Logo
image

কামাখ্যাত পূজা দিলে গৌতম গম্ভীৰে

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৪ ছেপ্টেম্বৰ : ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম বাৰৰ বাবে শক্তিপীঠ কামাখ্যা মন্দিৰত যাৱতীয় পূজা অৰ্চনা কৰাৰ বাবে মঙলবাৰে গুৱাহাটীত আহি উপস্থিত হয় প্ৰাক্তন ক্ৰিকেট খেলুৱৈ গৌতম গম্ভীৰ৷ নতুন দিল্লীৰ পৰা ভিষ্টাৰা এয়াৰ লাইনন্সৰ বিমানৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দিনৰ ১১ বজাত আহি উপস্থিত হোৱা ক্ৰিকেটাৰ গৌতম গম্ভীৰে বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ ৰাওনা হয়৷ দুপৰীয়া প্ৰায় ১২.৩০ বজাত কামাখ্যা মন্দিৰত উপস্থিত হোৱাৰ পাছত তেওঁক কামাখ্যা দলৈ সমাজৰ কাৰ্যালয়ত ভাস্কৰ শৰ্মাকে ধৰি কেবাজনো কৰ্মকৰ্তাই কামাখ্যা দেৱালয়ৰ পৰম্পৰাগত প্ৰথাৰে আদৰণি জনোৱা হয়৷


তাৰ পাছত তেওঁ কামাখ্যা মন্দিৰত প্ৰায় আধা ঘণ্টা ধৰি যাৱতীয় পূজা অৰ্চনা কৰি পুনৰ নতুন দিল্লীলৈ উভতি যায়৷ পূজা অৰ্চনা কৰা কাৰ্যত পুৰোহিত হিচাপে সহযোগ কৰে ভাস্কৰ শৰ্মাই৷ ইফালে ভাৰতীয় জাতীয় ক্ৰিকেট প্ৰতিযোগিতাত মুখ্য প্ৰশিক্ষক হিচাপে গুৱাহাটীত অহা খবৰ পাই বৰঝাৰ বিমানবন্দৰ আৰু কামাখ্যা মন্দিৰত বৈদু্যতিন সংবাদ মাধ্যমৰ একাংশ সাংবাদিকে গৌতম গম্ভীৰৰ গুৱাহাটী আগমন সন্দৰ্ভত ভাষ্য লবলৈ চেষ্টা কৰিছিল৷ কিন্তু গৌতম গম্ভীৰে বিনয়ৰে ইয়াক প্ৰত্যাখান কৰি এয়া তেওঁৰ ব্যক্তিগত কাৰ্যসূচী বুলি সংবাদ মাধ্যমক এৰাই চলা পৰিলক্ষিত হয়৷