Logo
image

মাথোঁ গুৱাহাটীতেই ৭৫০ পূজা মণ্ডপ

‘আমাৰ অসম’ৰ গুৱাহাটী প্ৰতিবেদক, ৯ অক্টোবৰ : ধৰ্মীয় পৰম্পৰা তথা বৈদিক ৰীতি- নীতিয়ে ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা৷ ইতিমধ্যে মা দুৰ্গাৰ প্ৰতীমাত শেষ পৰশ দিছে মৃন্ময় শিল্পীয়ে৷ ৰাজ্যজুৰি পূজাৰ উদ্যোক্তা তথা আয়োজকসকলেও আটক ধুনীয়াকৈ সজাই তুলিছে পূজাৰ মণ্ডপসমূহ৷ শতবৰ্ষ গৰকা পূজাৰ পৰা ব্যক্তিগতভাৱে আয়োজন কৰা পূজালৈ সকলোৱে এতিয়া দেৱী মা দুৰ্গাক আদৰাত ব্যস্ত হৈ পৰিছে৷ অৱশ্যে  দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তৰ বৰষুণৰ বাবে বতৰে কিছু বিধি-পথালি দিছিল যদিও ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া সকলোৰে পূজাৰ আনন্দোৎসৱত ব্যস্ত হৈ পৰা দেখা গৈছে৷ লক্ষণীয়ভাৱে পূৰ্বৰ তুলনাত অসমত এইবাৰ পূজা আয়োজকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত সৰ্বাধিক প্ৰায় ৭৫০খন সৰু বৰ পূজা আয়োজন কৰিছে৷ গুৱাহাটীৰ পূজাসমূহৰ ৬৪৯খন পূজাই ইতিমধ্যে তিনি বছৰৰ সম্পূৰ্ণ কৰিছে৷  তিনিবছৰৰ চৰ্ত পূৰণ কৰা কামৰূপ মহানগৰ জিলাৰ উক্ত ৬৪৯খন পূজা কমিটীক মঙলবাৰে জিলা প্ৰশাসনে ১০ হাজাৰ টকাকৈ বিত্তীয় অনুদান আগবঢ়ায়৷ অৱশ্যে চৰকাৰী সাহাৰ্য্য বাবে চৰ্ত পূৰণ নকৰা বা আৰ্থিক অনুদানৰ বাবে আবেদন নকৰা আৰু ব্যক্তিগতভাৱে অনুষ্ঠিত কৰা অতিৰিক্ত প্ৰায় ১০০ খন পজা গুৱাহাটী মহানগৰীত আয়োজন কৰাৰ কথা প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিছে৷ অৰ্থাৎ গুৱাহাটী মহানগৰীত চৰকাৰী অনুদান লাভ কৰা ৬৪৯খন পূজাকে ধৰি মুঠ প্ৰায় ৭৫০ খন সৰু-বৰ পূজাৰ আয়োজন কৰিছে৷


বিগত বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে ৩বছৰ পূৰণি পূজা কমিটীসমূহক ১০হাজাৰ টকাকৈ অনুদান প্ৰদানৰ আঁচনি আৰম্ভ কৰিছিল৷ বিগত ২০২৩ বৰ্ষত চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ মুঠ ৬,৯৫৩খন পূজা সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰিছিল৷ এইবাৰ চৰকাৰী  সাহায্য লাভ কৰা পূজা সমিতিৰ সংখ্যা কিছু বৃদ্ধি পোৱা বুলিও দিছপুৰৰ সূত্ৰই সদৰী কৰিছে৷ গুৱাহাটী বিপৰীতে কামৰূপ জিলাত ৮৫ খন পূজা সমিতিক সোমবাৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰশাসনৰ হৈ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে৷ ইফালে মঙলবাৰে গুৱাহাটী অনুষ্ঠিত প্ৰশাসনৰ সাহাৰ্য বিতৰণৰ অনুষ্ঠানত  কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ কাৰ্যালয়ৰ কক্ষত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জিলা আয়ুক্তৰ উপস্থিতিত মহানগৰৰ তিনিখন পূজা কমিটীলৈ আনুষ্ঠানিকভাৱে অনুদান আগবঢ়ায়৷ একেদৰে নিউ গুৱাহাটী সমজিলাত পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সমজিলা আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজৰ উপস্থিতিত, দিছপুৰ সম-জিলাতদিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই সমজিলা আয়ুক্ত মনজিৎ বৰকাকতিৰ উপস্থিতিত, ডিমৰীয়া সমজিলাত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াৰ উপস্থিতিত আৰু জালুকবাৰী সমজিলাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে সমজিলা আয়ুক্ত ড॰ জীৱনকৃষ্ণ গোস্বামীৰ উপস্থিতিত অনুদান আগবঢ়ায়৷