Logo
image

ভোটৰ পাছতেই ‘কা’ বলৱৎ

আমাৰ অসম, ২৪ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ পিছতে বলবৎ হ’ব ‘কা’৷ আখৰে আখৰে বলবৎ কৰা হ’ব ‘কা’৷ মঙলবাৰে এই কথা স্পষ্ট কৰি দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’ উন্মোচন অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে ভূমি জিহাদ আৰু লাভ জিহাদ সম্পৰ্কতো আইন প্ৰণয়ন কৰা হ’ব বুলি প্ৰকাশ কৰে৷ ইয়াৰ বাহিৰে বিজেপিয়ে গতানুগতিক প্ৰতিশ্ৰুতিৰে প্ৰকাশ কৰে অসম বিধানসভা নিৰ্বাচন-২০২১ অৰ নিৰ্বাচনী ইস্তাহাৰ৷ কংগ্ৰেছে পাঁচটা গেৰাণ্টি দি দিছপুৰ দখল কৰাৰ সংকল্প গ্ৰহণ কৰাৰ বিপৰীতে বিজেপিয়ে ১০টা গেৰাণ্টি দি দিছপুৰ পুনৰ দখল কৰাৰ সংকল্প লয়৷ লাভ জিহাদৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সৰৱ ভূমিকা গ্ৰহণ কৰি অহা বিজেপিৰ এইবাৰ সংকল্প পত্ৰত ভূমি জিহাদ নিৰ্মূল কৰিবলৈ নীতি আৰু আইন প্ৰৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ উল্লেখ্য, ৰাজ্য বিজেপি আৰ এছ এছে সত্ৰ নামঘৰৰ ভূমি এটা বিশেষ ধৰ্মৰ লোকে বেদখল কৰি অহা বুলি দাবী কৰি আহিছে৷ এনে ভূমি বেদখল বন্ধ কৰিবলৈ ভূমি জিহাদ নিৰ্মূল আইন প্ৰণয়নৰ প্ৰতিশ্ৰুতি দিয়ে বিজেপিয়ে৷ বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰি নাড্ডাই আৰু কয়–১৫ বছৰীয়া শাসন কালত অসমৰ বিকাশৰ গতি স্থবিৰ হৈ গৈছিল৷ বিজেপিৰ ৫ বছৰীয়া শাসনকালত অসমৰ উন্নয়নৰ গতি লাভ কৰিছে৷ ‘কা’ক লৈ কংগ্ৰেছে অসমবাসীক বিভ্ৰান্ত কৰিব বিচাৰিছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা এখন আইন ৰাজ্য চৰকাৰে বন্ধ কৰিব নোৱাৰে৷ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কাম চলি থকা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে দাবী কৰিছে৷ অৱশ্যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়ে উচ্ছস্তৰীয় কমিটীৰ প্ৰতিবেদনখনেই ল’বলৈ আহৰি পোৱা নাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কোনো এজন প্ৰতিনিধিয়ে৷ এতিয়াও দিছপুৰতে পৰি আছে উক্ত প্ৰতিবেদন৷ উল্লেখ্য, বিজেপিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দিছিল বিচিত্ৰ প্ৰতিশ্ৰুতি৷ তাৰ ভিতৰত ৮০ শতাংশ প্ৰতিশ্ৰুতিয়ে অসাৰ হৈ ৰ’ল৷ ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ‘ভিজন ডকুমেণ্ট’ নামৰ নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তি আখৰে আখৰে পালনৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু উক্ত প্ৰতিশ্ৰুতি সমূহৰ ৯০ শতাংশই ৰূপায়ণ নহ’ল৷ আনকি মূল ইচ্ছু বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত ইউ টাৰ্ণ মাৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা অবৈধ নাগৰিকহে নাগৰিকত্ব প্ৰদান কৰিবলৈ ‘কা’ বলবৎ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ ২০২১ অৰ সংকল্প পত্ৰৰ প্ৰতিশ্ৰুতি কি হয় তাৰ ওপৰত নজৰ দিব ভোটাৰ সকলে৷

কি আছে সংকল্প পত্ৰত

অসমৰ জনগণক বানৰ বিভীষিকাৰ পৰা মুক্ত কৰা হ’বঃ বছৰি বিভীষিকাময় বানপানীৰ ফলত হোৱা জীৱন-জীৱিকা-সম্পত্তিৰ বিস্তৰ ক্ষয়-ক্ষতিৰ পৰা অসমৰ জনগণক মুক্ত কৰাৰ নিমিত্তে আমি আৰম্ভ কৰা হ’ব ‘মিছন ব্ৰহ্মপুত্ৰ’৷ এক বহুমুখী কৌশলপূৰ্ণ পৰিকল্পনাৰে আমি এই অভিযান সম্ভৱ কৰি তোলা হ’ব৷ তদুপৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ অতিৰিক্ত জলৰাশিক সংৰক্ষণ কৰাৰ বাবে নিৰ্মাণ কৰা হ’ব বিশাল জলাধাৰ৷

অৰুণোদয় আঁচনিৰ মাহিলী ৰাশি ৩,০০০ টকা পৰ্যন্ত বৃদ্ধিৰ জৰিয়তে অসমৰ মহিলাসকলক শক্তিশালী কৰি তোলা হ’বঃ আমি অৰুণোদয় আঁচনিৰ যোগেদি অসমৰ যোগ্য ৩০ লাখ পৰিয়ালক সামৰি লোৱা হ’ব৷

নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষাঃ আমি সত্ৰৰ ভূমি আৰু জনজাতীয় উপাসনাস্থলী অবৈধ বেধখলকাৰীৰ পৰা পুনৰ উদ্ধাৰ কৰিবলৈ এটা ‘টাস্ক ফ’ৰ্চ’ গঠন কৰা হ’ব৷ তদুপৰি সকলো নামঘৰ আৰু জনজাতীয় উপাসনাস্থলীলৈ ২.৫ লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়াই এই সমূহ সুদৃঢ় কৰাৰ লগতে সত্ৰৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব৷

অসমৰ শিশুসকলকৰ এক উজ্বল ভৱিষ্যৎ নিশ্চিত কৰি তোলা হ’বঃ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিখন শিক্ষানুষ্ঠানত সকলো শিশুক বিনামূলীয়া শিক্ষাদানৰ বাবে আমি ‘শিশু উন্নয়ন অভিযান’ আৰম্ভ কৰা হ’ব৷

সংশোধিত এন আৰ চিৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলা হ’বঃ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্দেশিত নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীকৰণ ব্যৱস্থাৰ শৃংখলাকৃত ৰূপত সংশোধন আৰু সকলো বিবাদৰ সমাপ্তি প্ৰক্ৰিয়াৰ উদ্যোগ হাতত লোৱা হ’ব যাতে ভাৰতৰ প্ৰকৃত নাগৰিক সকলৰ সুৰক্ষা নিশ্চিত হয় আৰু সকলো অবৈধ প্ৰব্ৰজনকাৰীৰ নাম তালিকাৰ পৰা বহিৰ্ভুক্ত কৰিব পৰা যায়৷

সমষ্টি সীমা নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰা হ’বঃ অসমবাসীৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰিবলৈ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনেৰে অসমক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা হ’বঃ অসমক অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে ‘অসম আহাৰ আত্মনিৰ্ভৰতা আঁচনি’ৰ জৰিয়তে প্ৰযুক্তি, আৰ্থিক আৰু প্ৰশাসনিক সহযোগিতাৰে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিশেষকৈ মীন, পক্ষীধন, গাহৰি আৰু উদ্যানশস্যৰ ক্ষেত্ৰত অসমক অহা ৫ বছৰৰ ভিতৰত সুনিশ্চিতভাৱে আত্মনিৰ্ভৰ কৰাৰ এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে যথাসম্ভৱ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব৷

অসমক ভাৰতৰ ভিতৰত দ্ৰুত কৰ্ম সংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলা হ’বঃ আমি অসমৰ যুৱ প্ৰজন্মৰ বাবে দুই লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ ভিতৰত ৰ লাখ চাকৰি ৩১ মাৰ্চ, ২০২২ৰ ভিতৰত প্ৰদান কৰা হ’ব৷

অসমক ভাৰতৰ ভিতৰত আটাইতকৈ উদ্যমিত সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলা হ’বঃ ‘স্বয়ম’ আঁচনিৰ যোগেদি ১০ লাখ যুৱ উদ্যমী সৃষ্টি কৰা হ’ব৷ পৰৱৰ্তী পাঁচ বছৰত দুই লাখ যুৱকক প্ৰতিবছৰে সহযোগিতা অসমৰ নাগৰিকক ভূমি অধিকাৰ প্ৰদানেৰে সবল কৰি তোলা হ’ব৷