Logo
image

ছীজনৰ শ্ৰেষ্ঠ প্ৰদৰ্শন সত্ত্বেও ৰূপৰ পদকতে সন্তুষ্ট নীৰজ চোপ্ৰা

লুছান, ২৪ আগষ্ট : যোৱা বছৰ ডোহাৰ ডায়মণ্ড লীগত ৮৮.৬৭  মিটাৰলৈ জেভেলিন নিক্ষেপ কৰি স্বৰ্ণপদক জয় কৰিছিল নীৰজ চোপ্ৰাই৷ চলিত বছৰত ডোহাত তেওঁ ৰূপৰ পদক পাইছিল ৮৮.৩৬ মিটাৰলৈ দলিয়াই৷ লুছান ডায়মণ্ড লীগত তেওঁৰ পৰা স্বৰ্ণপদক আশা কৰা হৈছিল৷ কিন্তু সেয়াও সম্ভৱ নহ’ল৷ পেৰিছ অলিম্পকৰ পাছত লুছান ডায়মণ্ড লীগ আছিল নীৰজ চোপ্ৰাৰ প্ৰথমখন টুৰ্নামেণ্ট৷ পেৰিছ অলিম্পিকৰ তুলনাত অধিক দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিলেও এইবাৰো ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ভাৰতীয় এথলীটজন৷ স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছ আৰা জাৰ্মানীৰ জুলিয়ান ৱেবাৰে৷ ২০২২ আৰু ২০২৩ চনত ক্ৰমাগত দুবাৰ ডায়মণ্ড লীগত স্বৰ্ণপদক লাভ কৰা নীৰজৰ ওপৰত লুছানৰ ডায়মণ্ড লীগতো সকলোৰে দৃষ্টি আছিল৷



বৃহস্পতিবাৰৰ প্ৰতিদ্বন্দ্বিতাত নীৰজে প্ৰথম থ্ৰ’ত নিক্ষেপ কৰিছিল ৮২.ৰ মিটাৰলৈ৷ তাৰ বিপৰীতে এণ্ডাৰছন আৰু জুলিয়ানে দলিয়াইছিল ক্ৰমে ৮৬.৩৬ আৰু ৮৫.০৭ মিটাৰলৈ৷ দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত নীৰজে দলিয়াইছিল ক্ৰমে ৮৩.২১ আৰু ৮৩.১৩ মিটাৰলৈ৷ চতুৰ্থ প্ৰচেষ্টাত ৮২.৩৪ মিটাৰলৈ দলিয়াই চতুৰ্থ স্থানত আছিল ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ স্বৰ্ণপদক জয় কৰা এথলীটজনে৷ তাৰ পাছত পঞ্চমটো থ্ৰ’ত  ৮৫.৫৮ মিটাৰলৈ দলিয়াই তৃতীয় স্থানলৈ উন্নীত হৈছিল নীৰজ৷ ইপিনে, এণ্ডাৰছনে ষষ্ঠ ৰাউণ্ডত ৯০.৬১ মিটাৰলৈ জেভেলিন নিক্ষেপ কৰি স্বৰ্ণপদক প্ৰায় নিশ্চিত কৰিছিল৷ দ্বিতীয় স্থানত থকা জুলিয়ানে দলিয়াইছিল ৮০.৪৭  মিটাৰলৈ৷ এনে স্থিতিত স্বৰ্ণপদক জয় কৰিবলৈ নীৰজক প্ৰয়োজন আছিল প্ৰায় ৯১ মিটাৰলৈ দলিওৱাৰ৷ কিন্তু তেওঁ সক্ষম হয় ৮৯.৪৯ মিটাৰলৈ দলিয়াবলৈ, যিটো আছিল চলিত ছীজনত তেওঁৰ শ্ৰেষ্ঠ থ্ৰ’৷ এই প্ৰদৰ্শনেৰে তেওঁ ৰূপৰ পদক লাভ কৰে৷ উল্লেখ্য, পেৰিছ অলিম্পিকত স্বৰ্ণপদক লাভ কৰা পাকিস্তানৰ আশ্বাৰ্দ নাদীমে লুছান ডায়মণ্ড লীগত ভাগ লোৱা নাছিল৷