Logo
image

২ গৱেষকলৈ চিকিৎসাৰ নোবেল

নতুন দিল্লী, ৮ অক্টোবৰ : চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে আমেৰিকাৰ দুই বিজ্ঞানী ভিক্টৰ এমব্ৰ'ছ আৰু গেৰী ৰুভকুনে৷ মাইক্ৰ’ আৰ এন এ-ৰ উদ্ভাৱন আৰু কেঞ্চাৰ আদিৰ দৰে গুৰুতৰ ৰোগত জিনৰ ভূমিকা সম্পৰ্কে চলোৱা গৱেষণাৰ বাবে এই দুই চিকিৎসা বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা৷ তেওঁলোক দুয়ো লাভ কৰিব ৮.৩ কোটি টকা৷ উল্লেখ্য যে ভিক্টৰ এমব্ৰ'ছ  হৈছে এজন মাৰ্কিন বায়’লজিষ্ট৷ তেওঁ মাইক্ৰ আৰ এন এ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈছে৷


একেদৰে আনগৰাকী নোবেল প্ৰাপক আমেৰিকাৰ মলিকিউলাৰ বায়’লজিষ্ট গেৰী ব্ৰুছ ৰুভকুন হৈছে মেচাছুচেটছ জেনেৰেল হাস্পতাল তথা হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অধ্যাপক৷আজি ছুইডেনৰ ৰাজধানী ষ্টকহমত স্থানীয় সময় অনুসৰি পুৱা ১১ বজাত চলিত বছৰৰ প্ৰথমটো নোবেল পুৰস্কাৰ ঘোষণা কৰা হয়৷ সেই অনুসৰি মাইক্ৰ’ আৰ এন এ আৱিষ্কাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভিক্টৰ এমব্ৰ'ছ আৰু গেৰী ৰুভকুনে চিকিৎসা বিজ্ঞানৰ নোবেলেৰে বিভূষিত কৰা হয়৷