Logo
image

পেৰালিম্পিকছৰ হাইজাম্পত প্ৰবীণ কুমাৰৰ স্বৰ্ণপদক

নতুন দিল্লী, ৭ ছেপ্টেম্বৰ : টকিঅ’ পেৰালিম্পিকছত ৰূপৰ পদক লাভ কৰিছিল প্ৰবীণ কুমাৰে৷ এইবাৰ পেৰিছ গেমছত তেওঁ দখল কৰিলে স্বৰ্ণপদক৷ শুকুৰবাৰে পুৰুষৰ হাইজাম্পত ২.০৮ মিটাৰ উচ্ছতালৈ জঁপিয়াই শীৰ্ষস্থানত থাকে প্ৰবীণ৷ দ্বিতীয় স্থানত থকা আমেৰিকাৰ ডেৰেক লকিডেণ্টতকৈ তেওঁ ০.০২ মিটাৰ অধিক উচ্ছতালৈ জঁপিয়ায়৷ টকিঅ’ পেৰালিম্পিকছৰ দৰে এইবাৰো এছিয়ান ৰেকৰ্ড গঢ়ি স্বণপদক জয় কৰিলে প্ৰবীণে৷ টি৬৪ ইভেণ্টত টকিঅ’ত তেওঁ জঁপিয়াইছিল ২.০৭   মিটাৰ উচ্ছতালৈ৷



সেই সময়ত সেয়া আছিল এছিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ এইবাৰ পুনক অভিলেখ গঢ়িলে তেওঁ৷ প্ৰবীণ কুমাৰৰ স্বৰ্ণপদকটোৰে এইবাৰৰ পেৰালিম্পিকছত ভাৰতৰ স্বৰ্ণপদকৰ সংখ্যা বৃদ্ধি পালে ছটালৈকে৷ টকিঅ’ত ভাৰতৰ স্বৰ্ণপদকৰ সংখ্যা আছিল পাঁচটা৷ হাইজাম্পৰ পদকটোৰে এইবাৰৰ পেৰালিম্পিকছত ভাৰতৰ মুঠ পদকৰ সংখ্যা হয়গৈ ২৬ টা৷ ছটা স্বৰ্ণপদকৰ সগতে আছে ৯ টা ৰূপ  আৰু ১১টা ব্ৰঞ্জৰ পদক৷