Logo
image

স্থানীয় লকডাউন ঘোষণাৰ কৰ্তৃত্ব ৰাজ্যক দিলে কেন্দ্ৰই

কৰ’নাৰ দ্বিতীয় ঢৌক লৈ উদ্বেগ

আমাৰ অসম, ২৪ মাৰ্চঃ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক প্ৰয়োজন অনুসৰি স্থানীয় লকডাউন বলৱৎ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা ক’ভিডৰ নতুন যিখন বিধি প্ৰকাশ কৰিছে তাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশকো প্ৰয়োজন অনুসৰি স্থানীয় লকডাউন বলৱৎ কৰাৰ কতৃৰ্ত্ব দিছে৷ দেশজুৰি লকডাউন বলৱৎ ঘোষণা কৰাৰ ঠিক এবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত নৰেন্দ্ৰ মোদী চৰকাৰে ঘোষণা কৰা ক’ভিডৰ নতুন এই বিধি অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ কোৱা বাহুল্য মাথোঁ, ২০২০ চনৰ ২৩ মাৰ্চ এই দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ উদ্দেশ্যে প্ৰদান কৰা ভাষণত দেশজোৰা লকডাউন ঘোষণা কৰিছিল৷ তাৰ দুদিন পূৰ্বে অৰ্থাৎ ২১ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে এদিনৰ বাবে ২২ মাৰ্চত দেশজুৰি জনতা কাৰ্ফিউৰ আহ্বান জনাইছিল৷ তাৰ দুদিনৰ পাছতে যে তেওঁ লকডাউন ঘোষণা কৰিব সেয়া সাধাৰণ জনতাৰ বোধগম্য হোৱা নাছিল৷ দেশবাসীৰ পৰা তেওঁ ২১ দিনৰ সময় বিচাৰিছিল আৰু সেই ২১ দিনত কুৰুক্ষেত্ৰৰ যুদ্ধ ১৮ দিনত শেষ হোৱাৰ দৰে ক’ভিড যুদ্ধত তেওঁ বিজয়ী হ’ব বুলি দেশবাসীক আশ্বাস দিছিল৷ কিন্তু লকডাউন একেৰাহে ৬৮ দিন অব্যাহত থাকিল, ক’ভিড শেষ নহ’ল৷ বিগত পাঁচ মাহত ক’ভিডৰ সংক্ৰমণ ক্ৰমাৎ কমি আহিলেও এতিয়া পুনৰ ক’ভিডৰ সংক্ৰমণ তীব্ৰগতিত দেশজুৰি বাঢ়ি আহিছে৷ শেহতীয়াকৈ যোৱা এটা সপ্তাহত দৈনিক ৪০-৪৭ হাজাৰকৈ দৈনিক সংক্ৰমণ হৈছে৷ এনে পৰিস্থিতিত বাধ্য হৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ নতুন ক’ভিড বিধি জাৰি কৰিবলৈ বাধ্য হৈছে৷

নতুন ক’ভিড বিধিত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে তিনিটা ‘টি’ক গুৰুত্ব দিছে৷ টেষ্ট-ট্ৰেক-ট্ৰিট, অৰ্থাৎ প্ৰচুৰ পৰিমাণে ক’ভিডৰ পৰীক্ষা, ক’ভিড আক্ৰান্তক অহোপুৰুষাৰ্থ কৰি বিচাৰি উলিওৱা আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰা– এয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ নতুন ক’ভিড বিধিৰ মূলমন্ত্ৰ৷ প্ৰসংগতঃ বিগত কেইমাহমানত ক’ভিডৰ সংক্ৰমণ কমি অহাৰ বাবে আৰু যোৱা ১৬ জানুৱাৰীৰ পৰা টিকাকৰণ অভিযান আৰম্ভ হোৱাৰ বাবে সাধাৰণ জনতাই ক’ভিড বিধি পালনত অৱহেলা আৰম্ভ কৰিছিল৷ অৱশ্যে চৰকাৰী বিষয়া আৰু ৰাজনৈতিক নেতা-কৰ্মী, মন্ত্ৰী-বিধায়ক-সাংসদেও ক’ভিড বিধিৰ চৰম উলংঘা প্ৰদৰ্শন কৰিছিল৷ ক’ভিডৰ পৰীক্ষা প্ৰায় নোহোৱা হৈ পৰিছিল৷ যিহেতু ক’ভিড অতিমাৰী দেশৰ পৰা শেষ হোৱা নাই, বৰং নতুন ষ্ট্ৰেনৰ জৰিয়তে ই অধিক শক্তিশালীহে হৈছে সেয়ে কেন্দ্ৰীয় চৰকাৰে পুনৰ কঠোৰভাৱে ক’ভিড বিধি পালন কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক নিৰ্দেশ জাৰি কৰিছে৷ এই নিৰ্দেশৰ অধীনত প্ৰয়োজনবোধ কৰিলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰ আৰু প্ৰশাসনে স্থানীয়ভাৱে লকডাউন ঘোষণা কৰিব পাৰিব বুলি কোৱা হৈছে৷ ইয়াৰ লগতে অন্যান্য ক’ভিড বিধি পূৰ্বৰ দৰে কঠোৰভাৱে পালন কৰাৰ উপৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰে টিকাকৰণ অভিযান কাৰ্যকৰীভাৱে পৰিচালনা কৰিব লাগিব বুলিও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷