Logo
image

অসমত বন্ধ নহয় সংস্কৃত টোল

‘আমাৰ অসম’ ২৩ মাৰ্চঃ অসমত বন্ধ নহয় সংস্কৃত টোল৷ ৰাজ্যৰ সংস্কৃত টোলসমূহ নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধীনত চলিব৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে সোমবাৰে লোকসভাত সংস্কৃত টোল বন্ধ সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে৷ মন্ত্ৰীজনে লোকসভাত আৰু কয়–সংস্কৃতটোল সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়৷ আজিৰ তাৰিখত ৰাজ্যত ১০১ খন সংস্কৃত টোল আছে৷ এইসমূহ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হ’ব৷ এই সমূহ শিক্ষানুষ্ঠানত চাৰ্টিফিকেট, ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰম মুকলি কৰা হ’ব৷ ২০২২ বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা হ’ব সংস্কৃত টোলসমূহ৷ ইয়াৰ বাবে যাৱতীয় নীতি নিৰ্দেশনা জাৰি কৰা হৈছে৷ উক্ত কেন্দ্ৰসমূহত সংস্কৃত শিক্ষাৰ উপৰি ভাৰতৰ অন্য প্ৰাচীন সাহিত্যৰ ব্যাপক ৰূপত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হ’ব৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীজনে আৰু কয় যে অসম চৰকাৰে প্ৰান্তীয় সংস্কৃত টোলসমূহৰ শিক্ষক কৰ্মচাৰীয়ে বেতন, ভাট্টা তথা অন্যান্য সা-সুবিধা পূৰ্বৰ দৰে লাভ কৰি থাকিব৷