Logo
image

আইচিচিৰ নতুন অধ্যক্ষ জয় শ্বাহ, ভাৰতীয় ব’ৰ্ডৰ দায়িত্ব ল’ব জেট্‌লী-পুত্ৰই

 ‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ আগষ্ট : প্ৰত্যাশিতভাৱেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ আইচিচিৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হ’ল৷ তেওঁৰ আইচিচিৰ শীৰ্ষ পদ নিশ্চিত হোৱাৰ সময়তে তেওঁ এৰি যোৱা আসনত এসময়ৰ আন এগৰাকী প্ৰভাৱশালী বিজেপি নেতাৰ পুত্ৰই দখল কৰাটোও প্ৰায় নিশ্চিত হৈছে৷ আজি মঙলবাৰে জয় শ্বাহে আইচিচিৰ আইচিচিৰ নতুন অধ্যক্ষ জয় শ্বাহঅধ্যক্ষৰ পদৰ বাবে মনোনয়ন দাখিল কৰে৷ তেওঁৰ বিৰুদ্ধে এই পদত আন কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল৷ ফলত জয় শ্বাহ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ আসনত অধিষ্ঠিত হয়৷ উল্লেখ্য ৩৫ বছৰীয়া জয় শ্বাহ হৈছে আইচিচিৰ সৰ্ব কনিষ্ঠ অধ্যক্ষ৷ তেওঁ একেৰাহে দুবছৰীয়া তিনিটা কাৰ্যকাল অৰ্থাৎ ছবছৰ এই পদত অধিষ্ঠিত হৈ থাকিব৷  বিশ্ব ক্ৰিকেটৰ শীৰ্ষ আসনখনত এতিয়াৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই আৰু এটা কাৰ্যকাল থাকিব পাৰিলেহেঁতেন৷ কিন্তু নিউজীলেণ্ডৰ এই ক্ৰিকেট প্ৰশাসকজনে অন্তিমটো কাৰ্যকাল নাথাকে বুলি আগতেই ঘোষণা কৰিছিল৷ অধ্যক্ষৰ পদত স্থলাভিষিক্ত হোৱাৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহেই সবাটোকৈ উপযুক্ত প্ৰাৰ্থী হিচাপে চৰ্চা হৈ আছিল৷  জয় শ্বাহ আই চি চিৰ শীৰ্ষ আসনখনত অধিষ্ঠিত হোৱাৰ লগে লগে তেওঁ খালী কৰি যোৱা আসনখনৰ অধিকাৰী অৰ্থাৎ  ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ পৰৱৰ্তী  সচিব হ’ব বিজেপিৰ প্ৰয়াত নেতা অৰুণ জেটলীৰ পুত্ৰ ৰোহণ জেটলী৷ আই চি চিৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰাৰ্থী অৰ্থাৎ জয় শ্বাহক প্ৰস্তাৱক আৰু সমৰ্থক হিচাপে দুখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সহায়ৰ প্ৰয়োজন হৈছিল৷



জয় শ্বাহক ইংলেণ্ড আৰু অষ্টে˜লিয়া ব’ৰ্ডে প্ৰস্তাৱ আৰু সমৰ্থন কৰাৰ কথা আৰু সেইমতে তেওঁ উক্ত দুয়োখন দেশৰ ব’ৰ্ডৰ পৰা সহায় লাভ কৰে৷ জয় শ্বাহৰ আসনত বহিবলগীয়া ৰোহন জেটলী সম্প্ৰতি দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ অধ্যক্ষৰ দায়িত্বত আছে৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ নিয়ন্ত্ৰণ বিজেপিয়ে নিজৰ হাতত ৰখাৰ উদ্দেশ্যেই ৰোহন জেটলীক সচিবৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত হৈছে৷ প্ৰাক্তন বিত্তমন্ত্ৰী, প্ৰয়াত অৰুণ জেটলীও এসময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ উচ্ছ পদত আছিল৷ পেছাত অধিবক্তা ৰোহন জেটলী প্ৰত্যক্ষভাৱে ৰাজনীতিত জড়িত নহ’লেও তেওঁ বিজেপিৰ অতি ঘনিষ্ঠ৷ সম্প্ৰতি তেওঁ দিল্লী উচ্ছ ন্যায়ালয়ত মোদী চৰকাৰৰ ‘ষ্টেণ্ডিং কাউন্সিল’ৰো দায়িত্বত আছিল৷ সেয়ে ৰোহন জেটলী ব’ৰ্ডৰ সচিব হ’লে দেশৰ ক্ৰিকেট ব’ৰ্ডৰ নিয়ন্ত্ৰণ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ হাততে থাকিব৷ উল্লেখ্য বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ আসন লাভ কৰা জয় শ্বাহ হৈছে পঞ্চমজন ভাৰতীয় ক্ৰিকেট প্ৰশাসক৷ ইয়াৰ পূৰ্বে আইচিচিৰ অধ্যক্ষৰ পদ শুৱনি কৰা ক্ৰিকেট প্ৰশাসক কেইজন হৈছে– জগমোহন ডালমিয়া, শাৰদ পাৱাৰ, এন শ্ৰীনিবাসন আৰু শশাংক মনোহৰ৷ অধ্যক্ষৰ পদৰ বাবে মনোনয়ন দাখিল কৰে৷ তেওঁৰ বিৰুদ্ধে এই পদত আন কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল৷ ফলত জয় শ্বাহ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ আসনত অধিষ্ঠিত হয়৷ উল্লেখ্য ৩৫ বছৰীয়া জয় শ্বাহ হৈছে আইচিচিৰ সৰ্ব কনিষ্ঠ অধ্যক্ষ৷ তেওঁ একেৰাহে দুবছৰীয়া তিনিটা কাৰ্যকাল অৰ্থাৎ ছবছৰ এই পদত অধিষ্ঠিত হৈ থাকিব৷  বিশ্ব ক্ৰিকেটৰ শীৰ্ষ আসনখনত এতিয়াৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই আৰু এটা কাৰ্যকাল থাকিব পাৰিলেহেঁতেন৷ কিন্তু নিউজীলেণ্ডৰ এই ক্ৰিকেট প্ৰশাসকজনে অন্তিমটো কাৰ্যকাল নাথাকে বুলি আগতেই ঘোষণা কৰিছিল৷ অধ্যক্ষৰ পদত স্থলাভিষিক্ত হোৱাৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহেই সবাটোকৈ উপযুক্ত প্ৰাৰ্থী হিচাপে চৰ্চা হৈ আছিল৷ 

জয় শ্বাহ আই চি চিৰ শীৰ্ষ আসনখনত অধিষ্ঠিত হোৱাৰ লগে লগে তেওঁ খালী কৰি যোৱা আসনখনৰ অধিকাৰী অৰ্থাৎ  ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ পৰৱৰ্তী  সচিব হ’ব বিজেপিৰ প্ৰয়াত নেতা অৰুণ জেটলীৰ পুত্ৰ ৰোহণ জেটলী৷ আই চি চিৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰাৰ্থী অৰ্থাৎ জয় শ্বাহক প্ৰস্তাৱক আৰু সমৰ্থক হিচাপে দুখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সহায়ৰ প্ৰয়োজন হৈছিল৷ জয় শ্বাহক ইংলেণ্ড আৰু অষ্টে˜লিয়া ব’ৰ্ডে প্ৰস্তাৱ আৰু সমৰ্থন কৰাৰ কথা আৰু সেইমতে তেওঁ উক্ত দুয়োখন দেশৰ ব’ৰ্ডৰ পৰা সহায় লাভ কৰে৷ জয় শ্বাহৰ আসনত বহিবলগীয়া ৰোহন জেটলী সম্প্ৰতি দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ অধ্যক্ষৰ দায়িত্বত আছে৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ নিয়ন্ত্ৰণ বিজেপিয়ে নিজৰ হাতত ৰখাৰ উদ্দেশ্যেই ৰোহন জেটলীক সচিবৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত হৈছে৷ প্ৰাক্তন বিত্তমন্ত্ৰী, প্ৰয়াত অৰুণ জেটলীও এসময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ উচ্ছ পদত আছিল৷ পেছাত অধিবক্তা ৰোহন জেটলী প্ৰত্যক্ষভাৱে ৰাজনীতিত জড়িত নহ’লেও তেওঁ বিজেপিৰ অতি ঘনিষ্ঠ৷ সম্প্ৰতি তেওঁ দিল্লী উচ্ছ ন্যায়ালয়ত মোদী চৰকাৰৰ ‘ষ্টেণ্ডিং কাউন্সিল’ৰো দায়িত্বত আছিল৷ সেয়ে ৰোহন জেটলী ব’ৰ্ডৰ সচিব হ’লে দেশৰ ক্ৰিকেট ব’ৰ্ডৰ নিয়ন্ত্ৰণ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ হাততে থাকিব৷ উল্লেখ্য বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ আসন লাভ কৰা জয় শ্বাহ হৈছে পঞ্চমজন ভাৰতীয় ক্ৰিকেট প্ৰশাসক৷ ইয়াৰ পূৰ্বে আইচিচিৰ অধ্যক্ষৰ পদ শুৱনি কৰা ক্ৰিকেট প্ৰশাসক কেইজন হৈছে– জগমোহন ডালমিয়া, শাৰদ পাৱাৰ, এন শ্ৰীনিবাসন আৰু শশাংক মনোহৰ৷