Logo
image

‘বুলড’জাৰ’ নিষিদ্ধ কৰিলে সৰ্বোচ্ছ ন্যায়ালয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ছেপ্টেম্বৰ : এতিয়াৰে পৰা কোনো অভিযুক্তৰ ঘৰত আৰক্ষীয়ে চলাব নোৱাৰিব বুলড’জাৰ৷– উচ্ছতম ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে দেশৰ প্ৰতিখন ৰাজ্যকে৷ অভিযুক্তৰ ঘৰ বুলড’জাৰে উচ্ছেদ চলোৱাৰ বিষয়টোৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক গাইডলাইন প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে সৰ্বোচ্ছ ন্যায়ালয়ে৷ উল্লেখ্য, উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথৰ চৰকাৰে একাংশ অভিযুক্তৰ ঘৰত বুলড’জাৰ চলাই নিশাটোৰ ভিতৰতে উচ্ছেদ কৰি আহিছে৷ যোগী আদিত্য নাথৰ চৰকাৰৰ উক্ত আৰ্হি অনুসৰণ কৰি অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও বুলড’জাৰে অভিযুক্তৰ ঘৰ উচ্ছেদ আৰম্ভ কৰিছিল৷ বটদ্ৰৱাত থানা জ্বলোৱা ঘটনাত অভিযুক্তৰ ঘৰত নিশাটোৰ ভিতৰতে বুলড’জাৰ চলাই উচ্ছেদ চলাইছিল নগাঁও আৰক্ষীয়ে৷ আইন হাতত তুলি আৰক্ষীয়ে নিজেই আইন বিৰুদ্ধ কাৰ্যৰে বুলড’জাৰ অপ-সংস্কৃতিক আকোঁৱালি লৈছিল৷ বটদ্ৰৱাৰ বুলড’জাৰ কাণ্ডৰ পাছতেই বঙাইগাঁৱতো এখন মাদ্ৰাছাৰ এজন শিক্ষক জেহাদীৰ গোচৰত গ্ৰেপ্তাৰ হোৱাত আৰক্ষী-প্ৰশাসনে মাদ্ৰাছাখনকে বুলড’জাৰে উচ্ছেদ কৰিছিল৷ কিন্তু ন্যায়ালয়ৰ ৰোষত পৰাৰ ভয়ত অসম চৰকাৰে ৰাজকোষৰ ধনেৰে পুনৰ মাদ্ৰাছাখন নিৰ্মাণৰ কথা ঘোষণা কৰিছিল৷ শেহতীয়াকৈ বটদ্ৰৱাৰ বুলড’জাৰ কাণ্ডত ঘৰ উচ্ছেদ কৰা ৬ টা ভুক্তভোগী পৰিয়ালক উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত ৩০ লাখ টকা ক্ষতিপূৰণ আদায় দিবলৈ বাধ্য হৈছিল অসম আৰক্ষীয়ে৷ ইমানেই নহয়, বুলড’জাৰ চলোৱাৰ নিৰ্দেশ দিয়াৰ অপৰাধত নগাঁৱৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক আৰু এজন অ’চিক চৰকাৰে দোষী সাব্যস্ত কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল৷


অসম আৰক্ষীৰ বুলড’জাৰ কাণ্ডক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ে কঠোৰ হোৱাৰ সময়তে এইবাৰ সৰ্বোচ্ছ ন্যায়ালয়ে সমগ্ৰ দেশতে আৰক্ষী-প্ৰশাসনে অভিযুক্ত হোৱাৰ বাবে বুলড’জাৰে অভিযুক্তৰ ঘৰ উচ্ছেদ কৰা কাৰ্যক নিষিদ্ধ ঘোষণা কৰিছে৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে বুলড’জাৰে অভিযুক্তৰ ঘৰ উচ্ছেদৰ এটা গোচৰৰ সোমবাৰে শুনানি লৈ সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এই ঐতিহাসিক ৰায় প্ৰদান কৰে৷ দেশৰ কেইবাখনো ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে তাৎক্ষণিক শাস্তিমূলক ব্যৱস্থা হিচাপে অপৰাধৰ অভিযোগত অভিযুক্তৰ ঘৰ বুলড’জাৰ লগাই ভাঙি পেলোৱা আইন বিৰুদ্ধ কাৰ্যৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ দেশতে বুলড’জাৰৰ ব্যৱহাৰক লৈ গাইড লাইন প্ৰস্তুতৰো নিৰ্দেশ কৰে৷ সোমবাৰৰ শুনানিত বুলড’জাৰ কাণ্ডত উদ্বেগ প্ৰকাশ কৰি ন্যায়াধীশ গাভাই কয়–অভিযুক্ত বুলিয়েই ঘৰ কেনেকৈ ভাঙিব পাৰে? কোনো অকতৃৰ্ত্বশীল নিৰ্মাণক আদালতে সুৰক্ষা নিদিয়ে বুলি উল্লেখ কৰি বিচাৰপীঠখনে লগতে কয়–কোনো নিৰ্মাণ অকতৃৰ্ত্বশীল হ’লেও আইন অনুসৰি পদ্ধতিগতভাৱে ভাঙি পেলোৱাৰ কাম কৰিব পাৰে৷ এজন পিতৃৰ পুত্ৰ বিদ্ৰোহী হ’ব পাৰে৷ কিন্তু সেই বুলি পিতৃৰ ঘৰ ভাঙি পেলোৱাটো, কেতিয়াও সমাধান নহয়৷