Logo
image

২০ কোটি টকা, বিজেপিৰ মন্ত্ৰিত্বৰ প্ৰলোভন অখিলক

হাস্পতালৰ পৰাই অখিলৰ পত্ৰবোমা

আমাৰ অসম, ২৪ মাৰ্চঃ আৰক্ষীৰ জিম্মাত নৰক যন্ত্ৰণাৰ পাছতো আপোচ কৰা নাই অখিল গগৈয়ে৷–এই কথা আমি কোৱা নাই, কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিজেই এক পত্ৰবোমাৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে৷ মাওবাদীৰে সম্পৰ্ক থকা গোচৰত ‘নিয়া’ই গ্ৰেপ্তাৰ কৰা অখিল গগৈ বৰ্তমান জি এম চি এইচত চিকিৎসাধীন৷ ৰাজহাড়ৰ চি-৫ আৰু চি-৬ৰ হাড়ৰ ‘শ্লিপ ডিস্ক’ত ভুগি সম্প্ৰতি চিকিৎসাৰত অৱস্থাত আছে বন্দী কৃষক নেতাজন৷ কিছুদিন পূৰ্বে এখন চিঠিৰ জৰিয়তে অখিল গগৈয়ে কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰাৰ পাছতেই অখিল গগৈক বিজেপিৰ এজেণ্ট বুলিও একাংশই সমালোচনাৰ লক্ষ্য কৰি লৈছিল৷ এই সমালোচনাৰ প্ৰত্যুত্তৰ হিচাপে অখিলে মঙলবাৰে এক পত্ৰবোমা নিক্ষেপ কৰিছে৷ যি পত্ৰবোমা অৰ্থাৎ মুকলি  চিঠিত অখিল গগৈক চৰকাৰৰ বাহিনীয়ে কেনেকৈ শাৰীৰিক-মানসিক নিৰ্যাতন চলাইছে আৰু আৰ এছ এছত যোগ দিবলৈ কিদৰে হেঁচা প্ৰয়োগ কৰিছে তাত কৰুণ বিৱৰণ দাঙি ধৰিছে৷ হাস্পতালৰ বিচনাৰ পৰা নিজ হাতে লিখা চাৰি পৃষ্ঠাৰ চিঠিখনত অখিল গগৈয়ে উল্লেখ কৰা মতে–‘অখিল গগৈক চৰকাৰবিৰোধী সংগ্ৰাম ত্যাগ কৰি বিজেপিত যোগ দিলে অসমৰ যিকোনো এটা খালী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোৱাই মন্ত্ৰী পতাৰ বিস্ফোৰক প্ৰস্তাৱ দিছিল শাসক পক্ষই৷ ২০১৯ চনৰ ১৭ ডিচেম্বৰত যোৰহাট জে’লৰ পৰা গতিয়াই-ভুকুৱাই উলিয়াই আনি দুয়োখন হাত পিছলৈ কচি কচি ৰচিয়ে বান্ধি হেলিকপ্টাৰত তুলি ‘নিয়া’ আদালতৰ অনুমতি নোলোৱাকৈ  গোপনে দিল্লীলৈ লৈ গৈছিল অখিলক৷ দিল্লীৰ ‘নিয়া’ৰ লকআপত জেৰাৰ নামত ‘নিয়া’ৰ বিষয়াই কেৱল ৰাজনৈতিক পাঠহে দিছিল অখিল গগৈক৷ মুছলমানে কেনেকৈ দেশখন খালে, ‘কা’ৰ জৰিয়তে কেনেকৈ হিন্দু বাংলাদেশী আনি দেশ বচাব খোজা হৈছে, ‘কা’ বিৰোধিতা মানে মুছলমানৰ পক্ষ লোৱা আৰু দেশদ্ৰোহিতা বুলিহে ‘নিয়া’ৰ বিষয়াই বুজনি দিছিল কৃষক নেতাজনক৷ লক্ষণীয়ভাৱে, মাওবাদীৰে সম্পৰ্ক থকাৰ গোচৰত অখিলক গ্ৰেপ্তাৰ কৰিছিল যদিও জেৰাত অখিলক এবাৰলৈও মাওবাদী সন্দৰ্ভত কোনো প্ৰশ্নই সোধা নাছিল৷ আনকি মাওবাদীৰে গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়া নাছিল তদন্তকাৰী বিষয়াই৷ অখিলক ‘নিয়া’ৰ বিষয়াই আৰ এছ এছত যোগদান কৰিলে জামিন প্ৰদানৰ ব্যৱস্থা কৰি দিব বুলিও পলোভন দিছিল৷ ‘কা’ বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত ক্ষমা খুজিলে আৰু এন জি অ’ খুলি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণৰ বিৰোধিতাৰে অভিযান চলালে ২০ কোটি টকা আদায় দিয়াৰ টোপ দিছিল অখিল গগৈক৷ অখিলে এই সকলো প্ৰলোভনত ভৰি নিদিয়াৰ বাবেই ৰাষ্ট্ৰৰ ‘অবাধ্য নাগৰিক’ কৰি মুক্তিৰ সকলো পথ ৰুদ্ধ কৰি দিয়া হ’ল বুলিও পত্ৰখনত আক্ষেপ প্ৰকাশ কৰিছে৷ কৃষক নেতাজনে মাতৃভূমিৰ শপত খাই সাম্প্ৰদায়িক বিজেপিৰ পক্ষ কোনো দিনে নলয় বুলি উল্লেখ কৰি শেষ বিচাৰৰ দায়িত্ব ৰাইজৰ হাতত এৰি দিছে৷ চিঠিখনত অখিল গগৈয়ে ‘নিয়া’ৰ বিষয়াই চৰকাৰৰ প্ৰস্তাৱ মানি ল’লে তেওঁক অসমৰ মুখ্যমন্ত্ৰী আৰু এজন প্ৰভাৱশালী মন্ত্ৰীক লগ লগাই দিব বুলি প্ৰলোভন দিয়াৰ কথা প্ৰকাশ কৰিছে৷ অৱশ্যে অখিল গগৈয়ে চিঠিখনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ কথা কৈছে যদিও প্ৰভাৱশালী মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা নে আন কাৰোবাক ইংগিত দিছে, সেই কথা ৰাজহুৱা কৰাৰ পৰা বিৰত থকা বিষয়টোৱে আন এক ৰহস্যৰ সৃষ্টি কৰিছে৷