নৱমীলৈকে বৰষুণে সেমেকাব পূজা
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৭ অক্টোবৰ : বংগোপ সাগৰত শেহতীয়াভাৱে সৃষ্টি হোৱা ঘূৰ্ণী বতাহ আৰু নিম্নচাপৰ বাবে বিগত পাঁচদিন ধৰি অসমকে ধৰি উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ বেছিভাগ ঠাইতে পাতলীয়া বৰষুণ আৰু কিছু কিছু ঠাইত গাজনী, ঢেৰেকনিৰ সৈতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈ আছে৷ আনকি আগন্তুক প্ৰায় এটা সপ্তাহ ধৰি বতৰ অপৰিবৰ্তনীয় হৈ থাকিব বুলি দেওবাৰে সন্ধিয়া সতৰ্কতা জাৰি কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷ বাংলাদেশ, আৰু মেঘালয় সীমান্তৰ অসমৰে সংলগ্ন অঞ্চল সমূহৰ বেছিভাগ ঠাইতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে৷ দেওবাৰে সন্ধিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আগন্তুক এটা সপ্তাহ ধৰি গুৱাহাটীকে ধৰি অসমৰ আকাশ সামগ্ৰিক ভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে কম - বেছি পৰিমাণে বৰষূণ হব৷ ইয়াৰ মাজতে কিছু কিছু ঠাইত মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাৰো আশংকা ব্যক্ত কৰা হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বংগোপ সাগৰৰ সাগৰীয় উপকূলত প্ৰায় এটা সপ্তাহ পূৰ্বে সৃষ্টি হোৱা বতৰৰ পৰিঘটনাৰ পহিলা অক্টোবৰৰ পৰা দক্ষিণ বাংলাদেশৰ আকাশৰে সাগৰপৃষ্ঠৰ পৰা মাত্ৰ ৯০০ মিটাৰ ওপৰেৰে মেঘ অসমসহ উত্তৰ পূব অভিমুখে গতি কৰিছিল৷ ইয়াৰ ফলত ২ অক্টোবৰৰ দিনা নিশাৰে পৰা অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ আকাশ বেছিভাগ সময় ডাৱৰীয়া হৈ থকাৰ লগতে গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম - বেছি পৰিমাণে বৰষুণ হৈ আছে৷ দেওবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ পূব ভাৰতৰ ভিতৰতে সৰ্বাধিক ১৫ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছিল মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ তুৰাকে ধৰি গাৰো পাহাৰৰ আটাইকেইখন জিলাতে৷ যাৰ বাবে গাৰো পাহাৰ জিলাৰ লগতে থকা অসমৰ গোৱালপাৰা জিলাত গাজনী, ঢেৰেকনিৰ সৈতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষূণ হৈছে৷ অসমৰ ভিতৰত দেওবাৰে ধূপধাৰা, দুধনৈকে ধৰি গাৰো পাহাৰ জিলাৰ লগতে লাগি থকা গোৱালপাৰা জিলাত গড় হিচাপত সৰ্বাধিক ৮ ৰ পৰা ১০ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে৷ অৱশ্যে এই সময়চোৱাত গুৱাহাটীত হোৱা গড় বৰষুণৰ পৰিমাণ আছিল ৩ ছেণ্টিমিটাৰ৷
বতৰ বিজ্ঞানৰ ভাষাত ৬.৫ ছেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ বা প্ৰবল বৃষ্টিপাত হোৱা বুলি কোৱা হয়৷ বতৰ বিজ্ঞান কেন্দ্ৰই অহা এটা সপ্তাহলৈকে অপৰিবৰ্তনীয় হৈ থাকিব বুলি আশংকা প্ৰকাশ কৰাৰ পাছত আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ নৱমীলৈকে পূজা বৰষুণে সেমেকাই ৰখাটো প্ৰায় নিশ্চিত হল৷ ইফালে দুৰ্গা পূজালৈ মাজতে মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত বৰষুণ হৈ থকা বাবে পূজাৰ যাৱতীয় প্ৰস্তুতিত বাধা আহি পৰিছে৷ দেওবাৰে বিয়লি বতৰ কিছু ফৰকাল হোৱাৰ পাছত উত্তৰ পূবৰ অন্যতম ব্যৱসায়িক কেন্দ্ৰস্থল ফাঁচীবজাৰত কাপোৰ কিনিবলৈ অহা মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ বতৰ বিজ্ঞান কেন্দ্ৰই আশংকা কৰা ধৰণে পুনৰ বৰষুম হয় তেন্তে আগন্তুক দুৰ্গা পূজাৰ কাৰ্য্যসূচী বাধাগ্ৰস্ত হোৱাটো নিশ্চিত৷ আনকি অষ্টমী আৰু নৱমীৰ সময়ত উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ঠাইত মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষূণ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়চোৱাত বৰষুণ হৈ থকাৰ মাজতে দেওবাৰৰ বিয়লিৰ দৰে মাজে সময়ে ৰদ ওলাব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে৷