Logo
image

যেন জুই বৰষিছে অনুভৱ ৫১ ডিগ্ৰী

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩১ আগষ্ট : দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ কৃপাত বিগত সময়চোৱাত মাজে সময়ে বৰষুণ হৈ থকা বাবে গেলা গৰমৰ পৰা ৰাইজে সাময়িকভাৱে কিছু  সকাহ লাভ কৰিছিল৷ কিন্তু কিছুদিন ধৰি বৰষুণৰ পৰিমাণ তুলনামূলক ভাৱে কমি অহাৰ বিপৰীতে ৰাজ্যত পুনৰ তাপমাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আনকি শুকুৰবাৰে পুৱাৰ ভাগতে আকাশত সূৰুয দেৱতাই ভালকৈ ভূমুকি মৰাৰ ফলত দিনৰ ১০ বজাতেই আকাশৰ পৰা যেন জুইহে বৰষিছে তেনে এক পৰিৱেশৰ সৃষ্টি হয়৷ ইফালে শুকুৰবাৰৰ দিনটোত হঠাতে হোৱা উৎকট গৰমে এই ভাদ মাহৰ আধা দিন পাৰ হোৱাৰ সময়ত জেঠ বা আহাৰ মাহৰ দৰে গৰম অনুভূত হৈছে৷ আনকি শুকুৰবাৰে উত্তৰ পূবৰ ভিতৰতে গুৱাহাটীৰ তাপমাত্ৰাই অভিলেখৰ সৃষ্টি কৰে৷ শুকুৰবাৰে গুৱাহাটীৰ সৰ্বাধিক  যেন জুই বৰষিছে অনুভৱ ৫১ ডিগ্ৰী তাপমাত্ৰা আছিল ৩৭.৬ ডিগ্ৰী চেলচিয়াছ৷ যিটো স্বাভাৱিকতকৈ ৪.৫ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ ইফালে তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিলেও ইয়াত বায়ুমণ্ডলৰ আদ্ৰতাৰ তাৰতম্য আৰু বায়ুমণ্ডলৰ জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱা বাবে ৰাইজে উত্তৰ ভাৰতৰ ৰাজ্য সমূহত ৫১ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হলে যেনেকুৱা অনুভৱ কৰে, ইয়াত তেনে অনুভৱ কৰিবলগীয়া হৈছে৷ উৎকট গৰমৰ বাবে গুৱাহাটী ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাভাৱিক জনজীৱন ব্যাহত হয়৷ আনকি দুই-এঠাইত বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰী মূৰ্চা যোৱা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে সন্ধিয়াৰ ভাগত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা এজাক মধ্যমীয়া পৰিমাণৰ বৰষুণৰ ফলত তাপমাত্ৰা কিছু কমি যোৱাত নিশাৰ ভাগত ৰাইজে উৎকট গৰমৰ পৰা কিছু সকাহ লাভ কৰে৷


ইফালে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি মতে সাধাৰণতে ভাদ মাহৰ এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ৩১ৰ পৰা ৩৩ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব লাগে৷ কিন্তু বিগত প্ৰায় তিনি-চাৰিদিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণৰ পৰিমাণ কমি অহাত তাপমাত্ৰা অস্বাভাৱিকভাবে বৃদ্ধি পাইছে৷ উদ্বেগজনকভাৱে স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৩ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷ আনহাতে শুকুৰবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক তাপমান আছিল ৰাজধানী গুৱাহাটী মহানগৰীত৷ গুৱাহাটীৰ পাছত ওদালগুৰি জিলাৰ মাজবাট চহৰত শুকুৰবাৰে স্বাভাৱিকতকৈ ৪.৩ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৭.২ ডিগ্ৰী চেলচিয়াছ৷ তেনেদৰে বিগত কিছুদিনত নিশাৰ ভাগতো সৰ্বনিম্ন তাপমাত্ৰা ঠাইবিশেষে স্বাভাবিকতকৈ ১ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাবস্থান কৰিবলৈ বাধ্য হৈছে৷  বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৬ ডিগ্ৰী চেলছিয়াছ হ’লেই ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৪৫-৪৯ ডিগ্ৰী চেলছিয়াছৰ দৰে হয়গৈ৷এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধবংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে৷ কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো পূৰ্বৰ তুলনাত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে৷ আনহাতে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ– ডিব্ৰুগড়ত ৩৬.০ ডিগ্ৰী চেলছিয়াছ, , তেজপুৰত ৩৭.০ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৬.৩ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৬.৫ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ৩৬.২ ডিগ্ৰী চেলচিয়াছ, ধুবুৰীত ৩৬.১ ডিগ্ৰী চেলচিয়াছ আছিল৷ আনকি একে সময়চোৱাত উত্তৰ পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা স্বাভাবিকতকৈ ৪.২ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈ হয়গৈ ২৭.৯ ডিগ্ৰী চেলচিয়াছ৷ একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে৷ য’ত গ্ল’বেল ৱামিঙ বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ একেদৰে গৰম বৃদ্ধি বা শীতকালো হ্ৰাস পাব পাৰে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উৎকট গৰমৰ মাজতে অহা তিনি-চাৰিদিনত অসমৰ কেতবোৰ অঞ্চলত গাজনী, ঢেৰেকণি, ধুমুহাৰ সৈতে মাজে সময়ে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৃষ্টিপাত হ’ব পাৰে বুলি আগজাননী দিছে৷ অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷