দৃঢ় বিশ্বাস পৰৱৰ্তী অলিম্পিকত তুমি নিশ্চিতভাৱে পদক  জয় কৰিবা’৷ সৰ্বানন্দ সোণোৱাল লগতে কয়–‘টকিঅ’ অলিম্পিক ২০২০ত ব্ৰঞ্জৰ পদক জয়েৰে অসমৰ বাবে এক নতুন ইতিহাস সৃষ্টি কৰা লাভলীনাই পেৰিছ অলিম্পিক ২০২৪তো প্ৰতিপক্ষৰ  বিৰুদ্ধে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ক্ৰীড়াপ্ৰেমীক মুগ্ধ কৰে৷ অলপৰ বাবে এইবাৰ পদক  জয়ৰ পৰা বঞ্চিত হ’লেও লাভলীনাই সুন্দৰ খেলেৰে সকলোৰে হৃদয় জয় কৰিলে৷ লাভলীনাই অনাগত দিনবোৰত ন উদ্যমেৰে পুনৰ ক্ৰীড়াক্ষেত্ৰত উজলি উঠি দেশৰ সুনাম বৃদ্ধি কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস৷ এইক্ষেত্ৰত আমাৰ তৰফৰপৰা যথাসম্ভৱ সকলো সহযোগিতা আগবঢ়োৱা হ’ব৷ লাভলীনালৈ থাকিল অনাগত দিনবোৰৰ বাবে অশেষ শুভকামনা৷’