গুৱাহাটীৰ মণ্ডপে মণ্ডপে মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১০ অক্টোবৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দুপৰীয়াৰ পৰা সন্ধিয়াপৰ্যন্ত গুৱাহাটীৰ কেইবাখনো দুৰ্গা পূজাথলী ভ্ৰমণ কৰি দেৱীৰ আশিস বিচাৰে৷ সমষ্টি পুনৰগঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা আজাৰা আৰু জালুকবাৰী থানা এলেকাৰ ১৬খন পূজাস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰ মাজত যাৱতীয় পূজা-অৰ্চনা কৰি দেৱীৰ আশিস গ্ৰহণ কৰে৷ পৱিত্ৰ ষষ্ঠী পূজাৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে দুপৰীয়া ১২.৩০বজাত ধাৰাপুৰ তালুক কমিটীৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা আজাৰা থানা এলেকাৰ ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত উপস্থিত হৈ বৈদিক ৰীতি-পৰম্পৰাৰে পূজা-অৰ্চনা আগবঢ়ায়৷ ইয়াৰ পাছত ধাৰাপুৰ তালুক কমিটীৰ তৰফৰপৰা মুখ্যমন্ত্ৰী ড॰ শৰ্মাক উষ্ম সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ পাছত তাৰপৰা কেইকিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা গড়ল তালুকৰ উদ্যোগত আয়োজন কৰা দুৰ্গা পূজা, আজাৰা ৰাজহুৱা সভাঘৰ, ৰাণী পাটগাঁও পুৰণা থান, সজ্জনপাৰা পূজাস্থলী, কাঁহিকুছি, ভি আই পি শ্যামভূমি, এয়াৰফোৰ্চ গেট, চিনে সংসাৰ কমপ্লেক্সত উপস্থিত হৈ দেৱীৰ আশিস গ্ৰহণ কৰাৰ লগতে উপস্থিত ৰাইজৰ লগত মত-বিনিময় কৰে৷ তাৰ পাছত জালুকবাৰী থানা এলেকাৰ লংকেশ্বৰৰ পশ্চিম জালুকবাৰী দুৰ্গা পূজা, পাণ্ডু-সদিলাপুৰ, সুন্দৰবড়ী, হৰিদেৱ নগৰ পূজাথলী, গাড়ীগাঁও নৱজ্যোতি ক্লাবৰ পূজাথলীত উপস্থিত হৈ দুৰ্গাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই পাদ্য অৰ্ঘ্য নিবেদন কৰে৷ প্ৰতিখন পূজাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজা উদ্যাপন সমিতিৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি শাৰদীয় দুৰ্গোৎসৱৰ শুভকামনা জ্ঞাপন কৰে৷ ইপিনে সাংবাদিকৰে হোৱা চমু বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– দুৰ্গতিনাশিনী মা দুৰ্গাই সমগ্ৰ ৰাজ্যবাসীক যাতে কুশলে ৰাখে, তাকেই কামনা কৰিছোঁ৷ উল্লেখ্য, বৃহস্পতিবাৰে মহা সপ্তমী পূজাৰ দিনা বতৰ ফৰকাল হৈ থাকিলে মুখ্যমন্ত্ৰী পুৱাৰ ভাগত গুৱাহাটীৰপৰা হেলিকপ্টাৰেৰে গৈ কোক্ৰাঝাৰ জিলাকে ধৰি বি টি আৰৰ কেইবাখনো পূজাথলীত উপস্থিত হোৱাৰ কথা৷
গুৱাহাটীৰ ৯৪৪টা উপ-পথত ১০ হাজাৰ বিজুলী বাতি
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা : গুৱাহাটী মহানগৰীক দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখলৈ ৰূপান্তৰ কৰাৰ অবিৰত প্ৰয়াসৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ চচলস্থিত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত স্মাৰ্ট এল ই ডি ষ্ট্ৰীট লাইট আৰু কেন্দ্ৰীভূত নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থাৰ প্ৰথমপৰ্যায়ৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য, এই প্ৰকল্পত সৰ্বমুঠ ৮৩.৯৬কোটি টকা ব্যয় হ’ব৷ ইয়াৰ জৰিয়তে ২০,৬৬৭১ ভিতৰত ১১,০০০প্লাছ বিদ্যুৎ ৰাহি কৰিবপৰা এল ই ডি স্মাৰ্ট ষ্ট্ৰীট লাইট স্থাপন কৰা হৈছে আৰু ১০,০০০বিজুলী-বাতি স্থাপনৰ জৰিয়তে ইতিমধ্যে ৯৪৪টা পথ উজ্বলাই তোলা হৈছে৷ তদুপৰি, বিজুলী-বাতি জ্বলোৱা/নুমোৱা/পোহৰৰ প্ৰাবল্য হ্ৰাস কৰাৰ বাবে ক্লাউড আধাৰিত প্ৰণালীৰে নিয়ন্ত্ৰণৰ সুবিধা থকাৰ লগতে দূৰ নিৰীক্ষণ, নিয়ন্ত্ৰণ আৰু পোহৰৰ প্ৰাবল্য হ্ৰাসৰ বাবে ৱেব আধাৰিত ব্যৱস্থাৰে সামৰি লোৱা হৈছে৷ আনহাতে, মাজনিশাৰ পাছত স্বয়ংক্ৰিয়ভাৱে বিজুলী-বাতিৰ পোহৰৰ প্ৰাবল্য হ্ৰাসৰ জৰিয়তে শক্তি সঞ্চয় আৰু ব্যয় হ্ৰাসৰ ব্যৱস্থা লোৱা হৈছে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চলৰ তমসা আঁতৰাই আলোকিত কৰিবলৈ যোৱা দুই-তিনি বছৰ ধৰি ৰাজ্য চৰকাৰে প্ৰয়াস চলাই আহিছে আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে ২০২৩চনত গুৱাহাটী পৌৰ নিগম আৰু অসম চৰকাৰৰ মাজত গুৱাহাটী ইউটিলিটী কৰ্প’ৰেশ্যন নামেৰে কোম্পানী গঠন কৰা হয়৷ এই কোম্পানীক অত্যাধুনিক ব্যৱস্থাৰে গুৱাহাটীৰ ষ্ট্ৰীট লাইট ব্যৱস্থাক সামৰি লোৱাৰ বাবে পদক্ষেপ ল’বলৈ কোৱা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে যাতে এটা কণ্ট্ৰ’ল ৰূমৰপৰা সকলো ষ্ট্ৰীট লাইট নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ ইয়াৰ বাবে ম’বাইল এপৰ ব্যৱস্থা কৰা হৈছে আৰু যি ঠাইত এনে ষ্ট্ৰীট লাইট বন্ধ হ’ব, সেই ঠাইৰপৰা ফটো লৈ জিঅ’ টেগ কৰি ম’বাইল এপলৈ পঠিয়াই দিলে লগে লগে ব্যৱস্থা লোৱা হ’ব আৰু সন্ধিয়া সময়ত পোহৰ বেছিকৈ দিবপৰাকৈ তথা নিশাৰ ভাগত পোহৰ কমাই অনা হ’ব৷ ইয়াৰ ফলত ৰাজহৰ ওপৰতো অধিক হেঁচা নাহিব বুলিও তেওঁ কয়৷ অত্যাধুনিক ব্যৱস্থা সংযোজিত কৰাৰ ফলত কন্ট ৰূমৰপৰা ইয়াক বন্ধ কৰিব পৰা যাব৷ এই ব্যৱস্থাৰে গুৱাহাটীত ২০,৬৬৭টা স্মাৰ্ট ষ্ট্ৰীট লাইট লগাব বিচৰা হৈছে৷ প্ৰথম পৰ্যায়ত ১১হাজাৰ ষ্ট্ৰীট লাইটৰ অনুমোদন দিয়া হৈছিল আৰু ইয়াৰে ১০হাজাৰ বিজুলী বাতি ইতিমধ্যে মহানগৰখনৰ ৯৪৪টা উপ-পথত সংলগ্ন কৰা হৈছে৷ তেওঁ লগতে কয় যে আজি চচলত এই ষ্ট্ৰীট লাইট উদ্বোধন কৰাৰ লগে লগে ১০হাজাৰ বিজুলী বাতি একেলগে জ্বলি উঠিছে৷ ইয়াৰ ফলত মহানগৰীবাসীৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে বুলিও তেওঁ কয়৷ গুৱাহাটী এখন অ-বিজ্ঞান সন্মতভাৱে গঢ়ি উঠা চহৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৭২চনত শ্বিলঙৰপৰা গুৱাহাটীলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ পাছত স্থায়ী ৰাজধানী এখন গঢ়ি উঠিব বুলি জনসাধাৰণে ভাবিছিল৷
কিন্তু এই অস্থায়ী ৰাজধানীয়ে লাহে লাহে স্থায়ী ৰূপ লয়৷ গুৱাহাটী মহানগৰীত জনসংখ্যাৰ অত্যধিক হেঁচাই নগৰীয়া পৰিকল্পনা ব্যৱস্থাটোক সম্পূৰ্ণৰূপে ধূলিস্যাৎ কৰি পেলালে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ছেটেলাইট চিটী গঢ়ি উঠিলে আৰু ইয়াকে ৰাজধানীলৈ ৰূপান্তৰিত কৰে৷ গুৱাহাটী মহানগৰীত আন্তঃগাঁথনি, বিভিন্ন কাৰ্যালয় গঢ়ি উঠিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে বহুদিন ধৰি গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে পুঁজি বিনিয়োগ হোৱা নাছিল৷ যোৱা কিছু বছৰৰপৰা ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ বিকাশৰ দিশত পদক্ষেপ লৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে মহানগৰীৰ বিভিন্ন স্থানত নতুন নতুন আন্তঃগাঁথনি নিৰ্মাণ হৈ উঠিছে৷ ইয়াৰ ফলত মহানগৰীৰ হেচা কিছু পৰিমাণে হ্ৰাস পাইছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে মহানগৰীৰ যাতায়াত ব্যৱস্থা সূচল হৈছে৷ পৰিৱেশৰ আজি গুণগত পৰিৱৰ্তন হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীৰ সংবদ্ধৰ্ন হোৱাৰ ফলত পাশ্বৱৰ্তী এলেকাতো আজি ফ্লেট নিৰ্মাণ হৈছে৷ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং, পলাশবাৰী-শুৱালকুছি দলং, নাৰেংগী-কুৰুৱাৰ মাজত দলং হোৱাৰ লগে লগে সমীপৱৰ্তী এলেকাসমূহ গুৱাহাটী মহানগৰীৰ অংশীদাৰ হৈ উঠিব৷ ইয়াৰ ফলত মূল গুৱাহাটীৰ ওপৰত হেঁচা হ্ৰাস পাব৷ গুৱাহাটীত অট’মেটিক ট্ৰেফিক ছিগনেল, স্মাৰ্ট লাইটৰ আৰম্ভণিৰ লগতে আগন্তুক ৰজানুৱাৰীৰপৰা বহু প্ৰতীক্ষিত গুৱাহাটীত চিচি কেমেৰা সংস্থাপনৰ শুভ উদ্বোধন কৰা হ’ব৷ পানী যোগান আঁচনিখন ১২বছৰ প্ৰতীক্ষাৰ অন্তত ২০২৪চনৰ ডিচেম্বৰত সমাপ্ত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত ডেৰ লাখ মানুহে পানীৰ সংযোগ ল’ব পাৰিব৷ ইয়াৰ পাছত ভৰলুমুখৰপৰা মালিগাঁৱলৈ আৰু দিছপুৰৰ বাকী থকা ৱাৰ্ডকেইটাতো পানী যোগান আঁচনি আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা লোৱা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে পৌৰ নিগমে অত্যাধুনিক জাৱৰ নিষ্কাশন প্ৰকল্প এটা আৰম্ভ কৰিছে আৰু ইয়াক গুৱাহাটীৰ বিভিন্ন ঠাইত স্থাপন কৰাৰ বাবেও ৰাজ্য চৰকাৰে প্ৰয়াস চলাব৷ তেওঁ লগতে কয় যে বহু পুৰণি সমস্যা ৰাজ্য চৰকাৰে সমাধান কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে সমূহ অসমবাসীলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে৷ আজিৰ এই অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, গুৱাহাটী ইউটিলিটি কোম্পানীৰ পৰিচালন সঞ্চালক মুগ্ধজ্যোতি মহন্ত প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকল তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷