ছীজনৰ সমাপ্তিৰ পূৰ্বে ইণ্টাৰ মায়ামিলৈ প্ৰত্যাৱৰ্তন ঘটিব মেছিৰ
নতুন দিল্লী, ২৫ আগষ্ট : ছীজন সমাপ্তিৰ পূৰ্বেই ইণ্টাৰ মায়ামিলৈ প্ৰত্যাৱৰ্তন ঘটিব ছুপাৰষ্টাৰ ফুটবলাৰ লিঅ’নেল মেছিৰ৷ শুকুৰবাৰে এক সংবাদ মেলত এই কথা ঘোষণা কৰিছে ইণ্টাৰ মায়ামিৰ মুখ্য প্ৰশিক্ষক টাটা মাৰ্টিনোৱে৷ ১৪ জুলাইত কোপা আমেৰিকাৰ ফাইনেলত কলম্বিয়াৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ হৈ অংশ লোৱাৰ সময়ত গোৰোহাত আঘাত পাইছিল মেছিয়ে৷ তেতিয়াৰ পৰাই তেওঁ আমেৰিকাৰ ক্লাবটোৰ হৈ খেলা নাই৷
অৱশ্যে, মেছিৰ কেতিয়া দললৈ প্ৰত্যাৱৰ্তন ঘটিব সেই বিষয়ে নিৰ্দিষ্টকৈ জনোৱা নাই মাৰ্টিনোৱে৷ ছীজনৰ অৱশিষ্ট ৯ খন মেচৰ এখনত হ’লেও মেছিৰ প্ৰত্যাৱৰ্তন ঘটিব বুলি তেওঁ কয়৷ প্ৰশিক্ষক মাৰ্টিনোৱে কয়–‘মেছিৰ কেতিয়া অনুশীলনলৈ প্ৰত্যাৱৰ্তন ঘটিব মই সঠিককৈ ক’ব নোৱাৰিম৷ কিন্তু এটা কথা ঠিক যে সেই দিন বেছি আঁতৰত নহয়৷ তেওঁৰ অৱস্থা এতিয়া আগতকৈ যথেষ্ট ভাল৷’