১৩ নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিত উপ-নিৰ্বাচন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ অক্টোবৰ : অসমৰ পাঁচটা বিধানসভা সমষ্টিকে ধৰি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে৷ অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ ১১ নং ধলাই, ৩১ নং চিদলী, ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ কেউটা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৫ অক্টোবৰ৷ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ২৮ অক্টোবৰত৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ অক্টোবৰ৷ ভোট গণনা হ’ব ২৩ নৱেম্বৰত৷ সেইদিনাই ফলাফল ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ৰাজ্যৰ পাঁচোটা বিধানসভা সমষ্টিত পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ বিধানসভা সমষ্টি মতেই হ’ব নিৰ্বাচন৷ কিয়নো ২০২১ চনৰ নিৰ্বাচনত জয়লাভ কৰি পৰিমল শুক্লবৈদ্য, জয়ন্ত বসুমতাৰী, ফণীভূষণ চৌধুৰী, ৰঞ্জিত দত্ত আৰু ৰকিবুল হুছেইনে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত খালী হৈছে উক্ত বিধানসভা সমষ্টিকেইটা৷
২০২৩ চনৰ আগষ্ট মাহতহে হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ৷ কাজেই পূৰ্বৰ সমষ্টি অনুসৰি অৰ্থাৎ পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ বিধানসভা সমষ্টিমতেই হ’ব উপ-নিৰ্বাচন৷ উল্লেখ্য, বিভিন্ন ৰাজ্যৰ ৪৮টা বিধানসভা আৰু ২টা লোকসভা সমষ্টিত দুটা পৰ্যায়ত হ’ব উপ-নিৰ্বাচন৷ উল্লেখ্য, ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পাছৰে পৰা খালী হৈ আছে পাঁচোটো বিধানসভা সমষ্টি৷ উক্ত বিধানসভা সমষ্টি কেইটাক প্ৰতিনিধিত্ব কৰি বিধায়ক হোৱা পৰিমল শুক্লবৈদ্য, জয়ন্ত বসুমতাৰী, ফণীভূষণ চৌধুৰী, ৰঞ্জিত দত্ত আৰু ৰকিবুল হুছেইনে লোকসভাৰ সদস্য নিৰ্বাচিত হৈ বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল৷ ইতিমধ্যে পাঁচোটা সমষ্টিত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ তৎপৰ হৈ পৰিছে শাসক-বিৰোধী উভয় শিবিৰ৷