Logo
image

গো মাংস ৰাষ্ট্ৰীয় খাদ্য!

বিজেপি প্ৰাৰ্থীৰ ঘোষণাত ক্ষুব্ধ হিন্দুত্ববাদীৰ থানাত গোচৰ

আমাৰ অসম, ২৪ মাৰ্চঃ নিৰ্বাচনী প্ৰচাৰৰ নামত নেতাসকল কিমান তললৈ নামিব পাৰে তাৰ সীমা নাই৷ এইবাৰ এজন বিজেপি প্ৰাৰ্থীয়ে বিজেপিৰ নীতি-আদৰ্শৰ বিৰুদ্ধে বক্তব্য দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে৷ বিজেপিয়ে গো-মাংসৰ বিৰোধিতা কৰি অহাৰ লগতে গো-মাতাক উপাস্য দেৱী জ্ঞান কৰি পূজা কৰি আহিছে৷ কিন্তু এইখন অসমতে বিজেপিৰ এজন প্ৰাৰ্থীয়ে গো-মাংস ৰাষ্ট্ৰীয় খাদ্য বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাত সৰ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিজেপি প্ৰাৰ্থীজনৰ এই বক্তব্যৰ বিৰুদ্ধে একাংশ হিন্দু সংগঠন জাঙুৰ খাই উঠাৰ লগতে বিজেপি প্ৰাৰ্থীজনৰ বিৰুদ্ধে থানাত এজাহাৰো দাখিল কৰিছে৷ হিন্দুত্ববাদী সংগঠনে মুছলমান সংখ্যালঘু ভোটাৰৰ তুষ্টিকৰণ কৰিবলৈ গৈ গৌৰীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে এখন নিৰ্বাচনী প্ৰচাৰ সভাত গো-মাংস ৰাষ্ট্ৰীয় খাদ্য বুলি অভিহিত কৰাৰ লগতে গো-মাংস অসমত বন্ধ নহয় বুলিও ঘোষণা কৰে৷ প্ৰাক্তন বি পি এফ বিধায়ক তথা সুবিধাবাদী নেতা হিচাপে পৰিচিত মুছাহাৰীৰ এই বক্তব্যই বিজেপিৰ ভিতৰচ’ৰাতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শনিবাৰে গৌৰীপুৰ সমষ্টিৰ এটা সংখ্যালঘু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ভাষণত কয়–আজি আমাৰ মুছলমান লোকসকলৰ মাজতো বহু শিক্ষিত মানুহ আছে৷ আপোনালোকে অলপ চিন্তা কৰকচোন৷ গো-মাংস আমি যে খাও, সেইটো কেনেকৈ বন্ধ হ’ব৷ গো-মাংস নেচনেল ফুড৷ মানে ৰাষ্ট্ৰীয় খাদ্য৷ ইণ্টাৰনেচনেল স্বীকৃতিপ্ৰাপ্ত এবিধ খাদ্য কেনেকৈ অসম বা ভাৰতত বন্ধ হ’ব৷ মিছা কথাবিলাক একাংশই কেনেকৈ ক’ব পাৰে৷’ গো-মাংসক ৰাষ্ট্ৰীয় খাদ্য বুলি অভিহিত কৰাৰ পাছতেই গৌৰীপুৰ অঞ্চলৰ একাংশ হিন্দু লোকে বিজেপি প্ৰাৰ্থীজনৰ বক্তব্যৰ বিৰোধিতা কৰাৰ লগতে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনায়৷ ইপিনে হিন্দুত্বাবাদী সংগঠন পূৰ্বাঞ্চল হিন্দু ঐক্য মঞ্চই বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ বিৰুদ্ধে মঙলবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰি প্ৰাৰ্থীজনৰ বিৰুদ্ধে আইন ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ তদুপৰি হিন্দুত্ববাদী সংগঠনটোৱে গো-মাংস ৰাষ্ট্ৰীয় খাদ্য বুলি কৈ বিজেপি প্ৰাৰ্থী মুছাহাৰীয়ে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ বক্তব্যৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলিও অভিযোগ কৰিছে৷ অৱশ্যে এই প্ৰতিক্ৰিয়াৰ পাছতেই মঙলবাৰে বিজেপি ৰাজ্যিক নেতৃত্বৰ হেঁচাত বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে সংবাদ মেল যোগে তেওঁৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰে৷ কিন্তু, বিজেপিৰ নীতি আদৰ্শ পৰিপন্থী বক্তব্য ৰখা এজন প্ৰাৰ্থীৰ বিৰুদ্ধে গো-মাংস ভক্ষণক লৈ সৰৱ ভূমিকা পালন কৰা বিজেপিয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷