Logo
image

আজিৰ পৰা বৰপেটা জিলাত বয়োজ্য়েষ্ঠ আৰু বাধাগ্ৰস্ত লোকৰ ভোটগ্ৰহণ

'আমাৰ অসম’ ২৪মাৰ্চঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বৰপেটা নিৰ্বাচনী জিলাৰ আশীৰ উদ্ধৰ্ৰ ব্যক্তি আৰু দিব্যাংগ ভোটাৰ সকলৰ পৰা ঘৰে ঘৰে গৈ পোষ্টেল বেলট যোগে ভোটগ্ৰহণৰ কাম আৰম্ভ হ’ব৷ সেই উদ্দেশ্যে বৰপেটা জিলা প্ৰশাসনে গঠন কৰি দিয়া ৮৮টা দলে ২৪ মাৰ্চৰ পুৱা ছয় বজাতে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাওনা হ’ব৷ বৰপেটা নিৰ্বাচনী জিলাৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে৷ তেওঁ কয় যে যি সকলে পোষ্টেল বেলটযোগে ঘৰৰ পৰাই ভোট দিবলৈ ইচ্ছা প্ৰকাশ কৰি আবেদন দাখিল কৰিছে সেই সকলেহে এই সুযোগ পাব৷ বৰপেটা জিলাৰ ৬টা বিধানসভা সমষ্টিৰ ১৭৫৭জন ৮০ বছৰৰ উদ্ধৰ্ৰ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত ভোটাৰে ভোটগ্ৰহণ কেন্দ্ৰ বিষয়াৰ [বিএলও]ৰ জৰিয়তে আবেদন দাখিল কৰিছে৷ তেওঁলোকৰ ভোটগ্ৰহণৰ বাবে যাব লগীয়া প্ৰতিটো দলত পুলিং-প্ৰিজাইডিং বিষয়াৰ উপৰি মাইক্ৰ’ অৱজাৰভাৰ, ভিডিওগ্ৰাফাৰ আৰু নিৰাপত্তা ৰক্ষীৰ লোকো থাকিব৷ এই ক্ষেত্ৰত স্বচ্ছতা ৰক্ষাৰ বাবে গোটেই প্ৰক্ৰিয়াটো ভিডিওগ্ৰাফী কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া দিনৰ ভাগতে সম্পন্ন কৰি আবেলি দলটো উভতি আহিব৷ কোনো কাৰণত এই তিনিদিনত কোনো লোক বাদ পৰিলে অহা ৩১ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সময়ত সামৰি লোৱা হব৷ প্ৰতিদিনেই সংগৃহীত বেলটসমূহ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমত জমা কৰা হ’ব৷ উল্লেখ্য যে বয়োজ্য়েষ্ঠ আৰু বাধাগ্ৰস্ত ভোটাৰসকলৰ সুবিধাৰ্থে এই প্ৰথমবাৰৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ উপৰিও নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বাবেও পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰা হ’ব পোষ্টেল বেলট কোষৰ দায়িত্বত থকা জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে জানিবলৈ দিয়ে৷