Logo
image

অলিম্পিক কাউন্সিল অব এছিয়াৰ প্ৰথম ভাৰতীয় সভাপতি ৰণধীৰ সিং

নতুন দিল্লী, ৯ ছেপ্টেম্বৰঃ অলিম্পিক কাউন্সিল অব এছিয়াৰ (অ’ চি এ) সভাপতি হিচাপে নিৰ্বাচিত হৈছে জ্যেষ্ঠ ভাৰতীয় ক্ৰীড়া প্ৰশাসক ৰণধীৰ সিং৷ অলিম্পিক কাউন্সিল অব এছিয়াৰ ৪৪ সংখ্যক সাধাৰণ সভাত অনুষ্ঠানটোৰ প্ৰথম ভাৰতীয় সভাপতি হিচাপে ৰণধীৰ সিং নিৰ্বাচিত  হয়৷ পাঁচবাৰৰ অলিম্পিক শ্বুটাৰ ৰণধীৰ সিং পদটোৰ বাবে একমাত্ৰ যোগ্য প্ৰাৰ্থী আছিল৷ সৰ্বসন্মতি ক্ৰমে অ’ চি এৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা ৰণধীৰ সিং ২০২৪১ পৰা ২০২৮ চন পৰ্যন্ত সভাপতি পদত থাকিব৷ ৭৭ বৰ্ষীয় ৰণধীৰ সিং ২০২১ চনৰ পৰা অ’ চি এৰ কাৰ্যকৰী সভাপতি হিচাপে আছিল৷ কু¸ৱেইটৰ শ্বেইখ আহমেদ আল-ফাহাদ আল-ছাবাহৰ স্থানত সভাপতি হিচাপে দায়িত্ব পালন কৰিব ৰণধীৰ সিঙে৷



কুৱেইটৰ প্ৰশাসকজন চলিত বৰ্ষৰ মে’ত ক্ৰীড়া প্ৰসাশনৰ ক্ষেত্ৰত ১৫ বছৰৰ বাবে নিলম্বনৰ সন্মুখীন হৈছে৷ ভাৰত আৰু এছিয়াৰ ক্ৰীড়া সংগঠনত বিভিন্ন  পদত কাম কৰাৰ অভিজ্ঞতা আছে ৰণধীৰ সিঙৰ৷ ক্ৰীড়ামন্ত্ৰী মানসুখ মানদাভিয়া আৰু এছিয়াৰ ৪৫ খন দেশৰ প্ৰতিনিধিৰ সন্মুখত অলিম্পিক কাউন্সিল অব এছিয়াৰ সভাপতি হিচাপে ৰণধীৰ সিঙৰ নাম ঘোষণা কৰা হয়৷ তেওঁ ২০০১১ পৰা ২০১৪ চনৰ ভিতৰত আই অ’ চিৰ সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল৷ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত সিঙে কয়–‘মোৰ দলৰ সকলোকে অভিনন্দন৷ সকলোৰে প্ৰতি মই অন্তৰৰ গভীৰৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জনাইছো৷ এছিয়া এটা পৰিয়াল৷ আমি সকলোৱে একেলগে আগুৱাই যাম৷’