Logo
image

পেৰালিম্পিকছত অৱনী লেখাৰাৰ স্বৰ্ণ, মনীষৰ ৰূপ

পেৰিছ, ৩১ আগষ্ট : পেৰালিম্পিকছৰ দ্বিতীয়দিনা ভাৰতে শ্বুটিঙত তিনিটা পদক লাভ কৰিছে, য’ত আছে এটাকৈ স্বৰ্ণ, ৰূপ আৰুএটা ব্ৰঞ্জৰ পদক৷ আন এটা ব্ৰঞ্জৰ পদক আহিছে ট্ৰেক এণ্ড ফিল্ডত৷ চাৰিটা পদকেৰে পদক তালিকাত ভাৰত আছে দশম স্থানত৷ ভাৰতৰ হৈ স্বৰ্ণপদকটো লাভ কৰে অৱনী লেখাৰাই৷ ২০২০ চনৰ টকিঅ’ পেৰালিম্পিকছতো স্বৰ্ণপদক সাভ কৰা অৱনীৰ এয়া হৈছে ক্ৰমাগত দুবাৰৰ পেৰালিম্পিকছত স্বৰ্ণ জয়৷ শুকুৰবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত (ষ্টেণ্ডিং এছএইচ-ৱান) স্বৰ্ণপদক লাভ কৰিছিল শ্বুটাৰগৰাকীয়ে৷ উল্লেখ্য, অলিম্পিকত এতিয়ালৈকে কোনো ভাৰতীয় মহিলা স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু পেৰালিম্পিকছত এই কৃতিত্ব অৰ্জন কৰিলে অৱনীয়ে৷ ৯ বছৰ পূৰ্বে ১৩ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ৰাইফল হাতত তুলি লোৱা অৱনীয়ে দ্বিতীয় স্থানত থকা দক্ষিণ কোৰিয়াৰ উনৰি লীতকৈ তিনি পইণ্ট বেছিকৈ লাভ কৰি স্বৰ্ণপদক জয় নিশ্চিত কৰিছিল৷


অৱনীয়ে লাভ কৰিছিল ২৪৯.৭ পইণ্ট (গেমছ ৰেকৰ্ড)৷ ২২৮.৭ পইণ্টেৰে এই ইভেণ্টটোত ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতৰে মোনা আগৰৱালে৷ ইপিনে, পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলত (এছএইচ-ৱান) ৰূপৰ পদক লাভ কৰিছে ভাৰতৰ মনীষ নাৰৱালে৷ টকিঅ’ পেৰালিম্পিকছত দলীয় বিভাগত স্বৰ্ণপদক লাভ কৰা মনীষে এইবাৰ ৰূপৰ পদক পালে ব্যক্তিগত বিভাগত৷ শুকুৰবাৰে  মনীষে স্ক’ৰ কৰিছিল ২৩৪.৯ ৷  ২৩৭.৪ পইণ্ট স্ক’ৰ কৰি এই ইভেণ্টটোত স্বৰ্ণপদক লাভ কৰে দক্ষিণ  কোৰিয়াৰ জন ডেনিয়েল জোৱে৷ ২১৪.৩ পইণ্ট স্ক’ৰ কৰি  ব্ৰঞ্জৰ পদক লাভ কৰে চীনৰ য়াং চাৱে৷  শ্বুটিঙত তিনিটা পদকৰ উপৰি শুকুৰবাৰে ভাৰতে ট্ৰেক এণ্ড ফিল্ডতো এটা পদক লাভ কৰে৷ মহিলাৰ ১০০ মিটাৰ ম্প্ৰিণ্টত (টি-৩৫) ১৪.২১ ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক জয় কৰিছে প্ৰীতি পালে৷ ১৩.৫৮ ছেকেণ্ডেৰে চীনৰ জিয়া ঝৌৱে স্বৰ্ণ আৰু কিয়ানকিয়ান গুৱে (১৩.৭৪) ব্ৰঞ্জৰ পদক লাভ কৰে৷