Logo
image

পৰমানন্দৰ হৈ প্ৰচাৰ চলাবলৈ আহিব মোদী

‘আমাৰ অসম’ ২৩ মাৰ্চঃ নিশাটোৰ ভিতৰত দল সলনি কৰি বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা পৰমানন্দ ৰাজবংশীক উদ্ধাৰৰ বাবে ২৪ মাৰ্চত ছিপাঝাৰ সমষ্টিত জনসভাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ভুক্তাবাৰী গাঁৱত ভাষণ দিব মোদীয়ে৷ ভুক্তাবাৰী গাঁৱৰ সাহিত্য সভা ক্ষেত্ৰৰ পৰা ছিপাঝাৰ সমষ্টিবাসীক উদ্দেশ্যি ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ উল্লেখ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে মাহচেৰেক পূৰ্বে অগপত যোগ দিছিল৷ অগপ-বিজেপিৰ আসন বুজাবুজিৰ সময়ত ছিপাঝাৰ সমষ্টিটো অগপই বিজেপিক এৰি দিছিল৷ ইয়াৰ পিছতে ৰাজবংশীয়ে নিশাটোৰ ভিতৰত অগপ এৰি বিজেপিত যোগ দিয়ে আৰু পুৰষ্কাৰ ৰূপে লাভ কৰে ছিপাঝাৰৰ বিজেপিৰ প্ৰাৰ্থিত্ব৷ অসম সাহিত্য সভাত থকা সময়ত সাহিত্য সভাক সঘনে বিতৰ্কৰ মাজলৈ টানি আনি সাহিত্য সভাৰ মৰ্যাদা হানি কৰা বাবে তেওঁ সমালোচিত হৈছিল৷ উল্লেখ্য, এইবাৰ ছিপাঝাৰ সমষ্টিত নিৰ্বাচনৰ বহুচৰ্চিত বিষয় হৈ পৰিছে স্থানীয়-বাহিৰৰ প্ৰাৰ্থীৰ প্ৰসংগ৷ ১৯৮৫ চনৰ পৰা এতিয়ালৈকে যিকেইজন ছিপাঝাৰ সমষ্টিৰ বিধায়ক হৈছে, তেওঁলোকৰ অধিকাংশই সমষ্টিটোৰ বাহিৰৰ মানুহ৷ প্ৰায় ২০ বছৰ ছিপাঝাৰ সমষ্টিক নেতৃত্ব দিয়া জয়নাথ শৰ্মা মঙলদৈ সমষ্টিৰ লোক৷ পৰৱৰ্তী সময়ত ছিপাঝাৰৰ বিধায়ক হোৱা মাধৱ ৰাজবংশীও মঙলদৈ সমষ্টিৰ লোক৷ এইবাৰ একাধিক দলে ছিপাঝাৰ সমষ্টিৰ লোকক প্ৰাৰ্থিত্ব দিছে৷ এই প্ৰসংগই চিন্তাত পেলাইছে পৰমানন্দ ৰাজবংশীকো৷ ইফালে, মঙলবাৰে পুৱা ১০ বজাত হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সমাগত বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰখন উন্মোচন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ উক্ত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় কৃষিমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰ, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ড’নাৰ মন্ত্ৰী তথা বিজেপি অসম প্ৰদেশৰ নিৰ্বাচনী সহ প্ৰভাৰী ড॰ জিতেন্দ্ৰ সিং, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, নেডাৰ আহ্বায়ক ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷