Logo
image

এয়াৰ পিষ্টলত ব্ৰঞ্জ জয় ৰুবিনাৰ

পেৰিছ , ৩১ আগষ্টঃ চলিত পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত (এছ এইচ ১) ব্ৰঞ্জৰ পদক জয়  কৰিছে ভাৰতীয় শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে৷ ইয়াকে ধৰি প্ৰতিযোগিতাখনত ভাৰতে লাভ কৰা পদকৰ সংখ্যা পাঁচটালৈ বৃদ্ধি পালে৷ ভাৰতৰ প্ৰথম মহিলা পিষ্টল  শ্বুটাৰ পিচাপে ৰুবিনাই পেৰালিম্পিকত পদক জয় কৰিলে৷ প্ৰতিযোগিতাখনত শ্বুটিঙৰ জৰিয়তে আহিল চতুৰ্থটো পদক৷ ফাইনেলত ৰুবিনাই  ২১ৰ.ৰ স্ক’ৰ কৰি ব্ৰঞ্জ জয় কৰে৷ কোৱালিফায়িং ৰাউণ্ডত  তেওঁ ৫৫৬ স্ক’ৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল৷ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত (এছ এইচ ১) নিৰাশজনক প্ৰদৰ্শনেৰে কোৱালিফিকেশ্বন ৰাউণ্ডত ১৪ সংখ্যক স্থান হে লাভ কৰিবলৈ সক্ষম হয় ভাৰতৰ স্বৰূপ উনহালকাৰে৷ পেৰিছত চলি থকা প্ৰতিযোগিতাখনৰ বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ এছ এল ৩ আৰু এছ এল চ্ছ্ৰত ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ ক্ৰমে নিতেশ কুমাৰ আৰু সুকান্ত কাদম৷


যোৱা বছৰ চীনত এছিয়ান পেৰা গেমছত ৰূপৰ পদক জয় কৰা নিতেশে অগ্ৰগতিৰ পথত থাইলেণ্ডৰ মংখন বুনছুনক ২১-১৩, ২১-১৪ গেমত পৰাস্ত কৰে৷ গ্ৰুপ ‘এ’ত তেওঁ শীৰ্ষত থাকে৷ গ্ৰুপ ‘এ’ৰ দ্বিতীয় স্থানত থাৰি বুনছুনেও ছেমিফাইনেলত প্ৰৱেশ কৰে৷ সুকান্তে থাইলেণ্ডৰ টেমাৰ’ম ছিৰিপঙক ২১-১২, ২১-১২ গেমত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে৷ যোৱা বছৰ এছিয়ান পেৰা গেমছত সুকান্তে ব্ৰঞ্জৰ পদক জয় কৰিছিল৷ ভাৰতৰ সুহাছ য়াথিৰাজো বেডমিণ্টনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷