Logo
image

ৰাজ্যত ৪৪৭টালৈ বৃদ্ধি পাব ট্ৰাইবেল বেল্ট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰ : ৰাজ্যত ট্ৰাইবেল বেল্ট, ব্লকৰ সংখ্যা বৰ্তমানৰ ৪৭টাৰ পৰা ৪৪৭টা বা ইয়াতকৈও অধিক বৃদ্ধি পাব পাৰে৷ ৰাজ্যত ট্ৰাইবেল বেল্ট ব্লক বৃদ্ধিৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ট্ৰাইবেল বেল্ট, ব্লকৰ পৰা বাদ পৰি ৰোৱা অনুসূচিত জাতি, জনজাতিৰ গাঁওসমূহ চিনাক্ত কৰি ৩০ অক্টোবৰৰ ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী কমিটীক দায়িত্ব দিছে৷ ইতিমধ্যে ট্ৰাইবেল সংঘই শদিয়াৰ পৰা ধুবুৰীলৈ বাদ পৰি ৰোৱা ২,৫০০খন অনুসূচিত  জাতি জনজাতিৰ গাঁৱৰ তালিকা ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিছে৷ আৰু অধিক গাঁও চিনাক্তকৰণৰ বাবে অধ্যয়ন অব্যাহত ৰাখিছে৷ ৰাজ্যত বৰ্তমানৰ ট্ৰাইবেল বেল্ট ব্লকৰ সংখ্যা বৰ্তমানৰ ৪৭টাৰ পৰা ৪৪৭টা বা অনিৰ্দিষ্ট সংখ্যালৈ বৃদ্ধি পাব পাৰে বুলি মন্তব্য কৰি সদৌ অসম ট্ৰাইবেল সংঘৰ মহাসচিব আদিত্য খাখলাৰীয়ে এনেদৰে কয়– ‘ইতিমধ্যে অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায় সংযোজন কৰি ১৯৪৭ চনৰ পৰা আজিৰ তাৰিখলৈকে অসমত ৪৭টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল৷ ইয়াৰে ৩০ টা ব্লক আৰু ১৭টা বেল্ট৷ ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ সময়ত বহু জনজাতীয় গাঁও আৰু অনুসূচিত জাতিৰ গাঁও ইয়াৰ আওতাৰ পৰা বাহিৰত থাকি গ’ল৷ যাৰ কাৰণে জনজাতি বা অনুসূচিত জাতিৰ গাঁও বিলাক আজিৰ তাৰিখত সুৰক্ষিত নহয়৷ সেই কাৰণে সদৌ অসম ট্ৰাইবেল সংঘ আৰু অসমৰ জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে চৰকাৰক দাবী জনাইছিলো যে নতুনকৈ আৰু ট্ৰাইবেল বেল্ট, ব্লক গঠন কৰিব লাগে৷ ক্ষুদ্ৰ ট্ৰাইবেল বেল্ট ব্লক গঠন কৰিব লাগে৷ আমি এই দাবী জনোৱাৰ পৰিপ্ৰেক্ষিটতত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে এটা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰে৷


সেই সিদ্ধান্ত মৰ্মে বৰ্তমানৰ ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত ৰৈ যোৱা ট্ৰাইবেল আৰু অনুসূচিত গাঁও বিলাকত সামৰি নতুন নতুন ক্ষুদ্ৰ ক্ষুদ্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিব৷ এইটো খুব ভাল পদক্ষেপ৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভূমি সুৰক্ষিত হ’ব৷ নতুন বেল্ট-ব্লক চিনাক্তকৰণৰ বাবে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন আৰু জনজাতি পৰিক্ৰমা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে ট্ৰাইবেল সংঘৰ এলানি আলোচনা যোৱা ২৭ ছেপ্টেম্বৰত হৈ গৈছে৷ সেইখন সভাতে আমি সংঘৰ তৰফৰ পৰা কিছু সময় লৈছো৷ ৩০ অক্টোবৰলৈকে আমি সময় লৈছো৷ আমি নতুনকৈ বেল্ট, ব্লকত অন্তৰ্ভুক্ত কৰিবলগীয়া গাঁৱৰ তালিকা চৰকাৰৰ ওচৰত দাখিল কৰিম৷ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ৩০০-৪০০ হ’ব পাৰে৷ বৰ্তমান আছে ৪৭, সেইটো বৃদ্ধি হৈ হয়তো ৪৪৭ টা হ’বগৈ পাৰে৷ আমাৰ তৰফৰ পৰা চৰকাৰক ২,৫০০খন গাঁৱৰ তালিকা ইতিমধ্যে জমা দিছো৷ এই তালিকা বিলাক ৰাখি ফাইন টিউনিং কৰিম৷ ক’ত বেল্ট হ’ব, ক’ত ব্লক হ’ব সেয়া নিৰ্ধাৰণ কৰিম৷ ৩০ অক্টোবৰত আমি অসম চৰকাৰক এই সন্দৰ্ভত সমগ্ৰ তথ্য দাখিল কৰিম৷ আমাৰ মূল দাবীয়েই হৈছে ৰাজ্যত আৰু ট্ৰাইবেল বেল্ট, ব্লক গঠন কৰা৷ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি যাতে ভূমি লোভী বহিৰাগত গোষ্ঠীয়ে দখল কৰিব নোৱাৰে৷ পুজিপতি সকলে যাতে সহজ সৰল জনজাতীয় লোকৰ ভূমি বিভিন্ন কৌশলেৰে হস্তগত কৰিব নোৱাৰে৷ ২০০৬ চনৰ বন অধিকৰণ আইন অনুসৰি যিসকল জনজাতি মানুহে ইতিমধ্যে ভূমিৰ অধিকাৰ লাভ কৰিছে তেওঁলোককো সামৰি আমি ট্ৰাইবেল বেল্ট, ব্লক গঠন কৰিবলৈ দাবী জনাইছো৷ চাৰি-পাঁচখন গাঁও একেলগে থাকিলে বেল্ট হ’ব, অকলে কোনো গাঁও থাকিলে সেইখনো এটা মাইক্ৰ’ ব্লক হ’ব পাৰে৷ প্ৰস্তাবটো আমি দাখিল কৰিম, চৰকাৰে নিশ্চয় খৰতকীয়া ব্যৱস্থা হ’ব বুলি আমি আশাবাদী৷’ লক্ষণীয় যে ৰাজ্যৰ জনজাতীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও আজি ট্ৰাইবেল সংঘৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যত নতুনকৈ ট্ৰাইবেল বেল্ট ব্লক গঠনত সেউজ সংকেত দিয়ে৷