Logo
image

এইকেইটা কাম কৰি মহাদেৱৰ আশীৰ্বাদ লওক

ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত সোমবাৰৰ যথেষ্ট গুৰুত্ব আছে ৷ এই দিনটো ভগৱান শিৱৰ নামত উৎসৰ্গিত ৷ এই দিনটোত মহাদেৱৰ উপাসনা কৰি ভক্তই তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰে৷ শুদ্ধ মনেৰে আৰাধনা কৰিলে ভক্তৰ প্ৰতি সোনকালে সন্তুষ্ট হয় মহাদেৱ৷ এই দিনটোত বগা কাপোৰ পিন্ধাটোও শুভ বুলি গণ্য কৰা হয় ৷ যদি সম্ভৱ হয়, এই দিনটোত এবাৰ মন্দিৰো দৰ্শন কৰিব লাগে৷ সোমবাৰৰ দিনটোত কেইটামান বিশেষ কাম কৰিলে মহাদেৱ সন্তুষ্ট হয়৷ কি কাম কৰিলে আৰু দান কৰিলে মহাদেৱ সন্তুষ্ট হয় জানো আহক-

দৰিদ্ৰক সহায়ঃ দৰিদ্ৰক সহায় কৰিলে ভগৱান শিৱ সন্তুষ্ট হয়৷ প্ৰয়োজনীয় খাদ্য সামগ্ৰী বা বস্ত্ৰ বা দৰিদ্ৰজনৰ প্ৰয়োজনত অহা যিকোনো বস্তু দান কৰিলে ভগৱান শিৱ সোনকালে সন্তুষ্ট হয়৷

কুকুৰক খাদ্য: কুকুৰক মৰম কৰি বা খাদ্য খুৱালেও ভগৱান শিৱ সন্তুষ্ট হয়৷ কুকুৰ হৈছে শিৱৰ আন এক অৱতাৰ কাল ভৈৰৱৰ বাহন৷ গতিকে কুকুৰক সেৱা কৰা মানে ভগৱান শিৱক সেৱা কৰা হয়৷



গাখীৰঃ সোমবাৰে দুখীয়া লোকক গাখীৰ দান কৰাটো শুভ বুলি গণ্য কৰা হয়। কিয়নো ভগৱান শিৱক গাখীৰেৰে অভিষিক্ত কৰা হয়। সেয়েহে, এই দিনটোত দৰিদ্ৰ লোকক গাখীৰ দান কৰি জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনিব পাৰে।

পায়সঃ সোমবাৰৰ দিনটোত চাউল আৰু গাখীৰেৰে তৈয়াৰ কৰা পায়স বা ক্ষীৰ দান কৰাটোও অতি শুভ। ক্ষীৰ দান কৰিলে জীৱনত সফলতাৰ ক্ষেত্ৰত থিয় হোৱা হেঙাৰ দূৰ হয়।

বগা কাপোৰঃ সোমবাৰে দৰিদ্ৰ ব্যক্তিক বগা ৰঙৰ কাপোৰ দান কৰাটোও খুব ভাল। ইয়াৰ ফলত সুস্বাস্থ্য বৰ্তি থকাৰ লগতে জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধিৰ আগমন হয়। 

প্ৰতি সোমবাৰে শিৱ মন্দিৰলৈ গ'লে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি৷ লগতে দৰিদ্ৰক সহায় কৰি বা খাদ্য সামগ্ৰী যেনে- ফল, মিঠাই, অন্যান্য খাদ্য তথা ধন দান কৰিব পাৰে। এনে কৰিলে মহাদেৱ সন্তুষ্ট হ'ব আৰু আপুনি তেওঁৰ আশীৰ্বাদপ্ৰাপ্ত হ'ব।